--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মানুহ সঘনাই অসুস্থ হৈ থাকে বা অসুস্থ নহ’লেও ভিতৰি ভিতৰি অনবৰতে দুৰ্বল অনুভৱ কৰি থাকে। কিছুমান মানুহ কোনো ৰোগৰ পৰা সুস্থ হোৱাৰ লগে লগে পুনৰ অসুস্থ হৈ পৰে। ইয়াৰ কাৰণ কি? ইয়াৰ বাবে মানুহৰ ৫টা অভ্যাস দায়ী।

জানো আহক কি সেই পাঁচটা বদ অভ্যাস, যিয়ে মানুহক ৰুগীয়া কৰি তোলে।

১)ভোক নাথাকিলেও খোৱা: ভোক নালাগিলেও কিবাকিবি খাই থকাটো একেবাৰেই ভাল কথা নহয়। ভোক নলগা মানে আগৰ খাদ্য হজম হোৱাই নাছিল। তেনে অৱস্থাত পুনৰ খাদ্য গ্ৰহণ কৰিলে লিভাৰত হেঁচা পৰে। তাৰফলত দেহত ৰোগে দেখা দিব পাৰে।

২)অতিৰিক্ত ব্যায়াম: ব্যায়াম কৰাটো ভাল। কিন্তু অতিৰিক্ত ব্যায়াম একেবাৰেই ভাল নহয়। ইয়াৰ ফলত পেশীবোৰ ভাগৰুৱা হৈ পৰে আৰু শৰীৰত পানীৰ অভাৱে দেখা দিয়ে। গতিকে ব্যায়াম কৰক, কিন্তু নিজৰ বাবে যিমান প্ৰয়োজনীয় সিমানহে কৰক, তাতকৈ বেছি নহয়। 

৩)ৰাতিৰ আহাৰ দেৰিকৈ খোৱা: এইটো এটা ভয়ংকৰ বেয়া অভ্যাস। নিয়মমতে সূৰ্যাস্তৰ ১ ঘণ্টাৰ ভিতৰত ৰাতিৰ আহাৰ খাব লাগে। প্ৰায় ৮ বজাত খাব পাৰিলে ভাল। কিন্তু বৰ্তমান সময়ত সেই সময়ত খোৱা বহুতৰ বাবেই সম্ভৱ নহয়। তথাপিও ১০ বজাৰ ভিতৰত ৰাতিৰ আহাৰ খাবলৈে চেষ্টা কৰা উচিত। ৰাতিৰ আহাৰ দেৰিকৈ খালে কলেষ্টেৰলৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ সমান্তৰালভাৱে ডায়েবেটিছৰো সম্ভাৱনা বৃদ্ধি পায়

৪)দেৰিকে শোৱাঃ আয়ুৰ্বেদত কোৱা হৈছে যে ৰাতি ১০ বজাৰ পৰা ২ বজালৈ আন পুষ্টিকৰ খাদ্যৰ পৰা শৰীৰে সৰ্বাধিক পৰিমাণে ভিটামিন লাভ কৰে। এই সময়ছোৱাত শৰীৰে যথেষ্ট টোপনি পায়। যিমানেই দেৰিকৈ শুব সিমানেই ওজন বাঢ়িব। কাৰণ শৰীৰে নিজে ডিটক্স কৰিব নোৱাৰে। দেহটো বেয়া হোৱাৰ অন্যতম কাৰণ এইটোৱেই।

৫)একেলগে বহুত কাম কৰাঃ একেলগে বহুত কাম কৰিলে শৰীৰত ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা বৃদ্ধি হয়। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে হ্ৰাস পায়।

গতিকে আপোনাৰ এই পাঁচটা বেয়া অভ্যাস আজিয়েই ত্যাগ কৰক আৰু সুস্বাস্থ্যৱান হৈ থকাত গুৰুত্ব প্ৰদান কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো