--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী-স্ত্ৰীৰ সম্পৰ্কক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। বেছিভাগ পুৰুষেই সদায় পত্নীৰ সন্মুখত ভাল ইমেজ বনাবলৈ চেষ্টা কৰে। বিয়াৰ পিছত বহু পুৰুষে নিজৰ চখৰ কিছুমান কাম কৰিবলৈ অক্ষম হৈ পৰে। পত্নীয়ে স্বামীৰ কিছুমান চখত সদায় হকাবাধা কৰে, যাৰবাবে স্বামীৰ মন কেতিয়াবা মৰহি যায়। 

এনে অৱস্থাত যেতিয়া ঘৰত পত্নী নাথাকে, তেতিয়া স্বামীৰ প্ৰকৃত ৰূপ বাহিৰলৈ ওলাই আহে। তেওঁৰ মন নিজৰ চখ পূৰণ কৰিবৰ বাবে ব্যগ্ৰ হৈ পৰে। পুৰুষে পত্নীৰ অনুপস্থিতিত এনে কাম কৰে, যিটো পত্নীয়ে কল্পনা কৰিব নোৱাৰে। আজি আমি আপোনালোকক এনে ৫ টা কামৰ বিষয়ে ক'ম যিবোৰ স্বামীয়ে অকলে কৰে। এই কথা এক গৱেষণাৰ পাছত পোহৰলৈ আহিছে। এটা আমেৰিকান সংস্থাই চলোৱা সমীক্ষাত বহু পুৰুষে এইকেইটা কাম কৰা বুলি জনায়।

১)বাথৰূমত বহু সময় কটোৱাঃ বহু স্বামীয়ে পত্নী ঘৰৰ পৰা ওলাই যোৱাৰ পিছত অদ্ভুত কাম কৰে। ফোনটো লৈ ঘণ্টাৰ পিছত ঘণ্টা বাথৰুমত সময় কটায়। কেতিয়াবা মানুহে তাত লেপটপ, টেবলেটো লৈ যায়। ইয়াৰ লগতে বহুতে ৱেষ্টাৰ্ণ কমোডত বহি বাতৰি কাকত পঢ়ি থাকে।

২)পুৰণি বন্ধু-বান্ধৱীৰ লগত ফোনত বহু সময় কথা পাতেঃ সকলোৰে এটা অতীত থাকে। বিবাহিত জীৱনত দায়িত্ব বাঢ়ি যায়, সেয়ে বহু সময়ত পুৰুষে পুৰণি বন্ধু-বান্ধৱীৰ লগত কথা পাতিব নোৱাৰে। কিন্তু পত্নী ঘৰত নাথাকিলে ঘণ্টাৰ পিছত ঘণ্টা পুৰণি বন্ধু-বান্ধৱীৰ লগত কথা পাতি সময় পাৰ কৰে বহু পুৰুষে। বহু সময়ত স্বামীয়ে নিজৰ প্ৰাক্তন প্ৰেমিকাৰ লগতো গোপনে কথা পাতে।

৩)টিভিত নিজৰ প্ৰিয় শ্ব' চায়ঃ বহু মহিলাই টিভিত ছিৰিয়েল চাই ভাল পায়, গতিকে বহু সময়ত পুৰুষে নিজৰ পছন্দৰ বস্তুবোৰ চাব নোৱাৰে। কিন্তু পত্নীৰ অনুপস্থিতিত স্বামীয়ে খুব আনন্দৰে নিজৰ প্ৰিয় শ্ব'সমূহ চাই সময় কটায় ।

৪)বন্ধুৰ সৈতে পাৰ্টিঃ বহু পুৰুষে পত্নী ঘৰত নাথাকিলে বন্ধুৰ সৈতে লগলাগি তীব্ৰভাৱে পাৰ্টি কৰে। এই সময়ত তেওঁলোকে ঘৰতে নিজস্ব ধৰণে সময় উদযাপন কৰে। 

৫)প্ৰিয় খাদ্য ৰান্ধেঃ সাধাৰণতে মহিলাসকলে পাকঘৰত খাদ্য ৰান্ধে। পত্নী ঘৰত থাকিলে স্বামীয়ে ৰন্ধা-বঢ়া কৰিবলৈ এলাহ কৰে কিন্তু পত্নী ঘৰত নাথাকিলে তেওঁলোকৰ কুকিং মুড জাগ্ৰত হৈ উঠে। পত্নীৰ অনুপস্থিতিত নিজৰ প্ৰিয় খাদ্য ৰান্ধি খায় স্বামীয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু