--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী-স্ত্ৰীৰ সম্পৰ্কক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। বেছিভাগ পুৰুষেই সদায় পত্নীৰ সন্মুখত ভাল ইমেজ বনাবলৈ চেষ্টা কৰে। বিয়াৰ পিছত বহু পুৰুষে নিজৰ চখৰ কিছুমান কাম কৰিবলৈ অক্ষম হৈ পৰে। পত্নীয়ে স্বামীৰ কিছুমান চখত সদায় হকাবাধা কৰে, যাৰবাবে স্বামীৰ মন কেতিয়াবা মৰহি যায়। 

এনে অৱস্থাত যেতিয়া ঘৰত পত্নী নাথাকে, তেতিয়া স্বামীৰ প্ৰকৃত ৰূপ বাহিৰলৈ ওলাই আহে। তেওঁৰ মন নিজৰ চখ পূৰণ কৰিবৰ বাবে ব্যগ্ৰ হৈ পৰে। পুৰুষে পত্নীৰ অনুপস্থিতিত এনে কাম কৰে, যিটো পত্নীয়ে কল্পনা কৰিব নোৱাৰে। আজি আমি আপোনালোকক এনে ৫ টা কামৰ বিষয়ে ক'ম যিবোৰ স্বামীয়ে অকলে কৰে। এই কথা এক গৱেষণাৰ পাছত পোহৰলৈ আহিছে। এটা আমেৰিকান সংস্থাই চলোৱা সমীক্ষাত বহু পুৰুষে এইকেইটা কাম কৰা বুলি জনায়।

১)বাথৰূমত বহু সময় কটোৱাঃ বহু স্বামীয়ে পত্নী ঘৰৰ পৰা ওলাই যোৱাৰ পিছত অদ্ভুত কাম কৰে। ফোনটো লৈ ঘণ্টাৰ পিছত ঘণ্টা বাথৰুমত সময় কটায়। কেতিয়াবা মানুহে তাত লেপটপ, টেবলেটো লৈ যায়। ইয়াৰ লগতে বহুতে ৱেষ্টাৰ্ণ কমোডত বহি বাতৰি কাকত পঢ়ি থাকে।

২)পুৰণি বন্ধু-বান্ধৱীৰ লগত ফোনত বহু সময় কথা পাতেঃ সকলোৰে এটা অতীত থাকে। বিবাহিত জীৱনত দায়িত্ব বাঢ়ি যায়, সেয়ে বহু সময়ত পুৰুষে পুৰণি বন্ধু-বান্ধৱীৰ লগত কথা পাতিব নোৱাৰে। কিন্তু পত্নী ঘৰত নাথাকিলে ঘণ্টাৰ পিছত ঘণ্টা পুৰণি বন্ধু-বান্ধৱীৰ লগত কথা পাতি সময় পাৰ কৰে বহু পুৰুষে। বহু সময়ত স্বামীয়ে নিজৰ প্ৰাক্তন প্ৰেমিকাৰ লগতো গোপনে কথা পাতে।

৩)টিভিত নিজৰ প্ৰিয় শ্ব' চায়ঃ বহু মহিলাই টিভিত ছিৰিয়েল চাই ভাল পায়, গতিকে বহু সময়ত পুৰুষে নিজৰ পছন্দৰ বস্তুবোৰ চাব নোৱাৰে। কিন্তু পত্নীৰ অনুপস্থিতিত স্বামীয়ে খুব আনন্দৰে নিজৰ প্ৰিয় শ্ব'সমূহ চাই সময় কটায় ।

৪)বন্ধুৰ সৈতে পাৰ্টিঃ বহু পুৰুষে পত্নী ঘৰত নাথাকিলে বন্ধুৰ সৈতে লগলাগি তীব্ৰভাৱে পাৰ্টি কৰে। এই সময়ত তেওঁলোকে ঘৰতে নিজস্ব ধৰণে সময় উদযাপন কৰে। 

৫)প্ৰিয় খাদ্য ৰান্ধেঃ সাধাৰণতে মহিলাসকলে পাকঘৰত খাদ্য ৰান্ধে। পত্নী ঘৰত থাকিলে স্বামীয়ে ৰন্ধা-বঢ়া কৰিবলৈ এলাহ কৰে কিন্তু পত্নী ঘৰত নাথাকিলে তেওঁলোকৰ কুকিং মুড জাগ্ৰত হৈ উঠে। পত্নীৰ অনুপস্থিতিত নিজৰ প্ৰিয় খাদ্য ৰান্ধি খায় স্বামীয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী