--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত নতুন ক্লাব বিচাৰি পালে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে। মানচেষ্টাৰ ইউনাইটেডৰ পৰা আঁতৰি অহাৰ পাছত শেহতীয়াকৈ তাৰকাগৰাকী কোন ক্লাবলৈ যাব সেই লৈ তীব্ৰ চৰ্চাত আছিল।

শেহতীয়াকৈ 'মাৰ্কা’ নামৰ এখন স্পেনিছ বাতৰি কাকতত প্ৰকাশিত এটা বাতৰি মতে, চৌদী আৰৱৰ আল-নাছৰ নামৰ ক্লাবটোত যোগ দিব ৰোণাল্ডোৱে। বিশ্বকাপৰ পাছতে এই ক্লাবটোলৈ যাব তেওঁ।

সূত্ৰ অনুযায়ী, চৌদী আৰৱৰ ক্লাবটোৱে ৰোণাল্ডোৰ স’তে ৫০০ মিলিয়ন ইউৰোৰ চুক্তি কৰিছে। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হৈছে চাৰি হেজাৰ কোটিৰো অধিক। তদুপৰি আঢ়ৈ বছৰৰ বাবে প্ৰতিটো চিজনত ক্লাবটোৱে ৰোণাল্ডোক দিব লাগিব ২০০ মিলিয়ন পাউণ্ড।

উল্লেখ্য যে শেহতীয়াকৈ ব্ৰিটিছ সাংবাদিক পিয়েৰ্ছ মৰ্গানৰ স’তে হোৱা এটা সাক্ষাৎকাৰত ৰোণাল্ডোৱে মানচেষ্টাৰ ইউনাইটেডৰ প্ৰতি তীব্ৰ অসন্তোষ ব্যক্ত কৰিছিল। ৰোণাল্ডোৰ সাক্ষাৎকাৰটো ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।

ৰোণাল্ডোৰ সমালোচনাত মুখৰ হৈ পৰিছিল মানচেষ্টাৰ ইউনাইটেডো। ক্ৰমশঃ তাৰকাগৰাকীৰ স’তে ক্লাবটোৰ সম্পৰ্ক চ্ছিন্ন হৈ পৰিব ধৰে। তাৰপাছতে কেইবাটাও ক্লাবলৈ যোৱাৰ সম্ভাৱনাই দেখা দিছিল ৰোণাল্ডোৰ। ইয়াৰ ভিতৰত অন্যতম হৈছে চেলছি আৰু বেয়াৰ্ণ মিউনিখ।

কিন্তু শেহতীয়াকৈ চৌদী আৰৱৰ আল-নাছৰ ক্লাবটোৰ স’তে ৰোণাল্ডো চুক্তিবদ্ধ হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিষয়টো চৰ্চাৰ শিখৰলৈ ধাৱমান হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু