--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলপ পাছতে নিৰুপণ হ’ব লিঅ’নেল মেছিৰ ভাগ্য! বিশ্বকাপৰ প্ৰথমখন মেচতে চৌদী আৰৱৰ স’তে পৰাজীত হোৱাৰ পাছত মেছিৰ আৰ্জেণ্টিনা বুধবাৰে ৰাতি মুখামুখি হ’ব পোলেণ্ডৰ স’তে। বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগুৱাবলৈ এইখন মেচত যিকোনো প্ৰকাৰে বিজয়সাব্যষ্ট কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই মেছি বাহিনীৰ

প্ৰথম মেচত অপ্ৰত্যাশিত পৰাজয়ৰ পাছত মেক্সিকোৰ পাছত দূৰ্দান্ত জয়ে আৰ্জেণ্টিনাক উজ্জীৱিত কৰি ৰাখিছে। বিশেষকৈ লিঅ’নেল মেছিয়ে দূৰ্দান্ত প্ৰদৰ্শন কৰিছে। কিন্তু পোলেণ্ডৰ স’তে হ’বলগা যুঁজখন আৰ্জেণ্টিনাৰ বাবে সহজ নহ’ব। কাৰণ পোলেণ্ডৰ মূল শক্তি হৈছে ৰবাৰ্ট লিৱান্ড’স্কি।

পোলেণ্ডৰ হাতত যদি আৰ্জেণ্টিনা হাৰে, তেন্তে বিশ্বকাপৰ গ্ৰুপৰ পৰাই আঁতৰি যাব মেছিবাহিনী। যদি ড্ৰ’ হয়, তেন্তে অন্য দলসমূহৰ ফলাফললৈ বাট চাব লাগিব।

মেচখনত মূলতঃ দুগৰাকী তাৰকাৰ ওপৰতে দৃষ্টিনিৱদ্ধ থাকিব। এজন হৈছে ৰবাৰ্ট লিৱাণ্ড’স্কী আৰু আনজন লিঅ’নেল মেছি। চলিত বিশ্বকাপত এতিয়ালৈকে দুটাকৈ গ’ল কৰিছে মেছিয়ে।

পোলেণ্ডৰ বিৰুদ্ধে মেচখনত নামিলেই পেছাদাৰী ফুটবলজীৱনৰ ৯৯৯তম মেচ খেলাৰ গৌৰৱ অৰ্জন কৰিব মেছিয়ে। তদুপৰি বিশ্বকাপত ২২ খন মেচ খেলি ডিয়েগ’ মাৰাডোনাক অতিক্ৰম কৰিব। এতিয়ালৈকে আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপত আটাইতকৈ বেছি মেচ খেলাৰ অভিলেখ আছে মাৰাডোনাৰ নামত।

পোলেণ্ডৰ বিৰুদ্ধে মেছিয়ে গ’ল কৰিলেও মাৰাডোনাক অতিক্ৰম কৰিব। এতিয়ালৈকে বিশ্বকাপত ৮টা গ’ল কৰিছে মেছিয়ে। আনহাতে, বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ আটাইতকৈ বেছি গ’ল কৰিছে গেব্ৰিয়েল বাতিস্তুতাই। বাতিস্তুতাৰ নামত আছে ১০টাকৈ গ’ল।

আনহাতে, বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডৰ বাবে সাজু হৈছে পোলেণ্ডো। গ্ৰুপ-চিৰ শীৰ্ষস্থানত আছে লিৱাণ্ড’স্কীৰ পোলেণ্ড। ১৯৮৬ চনৰ পাছত বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব পোলেণ্ডে। ইতিমধ্যে লিঅ’নেল মেছিক ৰুধিবলৈ পোলেণ্ডৰ ৰক্ষণ বিভাগ শক্তিশালী কৰা হৈছে।

ইতিমধ্যে মেচখনক লৈ ফুটবলপ্ৰেমীসকলৰ মাজত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে। মেছিৰ সমৰ্থকসকলে আৰ্জেণ্টিনা জয়ী হোৱাৰ কামনাৰে আকাশ বতাহ মুখৰিত কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক