--°C
Loading...
Advertisement
Listen to Article
2 min read
80%



২৭/০৪/২৪,শনিবাৰ

মেষ ৰাশি : বিবাদত লিপ্ত নহ’ব ৷ আপুনি শাৰীৰিকভাৱে সুস্থ হ’ব ৷ কামৰ আনন্দ উপভোগ কৰিব ৷  ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকক ৷ ধন ব্যয় হ’ব পাৰে ৷ সন্তানক লৈ উদ্বেগ হ’ব পাৰে ৷ আত্মীয়ৰ পৰা খবৰ পাব পাৰে ৷


বৃষ ৰাশি : দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব ৷ ভাতৃ-ভগ্নীৰ পৰা মৰম লাভ কৰিব ৷ ওচৰৰ কোনোবা ঠাইলৈ বা ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে ৷ আজি আপুনি উদ্বেগমুক্ত অনুভৱ কৰিব ৷ যিয়ে কৰিব তাতেই সফলতা পাব ৷

মিথুন ৰাশি : মধ্যমীয়া হ'ব দিনটো। স্বামী-স্ত্ৰী আৰু সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত থাকিব ৷ তৰ্ক-বিতৰ্কৰ পৰা দূৰত থাকক ৷ লাঞ্ছনা কৰাৰ সুযোগ কাকো নিদিব ৷ পেটৰ সমস্যাই দেখা দিব পাৰে ৷ ভ্ৰমণ এৰাই চলক ৷

কৰ্কট ৰাশি:কথা নিয়ন্ত্ৰণ কৰক ৷ খং নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যক লৈ সাৱধান হওক ৷ অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব ৷ অস্থিৰ হৈ থাকিব পাৰে ৷ নেতিবাচক মনোভাৱে ব্যক্তিগত জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে ৷ আপোনাৰ আৰাধ্য দেৱতাক সঠিকভাৱে স্মৰণ কৰক ৷

সিংহ ৰাশি: দিনটো আপুনি আনন্দিত হৈ থাকিব ৷ আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব ৷ পৰিকল্পনা অনুসৰি সকলো কাম সম্পন্ন হ’ব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ পিতৃ-মাতৃৰপৰা সুসংবাদ পাব ৷ পিতৃ-মাতৃৰ দ্বাৰা উপকৃত হ’ব ৷ অসুস্থ সকল সুস্থ হৈ উঠিব ৷ সহকৰ্মীৰপৰা সহযোগিতা লাভ কৰিব ৷

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব ৷ আপোনাৰ ব্যৱহাৰে সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ বৌদ্ধিক আলোচনাৰপৰা দূৰত থাকক ৷ ভ্ৰমণৰ যোগ আছে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ ৰোগীৰ বাবে সময় জটিল ৷

তুলা ৰাশি: আৰ্থিক দিশৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে কৰক ৷ বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব ৷ সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব ৷ কামত মনোযোগী হ’ব ৷ সময়ত কাম শেষ কৰিব পাৰিব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ আনন্দ আৰু মনোৰঞ্জনৰ নামত বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: আগ্ৰাসী মনোভাৱ আৰু কথা-বতৰাক নিয়ন্ত্ৰণ কৰক৷ উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ বাবে বিভ্ৰান্ত হৈ থাকিব ৷ গাড়ী চলাওঁতে সাৱধান হওক ৷ সম্ভৱ হ’লে ছাৰ্জাৰী নকৰাব ৷ প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ৷ মামলা-মোকৰ্দমা এৰাই চলক ৷ মনোৰঞ্জনৰ নামত খৰছ হ’ব পাৰে ৷

ধনু ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক ৷ আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হ’ব পাৰে ৷ প্ৰিয়জনৰ ভ্ৰমণত যাব পাৰে ৷ ব্যৱসায়ৰ কাৰণে দিনটো ভাল ৷ বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ সংগী বা সংগিনী বিচাৰি পাব ৷

মকৰ ৰাশি: আনন্দিত হৈ থাকিব৷ বন্ধু আৰু প্ৰিয়জনসকলক লগ পোৱাৰ যোগ আছে ৷ ধনৰ সমস্যাত পৰিব পাৰে ৷ কিন্তু আপোনাৰ লাভহে হ’ব ৷ কৰ্মক্ষেত্ৰত ধন আৰু সন্মান অৰ্জন কৰিব ৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ৷

কুম্ভ ৰাশি: সামাজিক স্বীকৃতি লাভ কৰিব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷ আপোনাৰ জীৱন সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ভাবি চিন্তি কথা পাতিব ৷ আজি আপোনাৰ মনত অজস্ৰ চিন্তা হ’ব পাৰে ৷


মীন ৰাশি : বেয়া চিন্তাই আজি আপোনাক বিষণ্ণ কৰি ৰাখিব ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে ৷ অনাহাৰে থাকিবলগীয়া হ’ব পাৰে ৷ টোপনি ভাল নহ’ব পাৰে ৷ হৃদৰোগত ভুগিব পাৰে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement