আজি পহিলা জুন! ৰাশিফল চাই জানো আহক কেনে যাব দিনটো?
১ জুন ২০২৩, বৃহস্পতিবাৰ
মেষ ৰাশি- আজি আপুনি শিক্ষামূলক কামত উন্নত ফলাফল পাব। লেনদেনত খৰখেদা নকৰিব। মূল্যৱান সামগ্ৰী সুৰক্ষিত ৰাখক। চলি থকা কামত ব্যাঘাত আহিব পাৰে। আজি আপোনাৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক আৰু কাম কৰাৰ ধৰণ সলনি কৰক, সকলো ঠিকেই থাকিব। বিত্তীয় পৰিস্থিতি আজি কিছু দুৰ্বল হ’ব পাৰে। আয় কম, ব্যয় অধিক হ’ব পাৰে। কাকো মানসিক আঘাত নিদিব।
বৃষ ৰাশি- আজি আপোনাৰ বাবে অতি উত্তম দিন হ’ব। বাটত এজন ঘনিষ্ঠ বন্ধুক লগ পাব, যাক লগ পাব আপুনি সুখী হ’ব। বছ আপোনাৰ লগত অফিচত সুখী হব। হঠাৎ ক’ৰবাৰ পৰা টকা পাব। জীৱন সংগী বা প্ৰেয়সীৰ সৈতে আজি ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ লগত কোনো কাৰণত মতানৈক্য ঘটিব পাৰে। অৱশ্যে সন্ধিয়ালৈ পুনৰ স্বাভাৱিক হ’ব। খং পৰিহাৰ কৰক।
মিথুন ৰাশি– একেলগে বহু কামৰ সৈতে মোকাবিলা কৰিবলৈ খৰখেদা নকৰিব, নহ’লে কোনো কামেই নহ’ব। পত্নীৰ সৈতে বহিঃৰাজ্য ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে। পাৰিবাৰিক জীৱনত কিছু উত্তেজনা থাকিব, কিন্তু প্ৰেম জীৱনত থকা সকলে আজি নিশ্চিন্ত হৈ পৰিব আৰু ভাল ফলাফল পাব। ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অভিজ্ঞজনৰ পৰামৰ্শ গ্ৰহণ কৰক। পিতৃৰ পৰা সহযোগিতা লাভ কৰিব।
কৰ্কট ৰাশি- আজি আপোনাৰ বাবে অতি সুখৰ দিন হ’ব। মানসিকভাৱে আপুনি সুখী হ’ব, গতিকে কিছুমান প্ৰত্যাহ্বান আহিলেও আপুনি সেইবোৰৰ সন্মুখীন হ’ব আনন্দৰে। আজি কামৰ লগত জড়িত কিছু সমস্যাৰ সন্মুখীন হ’ব লাগিব পাৰে। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। অৱশ্যে এই ভ্ৰমণ কিছু কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।
সিংহ ৰাশি- ভাল আৰ্থিক লাভৰ সম্ভাৱনা আছে, গতিকে আগবাঢ়ি যাওক আৰু ইয়াক আদৰি লওক আৰু কঠোৰ পৰিশ্ৰম কৰক। পৰিয়ালৰ সম্পূৰ্ণ সহযোগিতা আপোনাৰ লগত থাকিব। আপুনি আৰ্থিকভাৱে শক্তিশালী হ’ব। প্ৰেমৰ সম্পৰ্কত থাকিলেও দিনটো অনুকূল হ’ব। বস্ত্ৰাদি উপহাৰ হিচাপে আজি লাভ কৰিব পাৰে। নিবনুৱাসকলে বন্ধুৰ সহায়ত সংস্থাপন লাভৰ সুযোগ পাব।
কন্যা ৰাশি- আজি মনৰ অতিৰিক্ত চিন্তাৰ বাবে কিছুমান অস্থিৰ হৈ থাকিব পাৰে। আপুনি পাহৰি যোৱা যিকোনো পুৰণি লেনদেনৰ সুবিধাও পাব। ব্যৱসায়ত পিতৃৰ সহায় লাভ কৰিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহায়ে আপোনাক লাভজনক চুক্তি কৰিবলৈ সহায় কৰিব। বাহন আদি ক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব পাৰে। মাতৃৰ পৰা ধন লাভ কৰিব পাৰে। হঠাৎ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত খৰখেদাকৈ ল’বলগীয়া হ’ব পাৰে।
তুলা ৰাশি- আজি আপোনাৰ বাবে এক সুন্দৰ দিন হ’ব। স্তব্ধ হৈ থকা কামবোৰত এজন বন্ধুৰ সমৰ্থন লাভ কৰিব। কাৰ্যালয়ত সহকৰ্মীসকলৰ সমৰ্থন পাব। কিছুমান নতুন চিন্তা আপোনাৰ মনলৈ আহিব। আজি বিত্তীয় পৰিস্থিতিৰ কিছু উন্নতি ঘটিব। পাবলগীয়া ধন আজি লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত খৰখেদা নকৰিব। পৰিয়ালৰ সৈতে সমন্বয় বৃদ্ধি পাব।
বৃশ্চিক ৰাশি– আজি আপোনাৰ পুৰণি কাম সমাপ্ত কৰাৰ এক উত্তম দিন হ’ব। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা কাম আজি সম্পূৰ্ণ হ’ব। সমান্তৰালভাৱে আজি আপুনি ধাৰলৈ দিয়া ধনো ঘূৰাই পাব পাৰে। সঞ্চিত ধন বৃদ্ধি পাব। পিতৃৰ পৰা সহযোগিতা লাভেৰে ব্যৱসায় বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিব পাৰে। ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পত্নীৰ অনুভৱৰ সন্মান কৰক।
ধনু ৰাশি- কিছুমান ইতিবাচক পৰিৱৰ্তনে আপোনাৰ জীৱন উন্নত কৰিব পাৰে। কিছুমান নতুন মানুহেও আপোনাৰ কামত যোগদান কৰিব পাৰে। ব্যৱসায়ত লাভ বৃদ্ধি পাব। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অতি শুভ হ’বলৈ গৈ আছে। ৰাজনীতিৰ ক্ষেত্ৰত আশা কৰা পদ লাভ কৰিবলৈ কিছু অপেক্ষা কৰিবলগীয়া হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।
মকৰ ৰাশি- দিনটো উৎসাহপূৰ্ণ হ’ব। যিকোনো নতুন কাম বা পৰিকল্পনাৰ বাবে দিনটো বৰ ভাল। যদি আপুনি নতুন কিবা এটা কৰে তেন্তে সেয়া আপোনাৰ বাবে ভাল হ’ব। ক’ৰবাৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ঘৰ আৰু কাৰ্যালয়ৰ মাজত সঠিক সমন্বয় সৃষ্টি কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ত ধন আৰু লাভৰ শক্তিশালী যোগ আছে। আজি কোনো ব্যক্তিক তিৰস্কাৰ নকৰিব।
কুম্ভ ৰাশি- আজি আপোনাৰ বাবে এক সুন্দৰ দিন হ’ব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব। কাৰোবাৰ পৰা আজি আপুনি উপহাৰ লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে কোনো ভাল খবৰ লাভ কৰিব পাৰে। বিদেশত ব্যৱসায় কৰি থকা সকলে ঘৰলৈ উভতি অহাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি হয়তো আন মানুহক সহায় কৰাৰ সুযোগ পাব। পাৰিবাৰিক জীৱন সুখৰ হ’ব।
মীন ৰাশি- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। এজন বিশেষ ব্যক্তিৰ পৰা আপুনি কিছু ডাঙৰ সুবিধা লাভ কৰিব পাৰে। আপোনাৰ কৰ্মৰাজিৰ শলাগ ল’ব পাৰে। আপোনাৰ সমস্যা সমাধান কৰিব পাৰে। আপোনাৰ স্বাস্থ্য ভাল হ’ব। যি কাম আৰম্ভ কৰক, সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। অৱশ্যে আজি কথা কোৱাৰ সময়ত সাৱধান হওক। আপোনাৰ আচৰণে দীৰ্ঘদিনীয়া সম্পৰ্কত ফাঁট মেলাব পাৰে।