--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ৫৭ বৰ্ষীয় হ’ল শ্বাহৰুখ খান। প্ৰায় তিনিটাকৈ দশক চিনেমাপ্ৰেমীৰ হৃদয়ত ৰাজত্ব কৰি অহা বলিউডৰ বাদশ্বাহগৰাকীক লৈ আজি অনুৰাগীসকলৰ মাজত উৎসাহৰ অন্ত নাই। শ্বাহৰুখৰ জন্মদিনৰ দিনা সেয়ে আমি আগবঢ়াব বিচাৰিছো তেওঁৰ পাঁচখন জনপ্ৰিয় আৰু শ্ৰেষ্ঠ চিনেমাৰ এখন তালিকাঃ

 

১) দিলৱালে দুলহনিয়া লে জায়েংগেঃ ১৯৯৫ চনত মুক্তিলাভ কৰা এই চিনেমাখনৰ দ্বাৰা শ্বাহৰুখ খানে বলিউডত চীৰদিনৰ বাবে খোপনি পুতিছিল। যশ চোপ্ৰাৰ প্ৰযোজনা আৰু আদিত্য চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত দিলৱালে দুলহনীয়া লে জায়েংগেৰ জনপ্ৰিয়তা আজিও একে আছে। চিনেমাখনত শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল কাজলে। এটা প্ৰেমকাহিনীৰে নিৰ্মিত চিনেমাখনক নবৈ দশকৰ ভাৰতীয় যুৱ প্ৰজন্মৰ প্ৰতিচ্ছৱি হিচাপে গণ্য কৰা হয়।

 

২) দেৱদাসঃ শৰৎ চট্টোপাধ্যায়ৰ এই ক্লাছিক কাহিনীটোক লৈ বলিউডত ২০০২ চনত 'দেৱদাস নিৰ্মাণ কৰা হৈছিল। নাম ভূমিকাত অৱতীৰ্ণ হৈছিল্ শ্বাহৰুখ খান। নায়িকা হিচাপে আছিল ঐশ্বৰ্য ৰায় আৰু মাধুৰী দীক্ষিত। সঞ্জয় লীলা ভাঞ্চালীয়ে পৰিচালনা কৰা চিনেমাখনৰ গানসমূহো চুপাৰহিট হৈছিল। দেৱদাস চিনেমাখনৰ দ্বাৰা শ্বাহৰুখ খানে বলিউডৰ ক্লাছিক হিৰ’ হিচাপে প্ৰতিষ্ঠা লাভ কৰা বুলি ক’ব পাৰি।

 

৩) স্বদেশঃ শ্বাহৰুখ খানৰ ২০০৪ চনৰ 'স্বদেশ’ চিনেমাখনে দেশখনৰ গ্ৰাম্যাঞ্চলৰ প্ৰতি থকা দায়িত্ববোধক সোঁৱৰায় দিয়ে। শ্বাহৰুখে ইয়াত এগৰাকী বিজ্ঞানীৰ চৰিত্ৰ ৰূপায়ন কৰিছে। এটা গুৰুত্বপূৰ্ণ বিষয়ক নিৰ্মিত চিনেমাখন পৰিচালনা কৰিছিল আশুতোষ গুৱাৰিকৰে। শ্বাহৰুখৰ বিপৰীতে অভিনয় কৰিছিল গায়ত্ৰী যোশীয়ে। এ আৰ ৰহমানে পৰিচালনা কৰা চিনেমাখনৰ সংগীতেও ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।

 

৪) চক দে ইণ্ডিয়াঃ ২০০৭ চনত মুক্তি লাভ কৰা 'চক দে ইণ্ডিয়া’ত ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকীৰ গৰিমা প্ৰকাশ কৰা হৈছে। ভাৰতীয় মহিলা দলৰ প্ৰশিক্ষক কবিৰ খানৰ চৰিত্ৰটো শ্বাহৰুখ খানে ইয়াত ৰূপায়ন কৰিছে। ছিমিত আমিন আৰু ৰব মিলাৰে পৰিচালনা কৰা ছৱিখনত শ্বাহৰুখ খানে এগৰাকী খেলুৱৈৰ দৰেই চৰিত্ৰটো ৰূপায়ন কৰিছিল। 'চক দে ইণ্ডিয়া’ৰ শিৰোনামা সংগীতটোও ব্যাপক জনপ্ৰিয় হৈ আহিছে।

 

৫) মাই নেম ইজ খানঃ ২০১০ চনৰ বহুচৰ্চিত এই চিনেমাখনৰ কাহিনীটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰবাসী দম্পত্তিক দেখুওৱা হৈছে। ছৱিখনৰ নায়ক ৰিঝৱানৰ চৰিত্ৰত শ্বাহৰুখ খান আৰু ৰিঝৱানৰ পত্নী মায়াৰ চৰিত্ৰত কাজলে অভিনয় কৰিছে। নিউয়ৰ্কৰ টুইট টাৱাৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আমেৰিকাত দেখা দিয়া ইছলাম’ফ’বিয়াক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা চিনেমাখনত মৰ্মস্পশী বাৰ্তা দিয়া হৈছে। চিনেমাখনত দেখুওৱা হৈছে যে সকলো মুছলমানেই সন্ত্ৰাসবাদী নহয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু