--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নিশা ১২ বজাৰ পিছৰে পৰা বৃদ্ধি পাব দেশৰ জনতাৰ ভ্ৰমণ ব্যয়৷ বিশেষ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাায়াত কৰাসকলৰ বাবে আজি পৰি পৰিব অতিৰিক্ৰ খৰচৰ বোজা৷ কাৰণ? আজি নিশা ১২ বজাৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প ৰূপায়ণ গোটে (পিআইইউ) এক্সপ্ৰেছৱে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টোল কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। 

জানিব পৰা মতে ১ এপ্ৰিলৰ পৰা টোল গেটত কৰৰ  হাৰ ৫ৰ পৰা ১০  শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তুতি চলিছে। অৰ্থাৎ, আজি নিশা ১২ বজাৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱেত  গাড়ী চলোৱা ব্যয়বহুল হ'ব।

বৰ্তমান এক্সপ্ৰেছৱেত প্ৰতি কিলোমিটাৰত ২.১৯  টকা হাৰত টোল কৰ সংগ্ৰহ কৰা হৈছে। এয়া এতিয়া ১০ শতাংশ বৃদ্ধি কৰা হ'ব।  পথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ অনুমোদনৰ পিছত নতুন কৰৰ হাৰ  ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। 

গাড়ী আৰু লঘু বাহনৰ টোল কৰৰ  হাৰ ৫ শতাংশ বৃদ্ধি কৰা হ'ব, গধুৰ বাহনৰ বাবে টোল কৰ ১০  শতাংশ বৃদ্ধি হ'ব পাৰে। মন কৰিবলগীয়া যে বৰ্তমান প্ৰায় ২০  হাজাৰ বাহন দেশৰ এক্সপ্ৰেছৱেত দৈনিক চলাচল কৰি আছে। এক্সপ্ৰেছৱেত বাহনৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। এক সমীক্ষা  অনুসৰি অনাগত সময়ত প্ৰায় ৫০  ৰ পৰা ৬০  হাজাৰ বাহন দৈনিক এক্সপ্ৰেছৱেৰে পাৰ হ'ব।

উল্লেখ্য মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাক টোল গেটৰ কৰ বৃদ্ধিয়ে পুনৰ মাধমাৰ শোধাব৷ টোল গেটৰ কৰ বৃদ্ধিৰ লগে লগে ট্ৰাকেৰে সৰবৰাহ কৰা সামগ্ৰীৰো মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে৷ মানুহে এতিয়া  মুদ্ৰাস্ফীতিৰ আঘাতত বিধ্বস্ত হৈ পৰিছে৷  

শেহতীয়াকৈ ১ মাৰ্চত এলপিজিৰ বাণিজ্যিক আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য  বৃদ্ধি কৰা হৈছে। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ৫০ টকা কৈ বৃদ্ধি কৰা হৈছে আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ টকা বৃদ্ধি কৰা হৈছে।একেদৰে আজি মাজ নিশাৰে পৰাই দেশত দৰবৰো মূল্য বৃদ্ধি পাব৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?