--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এতিয়া আদালতে উভতি ধৰিছে৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত  গুজৰাট উচ্চ ন্যায়ালয়ে কেজৰিৱালক আৰ্থিক জৰিমনা বিহিছে । কেজৰিৱালে মোদীৰ বিএ আৰু এমএ পাছ কৰাৰ  প্ৰমাণপত্ৰ চাবলৈ  বিচাৰি কেন্দ্ৰীয় তথ্য আয়োগৰ  ওচৰত আবেদন কৰিছিল।

 ইয়াৰ প্ৰত্যুত্তৰত  কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ'), দিল্লী বিশ্ববিদ্যালয় আৰু গুজৰাট বিশ্ববিদ্যালয়ক মোদীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ সমূহ দেখুৱাবলৈ নিৰ্দেশ দিয়ে। গুজৰাট বিশ্ববিদ্যালয়ে এনে নিৰ্দেশৰ  বিৰুদ্ধে আদালতলৈ গৈছিল।

শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱৰ এখন বিচাৰপীঠে কেন্দ্ৰীয় তথ্য আয়োগৰ আদেশটো বাতিল কৰে। আদালতে লগতে  প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰৰ চাবলৈ বিচৰাৰ বাবে অৰবিন্দ কেজৰিৱালক ২৫,০০০ টকাৰ জৰিমনাও বিহে৷  দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে  চাৰি সপ্তাহৰ ভিতৰত এই জৰিমনাৰ ধন আদায় দিব লাগিব।

এই প্ৰসংগত কেজৰিৱালে কৈছিল "আমাৰ প্ৰধানমন্ত্ৰী কিমান শিক্ষিত সেয়া জানিবলৈ দেশৰ জনসাধাৰণৰ অধিকাৰ নাই নেকি? তেওঁলোকে আদালতত ডিগ্ৰী দেখুওৱাত কিয় ইমান আপত্তি কৰিছে? ডিগ্ৰী চাব বিচৰা ব্যক্তিজনক জৰিমনা বিহা হৈছে কিয় ?দেশত  কি চলি আছে! এজন অশিক্ষিত বা কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে বিপজ্জনক। ''

উল্লেখ্য  কেন্দ্ৰীয় তথ্য আয়োগে   তথ্য জনাৰ  অধিকাৰ (আৰ.টি.আই.) আইনৰ এখন আবেদনৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় , গুজৰাট আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মোদীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পৰ্কে তথ্য বিচাৰিছিল। গুজৰাট বিশ্ববিদ্যালয়ে এই নিৰ্দেশৰ বিৰোধিতা কৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল৷ 

ইপিনে  নিৰ্বাচনী শপতনামাত মোদীয়ে  ১৯৭৮ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা বিএ আৰু ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এমএ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰিছিল৷ কিন্তু তেওঁৰ শিক্ষাগত অৰ্হতাকলৈ বহুতে সন্দেহ প্ৰকাশ কৰি আহিছে৷ কেজৰিৱালেও সেই একেই সন্দেহে ব্যক্ত কৰিছিল৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল