--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলপ পাছতে নিৰুপণ হ’ব লিঅ’নেল মেছিৰ ভাগ্য! বিশ্বকাপৰ প্ৰথমখন মেচতে চৌদী আৰৱৰ স’তে পৰাজীত হোৱাৰ পাছত মেছিৰ আৰ্জেণ্টিনা বুধবাৰে ৰাতি মুখামুখি হ’ব পোলেণ্ডৰ স’তে। বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগুৱাবলৈ এইখন মেচত যিকোনো প্ৰকাৰে বিজয়সাব্যষ্ট কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই মেছি বাহিনীৰ।

প্ৰথম মেচত অপ্ৰত্যাশিত পৰাজয়ৰ পাছত মেক্সিকোৰ পাছত দূৰ্দান্ত জয়ে আৰ্জেণ্টিনাক উজ্জীৱিত কৰি ৰাখিছে। বিশেষকৈ লিঅ’নেল মেছিয়ে দূৰ্দান্ত প্ৰদৰ্শন কৰিছে। কিন্তু পোলেণ্ডৰ স’তে হ’বলগা যুঁজখন আৰ্জেণ্টিনাৰ বাবে সহজ নহ’ব। কাৰণ পোলেণ্ডৰ মূল শক্তি হৈছে ৰবাৰ্ট লিৱান্ড’স্কি।

পোলেণ্ডৰ হাতত যদি আৰ্জেণ্টিনা হাৰে, তেন্তে বিশ্বকাপৰ গ্ৰুপৰ পৰাই আঁতৰি যাব মেছিবাহিনী। যদি ড্ৰ’ হয়, তেন্তে অন্য দলসমূহৰ ফলাফললৈ বাট চাব লাগিব।

মেচখনত মূলতঃ দুগৰাকী তাৰকাৰ ওপৰতে দৃষ্টিনিৱদ্ধ থাকিব। এজন হৈছে ৰবাৰ্ট লিৱাণ্ড’স্কী আৰু আনজন লিঅ’নেল মেছি। চলিত বিশ্বকাপত এতিয়ালৈকে দুটাকৈ গ’ল কৰিছে মেছিয়ে।

পোলেণ্ডৰ বিৰুদ্ধে মেচখনত নামিলেই পেছাদাৰী ফুটবলজীৱনৰ ৯৯৯তম মেচ খেলাৰ গৌৰৱ অৰ্জন কৰিব মেছিয়ে। তদুপৰি বিশ্বকাপত ২২ খন মেচ খেলি ডিয়েগ’ মাৰাডোনাক অতিক্ৰম কৰিব। এতিয়ালৈকে আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপত আটাইতকৈ বেছি মেচ খেলাৰ অভিলেখ আছে মাৰাডোনাৰ নামত।

পোলেণ্ডৰ বিৰুদ্ধে মেছিয়ে গ’ল কৰিলেও মাৰাডোনাক অতিক্ৰম কৰিব। এতিয়ালৈকে বিশ্বকাপত ৮টা গ’ল কৰিছে মেছিয়ে। আনহাতে, বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ আটাইতকৈ বেছি গ’ল কৰিছে গেব্ৰিয়েল বাতিস্তুতাই। বাতিস্তুতাৰ নামত আছে ১০টাকৈ গ’ল।

আনহাতে, বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডৰ বাবে সাজু হৈছে পোলেণ্ডো। গ্ৰুপ-চিৰ শীৰ্ষস্থানত আছে লিৱাণ্ড’স্কীৰ পোলেণ্ড। ১৯৮৬ চনৰ পাছত বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব পোলেণ্ডে। ইতিমধ্যে লিঅ’নেল মেছিক ৰুধিবলৈ পোলেণ্ডৰ ৰক্ষণ বিভাগ শক্তিশালী কৰা হৈছে।

ইতিমধ্যে মেচখনক লৈ ফুটবলপ্ৰেমীসকলৰ মাজত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে। মেছিৰ সমৰ্থকসকলে আৰ্জেণ্টিনা জয়ী হোৱাৰ কামনাৰে আকাশ বতাহ মুখৰিত কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু