--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত নতুন ক্লাব বিচাৰি পালে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে। মানচেষ্টাৰ ইউনাইটেডৰ পৰা আঁতৰি অহাৰ পাছত শেহতীয়াকৈ তাৰকাগৰাকী কোন ক্লাবলৈ যাব সেই লৈ তীব্ৰ চৰ্চাত আছিল।

শেহতীয়াকৈ 'মাৰ্কা’ নামৰ এখন স্পেনিছ বাতৰি কাকতত প্ৰকাশিত এটা বাতৰি মতে, চৌদী আৰৱৰ আল-নাছৰ নামৰ ক্লাবটোত যোগ দিব ৰোণাল্ডোৱে। বিশ্বকাপৰ পাছতে এই ক্লাবটোলৈ যাব তেওঁ।

সূত্ৰ অনুযায়ী, চৌদী আৰৱৰ ক্লাবটোৱে ৰোণাল্ডোৰ স’তে ৫০০ মিলিয়ন ইউৰোৰ চুক্তি কৰিছে। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হৈছে চাৰি হেজাৰ কোটিৰো অধিক। তদুপৰি আঢ়ৈ বছৰৰ বাবে প্ৰতিটো চিজনত ক্লাবটোৱে ৰোণাল্ডোক দিব লাগিব ২০০ মিলিয়ন পাউণ্ড।

উল্লেখ্য যে শেহতীয়াকৈ ব্ৰিটিছ সাংবাদিক পিয়েৰ্ছ মৰ্গানৰ স’তে হোৱা এটা সাক্ষাৎকাৰত ৰোণাল্ডোৱে মানচেষ্টাৰ ইউনাইটেডৰ প্ৰতি তীব্ৰ অসন্তোষ ব্যক্ত কৰিছিল। ৰোণাল্ডোৰ সাক্ষাৎকাৰটো ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।

ৰোণাল্ডোৰ সমালোচনাত মুখৰ হৈ পৰিছিল মানচেষ্টাৰ ইউনাইটেডো। ক্ৰমশঃ তাৰকাগৰাকীৰ স’তে ক্লাবটোৰ সম্পৰ্ক চ্ছিন্ন হৈ পৰিব ধৰে। তাৰপাছতে কেইবাটাও ক্লাবলৈ যোৱাৰ সম্ভাৱনাই দেখা দিছিল ৰোণাল্ডোৰ। ইয়াৰ ভিতৰত অন্যতম হৈছে চেলছি আৰু বেয়াৰ্ণ মিউনিখ।

কিন্তু শেহতীয়াকৈ চৌদী আৰৱৰ আল-নাছৰ ক্লাবটোৰ স’তে ৰোণাল্ডো চুক্তিবদ্ধ হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিষয়টো চৰ্চাৰ শিখৰলৈ ধাৱমান হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক