--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে আৰম্ভ হৈছে জন্মাষ্টমী উদযাপন। ভগৱান শ্ৰীকৃষ্ণৰ আৰ্বিভাব  উৎসৱক জন্মাষ্টমী হিচাপে পালন কৰা হয়। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত মথুৰাত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ লীলাবোৰ অতি বিখ্যাত। প্ৰতিবছৰে দেশ-বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ  মথুৰা-বৃন্দাৱনত গৈ  ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ অলৌকিক উদযাপন চাবলৈ উপস্থিত হয়। জন্মাষ্টমীৰ দিনা মানুহে উপবাস পালন কৰি শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰে। এইবাৰ জন্মাষ্টমীৰ উপবাস আৰু পূজা সন্দৰ্ভত জনসাধাৰণৰ মাজত ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

জন্মাষ্টমী  ১৮আগষ্টত নে ১৯আগষ্টত ? 

২০২২চনত আজি অৰ্থাৎ ১৮আগষ্ট নে ১৯আগষ্টত জন্মাষ্টমী উদযাপন কৰিব লাগে তাক লৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আচলতে অষ্টমী তিথি ১৮আগষ্টৰ নিশা ০৯:২০ বজাৰ পৰা ১৯ আগষ্টৰ নিশা ১০:৫৯ বজালৈ থাকিব। চন্দ্ৰোদয় ব্যাপিনী তিথি অনুসৰি জন্মাষ্টমী উৎসৱ পালন কৰা হয়, গতিকে ১৮ আগষ্টৰ মাজনিশাহে অধিকাংশ লোকে জন্মাষ্টমী উদযাপন কৰিব। আনহাতে, বৈষ্ণৱ পৰম্পৰাৰ লোকসকলে ১৯ আগষ্টত জন্মাষ্টমী উদযাপন কৰিব পাৰিব।

জন্মাষ্টমীৰ দিনা এনেদৰে পূজা কৰক

যদিও জন্মাষ্টমীৰ দিনা শ্ৰীকৃষ্ণৰ শিশুৰূপ গোপালৰ মূৰ্তি প্ৰতিষ্ঠা কৰি পূজা কৰাটো ভাল বুলি গণ্য কৰা হয়, তথাপিও ভক্তসকলে নিজৰ ইচ্ছাৰ ভিত্তিত যিকোনো ৰূপ প্ৰতিষ্ঠা কৰিব পাৰে। যেনে- বিবাহিত জীৱনত প্ৰেম আৰু সুখৰ বাবে ৰাধা-কৃষ্ণৰ প্ৰতিমা প্ৰতিষ্ঠা কৰাটো ভাল। আনহাতে শিশু সুখৰ বাবে গোপালৰ মূৰ্তি স্থাপন কৰক। সুখ শান্তি পাবলৈ শ্ৰীকৃষ্ণক বাঁহী বজাই প্ৰতিষ্ঠা কৰক।

জন্মাষ্টমীৰ দিনা ভগৱানক অভিষেক কৰি দিনটো অতি সুন্দৰ কৰক। ফুল, অলংকাৰ, সুন্দৰ বস্ত্ৰৰে ভগৱানক সজাই লওক। কিন্তু মনত ৰাখিব যে ক’লা ৰঙৰ বস্তু ব্যৱহাৰ নকৰিব। কানহালৈ তুলসী ঢালি অভিষেক আগবঢ়াওক। লগতে মাখন আৰু শুকান ফল আগবঢ়াব লাগে। তদুপৰি প্ৰসাদ ,গুৰৰ লাড়ু আগবঢ়াব পাৰি। আৰু শেষত আৰতি কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু