--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ৫৭ বৰ্ষীয় হল শ্বাহৰুখ খান। প্ৰায় তিনিটাকৈ দশক চিনেমাপ্ৰেমীৰ হৃদয়ত ৰাজত্ব কৰি অহা বলিউডৰ বাদশ্বাহগৰাকীক লৈ আজি অনুৰাগীসকলৰ মাজত উৎসাহৰ অন্ত নাই। শ্বাহৰুখৰ জন্মদিনৰ দিনা সেয়ে আমি আগবঢ়াব বিচাৰিছো তেওঁৰ পাঁচখন জনপ্ৰিয় আৰু শ্ৰেষ্ঠ চিনেমাৰ এখন তালিকাঃ

 

১) দিলৱালে দুলহনিয়া লে জায়েংগেঃ ১৯৯৫ চনত মুক্তিলাভ কৰা এই চিনেমাখনৰ দ্বাৰা শ্বাহৰুখ খানে বলিউডত চীৰদিনৰ বাবে খোপনি পুতিছিল। যশ চোপ্ৰাৰ প্ৰযোজনা আৰু আদিত্য চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত দিলৱালে দুলহনীয়া লে জায়েংগেৰ জনপ্ৰিয়তা আজিও একে আছে। চিনেমাখনত শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল কাজলে। এটা প্ৰেমকাহিনীৰে নিৰ্মিত চিনেমাখনক নবৈ দশকৰ ভাৰতীয় যুৱ প্ৰজন্মৰ প্ৰতিচ্ছৱি হিচাপে গণ্য কৰা হয়।

 

২) দেৱদাসঃ শৰৎ চট্টোপাধ্যায়ৰ এই ক্লাছিক কাহিনীটোক লৈ বলিউডত ২০০২ চনত 'দেৱদাস নিৰ্মাণ কৰা হৈছিল। নাম ভূমিকাত অৱতীৰ্ণ হৈছিল্ শ্বাহৰুখ খান। নায়িকা হিচাপে আছিল ঐশ্বৰ্য ৰায় আৰু মাধুৰী দীক্ষিত। সঞ্জয় লীলা ভাঞ্চালীয়ে পৰিচালনা কৰা চিনেমাখনৰ গানসমূহো চুপাৰহিট হৈছিল। দেৱদাস চিনেমাখনৰ দ্বাৰা শ্বাহৰুখ খানে বলিউডৰ ক্লাছিক হিৰহিচাপে প্ৰতিষ্ঠা লাভ কৰা বুলি কব পাৰি।

 

৩) স্বদেশঃ শ্বাহৰুখ খানৰ ২০০৪ চনৰ 'স্বদেশচিনেমাখনে দেশখনৰ গ্ৰাম্যাঞ্চলৰ প্ৰতি থকা দায়িত্ববোধক সোঁৱৰায় দিয়ে। শ্বাহৰুখে ইয়াত এগৰাকী বিজ্ঞানীৰ চৰিত্ৰ ৰূপায়ন কৰিছে। এটা গুৰুত্বপূৰ্ণ বিষয়ক নিৰ্মিত চিনেমাখন পৰিচালনা কৰিছিল আশুতোষ গুৱাৰিকৰে। শ্বাহৰুখৰ বিপৰীতে অভিনয় কৰিছিল গায়ত্ৰী যোশীয়ে। এ আৰ ৰহমানে পৰিচালনা কৰা চিনেমাখনৰ সংগীতেও ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।

 

৪) চক দে ইণ্ডিয়াঃ ২০০৭ চনত মুক্তি লাভ কৰা 'চক দে ইণ্ডিয়াত ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকীৰ গৰিমা প্ৰকাশ কৰা হৈছে। ভাৰতীয় মহিলা দলৰ প্ৰশিক্ষক কবিৰ খানৰ চৰিত্ৰটো শ্বাহৰুখ খানে ইয়াত ৰূপায়ন কৰিছে। ছিমিত আমিন আৰু ৰব মিলাৰে পৰিচালনা কৰা ছৱিখনত শ্বাহৰুখ খানে এগৰাকী খেলুৱৈৰ দৰেই চৰিত্ৰটো ৰূপায়ন কৰিছিল। 'চক দে ইণ্ডিয়াৰ শিৰোনামা সংগীতটোও ব্যাপক জনপ্ৰিয় হৈ আহিছে।

 

৫) মাই নেম ইজ খানঃ ২০১০ চনৰ বহুচৰ্চিত এই চিনেমাখনৰ কাহিনীটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰবাসী দম্পত্তিক দেখুওৱা হৈছে। ছৱিখনৰ নায়ক ৰিঝৱানৰ চৰিত্ৰত শ্বাহৰুখ খান আৰু ৰিঝৱানৰ পত্নী মায়াৰ চৰিত্ৰত কাজলে অভিনয় কৰিছে। নিউয়ৰ্কৰ টুইট টাৱাৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আমেৰিকাত দেখা দিয়া ইছলামবিয়াক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা চিনেমাখনত মৰ্মস্পশী বাৰ্তা দিয়া হৈছে। চিনেমাখনত দেখুওৱা হৈছে যে সকলো মুছলমানেই সন্ত্ৰাসবাদী নহয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক