--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নিশা ১২ বজাৰ পিছৰে পৰা বৃদ্ধি পাব দেশৰ জনতাৰ ভ্ৰমণ ব্যয়৷ বিশেষ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাায়াত কৰাসকলৰ বাবে আজি পৰি পৰিব অতিৰিক্ৰ খৰচৰ বোজা৷ কাৰণ? আজি নিশা ১২ বজাৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প ৰূপায়ণ গোটে (পিআইইউ) এক্সপ্ৰেছৱে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টোল কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। 

জানিব পৰা মতে ১ এপ্ৰিলৰ পৰা টোল গেটত কৰৰ  হাৰ ৫ৰ পৰা ১০  শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তুতি চলিছে। অৰ্থাৎ, আজি নিশা ১২ বজাৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱেত  গাড়ী চলোৱা ব্যয়বহুল হ'ব।

বৰ্তমান এক্সপ্ৰেছৱেত প্ৰতি কিলোমিটাৰত ২.১৯  টকা হাৰত টোল কৰ সংগ্ৰহ কৰা হৈছে। এয়া এতিয়া ১০ শতাংশ বৃদ্ধি কৰা হ'ব।  পথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ অনুমোদনৰ পিছত নতুন কৰৰ হাৰ  ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। 

গাড়ী আৰু লঘু বাহনৰ টোল কৰৰ  হাৰ ৫ শতাংশ বৃদ্ধি কৰা হ'ব, গধুৰ বাহনৰ বাবে টোল কৰ ১০  শতাংশ বৃদ্ধি হ'ব পাৰে। মন কৰিবলগীয়া যে বৰ্তমান প্ৰায় ২০  হাজাৰ বাহন দেশৰ এক্সপ্ৰেছৱেত দৈনিক চলাচল কৰি আছে। এক্সপ্ৰেছৱেত বাহনৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। এক সমীক্ষা  অনুসৰি অনাগত সময়ত প্ৰায় ৫০  ৰ পৰা ৬০  হাজাৰ বাহন দৈনিক এক্সপ্ৰেছৱেৰে পাৰ হ'ব।

উল্লেখ্য মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাক টোল গেটৰ কৰ বৃদ্ধিয়ে পুনৰ মাধমাৰ শোধাব৷ টোল গেটৰ কৰ বৃদ্ধিৰ লগে লগে ট্ৰাকেৰে সৰবৰাহ কৰা সামগ্ৰীৰো মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে৷ মানুহে এতিয়া  মুদ্ৰাস্ফীতিৰ আঘাতত বিধ্বস্ত হৈ পৰিছে৷  

শেহতীয়াকৈ ১ মাৰ্চত এলপিজিৰ বাণিজ্যিক আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য  বৃদ্ধি কৰা হৈছে। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ৫০ টকা কৈ বৃদ্ধি কৰা হৈছে আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ টকা বৃদ্ধি কৰা হৈছে।একেদৰে আজি মাজ নিশাৰে পৰাই দেশত দৰবৰো মূল্য বৃদ্ধি পাব৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল