--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এতিয়া আদালতে উভতি ধৰিছে৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত  গুজৰাট উচ্চ ন্যায়ালয়ে কেজৰিৱালক আৰ্থিক জৰিমনা বিহিছে । কেজৰিৱালে মোদীৰ বিএ আৰু এমএ পাছ কৰাৰ  প্ৰমাণপত্ৰ চাবলৈ  বিচাৰি কেন্দ্ৰীয় তথ্য আয়োগৰ  ওচৰত আবেদন কৰিছিল।

 ইয়াৰ প্ৰত্যুত্তৰত  কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ'), দিল্লী বিশ্ববিদ্যালয় আৰু গুজৰাট বিশ্ববিদ্যালয়ক মোদীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ সমূহ দেখুৱাবলৈ নিৰ্দেশ দিয়ে। গুজৰাট বিশ্ববিদ্যালয়ে এনে নিৰ্দেশৰ  বিৰুদ্ধে আদালতলৈ গৈছিল।

শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱৰ এখন বিচাৰপীঠে কেন্দ্ৰীয় তথ্য আয়োগৰ আদেশটো বাতিল কৰে। আদালতে লগতে  প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰৰ চাবলৈ বিচৰাৰ বাবে অৰবিন্দ কেজৰিৱালক ২৫,০০০ টকাৰ জৰিমনাও বিহে৷  দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে  চাৰি সপ্তাহৰ ভিতৰত এই জৰিমনাৰ ধন আদায় দিব লাগিব।

এই প্ৰসংগত কেজৰিৱালে কৈছিল "আমাৰ প্ৰধানমন্ত্ৰী কিমান শিক্ষিত সেয়া জানিবলৈ দেশৰ জনসাধাৰণৰ অধিকাৰ নাই নেকি? তেওঁলোকে আদালতত ডিগ্ৰী দেখুওৱাত কিয় ইমান আপত্তি কৰিছে? ডিগ্ৰী চাব বিচৰা ব্যক্তিজনক জৰিমনা বিহা হৈছে কিয় ?দেশত  কি চলি আছে! এজন অশিক্ষিত বা কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে বিপজ্জনক। ''

উল্লেখ্য  কেন্দ্ৰীয় তথ্য আয়োগে   তথ্য জনাৰ  অধিকাৰ (আৰ.টি.আই.) আইনৰ এখন আবেদনৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় , গুজৰাট আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মোদীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পৰ্কে তথ্য বিচাৰিছিল। গুজৰাট বিশ্ববিদ্যালয়ে এই নিৰ্দেশৰ বিৰোধিতা কৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল৷ 

ইপিনে  নিৰ্বাচনী শপতনামাত মোদীয়ে  ১৯৭৮ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা বিএ আৰু ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এমএ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰিছিল৷ কিন্তু তেওঁৰ শিক্ষাগত অৰ্হতাকলৈ বহুতে সন্দেহ প্ৰকাশ কৰি আহিছে৷ কেজৰিৱালেও সেই একেই সন্দেহে ব্যক্ত কৰিছিল৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?