--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে আৰম্ভ হৈছে জন্মাষ্টমী উদযাপন। ভগৱান শ্ৰীকৃষ্ণৰ আৰ্বিভাব  উৎসৱক জন্মাষ্টমী হিচাপে পালন কৰা হয়। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত মথুৰাত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ লীলাবোৰ অতি বিখ্যাত। প্ৰতিবছৰে দেশ-বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ  মথুৰা-বৃন্দাৱনত গৈ  ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ অলৌকিক উদযাপন চাবলৈ উপস্থিত হয়। জন্মাষ্টমীৰ দিনা মানুহে উপবাস পালন কৰি শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰে। এইবাৰ জন্মাষ্টমীৰ উপবাস আৰু পূজা সন্দৰ্ভত জনসাধাৰণৰ মাজত ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

জন্মাষ্টমী  ১৮আগষ্টত নে ১৯আগষ্টত ? 

২০২২চনত আজি অৰ্থাৎ ১৮আগষ্ট নে ১৯আগষ্টত জন্মাষ্টমী উদযাপন কৰিব লাগে তাক লৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আচলতে অষ্টমী তিথি ১৮আগষ্টৰ নিশা ০৯:২০ বজাৰ পৰা ১৯ আগষ্টৰ নিশা ১০:৫৯ বজালৈ থাকিব। চন্দ্ৰোদয় ব্যাপিনী তিথি অনুসৰি জন্মাষ্টমী উৎসৱ পালন কৰা হয়, গতিকে ১৮ আগষ্টৰ মাজনিশাহে অধিকাংশ লোকে জন্মাষ্টমী উদযাপন কৰিব। আনহাতে, বৈষ্ণৱ পৰম্পৰাৰ লোকসকলে ১৯ আগষ্টত জন্মাষ্টমী উদযাপন কৰিব পাৰিব।

জন্মাষ্টমীৰ দিনা এনেদৰে পূজা কৰক

যদিও জন্মাষ্টমীৰ দিনা শ্ৰীকৃষ্ণৰ শিশুৰূপ গোপালৰ মূৰ্তি প্ৰতিষ্ঠা কৰি পূজা কৰাটো ভাল বুলি গণ্য কৰা হয়, তথাপিও ভক্তসকলে নিজৰ ইচ্ছাৰ ভিত্তিত যিকোনো ৰূপ প্ৰতিষ্ঠা কৰিব পাৰে। যেনে- বিবাহিত জীৱনত প্ৰেম আৰু সুখৰ বাবে ৰাধা-কৃষ্ণৰ প্ৰতিমা প্ৰতিষ্ঠা কৰাটো ভাল। আনহাতে শিশু সুখৰ বাবে গোপালৰ মূৰ্তি স্থাপন কৰক। সুখ শান্তি পাবলৈ শ্ৰীকৃষ্ণক বাঁহী বজাই প্ৰতিষ্ঠা কৰক।

জন্মাষ্টমীৰ দিনা ভগৱানক অভিষেক কৰি দিনটো অতি সুন্দৰ কৰক। ফুল, অলংকাৰ, সুন্দৰ বস্ত্ৰৰে ভগৱানক সজাই লওক। কিন্তু মনত ৰাখিব যে ক’লা ৰঙৰ বস্তু ব্যৱহাৰ নকৰিব। কানহালৈ তুলসী ঢালি অভিষেক আগবঢ়াওক। লগতে মাখন আৰু শুকান ফল আগবঢ়াব লাগে। তদুপৰি প্ৰসাদ ,গুৰৰ লাড়ু আগবঢ়াব পাৰি। আৰু শেষত আৰতি কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী