--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মানুহ সঘনাই অসুস্থ হৈ থাকে বা অসুস্থ নহ’লেও ভিতৰি ভিতৰি অনবৰতে দুৰ্বল অনুভৱ কৰি থাকে। কিছুমান মানুহ কোনো ৰোগৰ পৰা সুস্থ হোৱাৰ লগে লগে পুনৰ অসুস্থ হৈ পৰে। ইয়াৰ কাৰণ কি? ইয়াৰ বাবে মানুহৰ ৫টা অভ্যাস দায়ী।

জানো আহক কি সেই পাঁচটা বদ অভ্যাস, যিয়ে মানুহক ৰুগীয়া কৰি তোলে।

১)ভোক নাথাকিলেও খোৱা: ভোক নালাগিলেও কিবাকিবি খাই থকাটো একেবাৰেই ভাল কথা নহয়। ভোক নলগা মানে আগৰ খাদ্য হজম হোৱাই নাছিল। তেনে অৱস্থাত পুনৰ খাদ্য গ্ৰহণ কৰিলে লিভাৰত হেঁচা পৰে। তাৰফলত দেহত ৰোগে দেখা দিব পাৰে।

২)অতিৰিক্ত ব্যায়াম: ব্যায়াম কৰাটো ভাল। কিন্তু অতিৰিক্ত ব্যায়াম একেবাৰেই ভাল নহয়। ইয়াৰ ফলত পেশীবোৰ ভাগৰুৱা হৈ পৰে আৰু শৰীৰত পানীৰ অভাৱে দেখা দিয়ে। গতিকে ব্যায়াম কৰক, কিন্তু নিজৰ বাবে যিমান প্ৰয়োজনীয় সিমানহে কৰক, তাতকৈ বেছি নহয়। 

৩)ৰাতিৰ আহাৰ দেৰিকৈ খোৱা: এইটো এটা ভয়ংকৰ বেয়া অভ্যাস। নিয়মমতে সূৰ্যাস্তৰ ১ ঘণ্টাৰ ভিতৰত ৰাতিৰ আহাৰ খাব লাগে। প্ৰায় ৮ বজাত খাব পাৰিলে ভাল। কিন্তু বৰ্তমান সময়ত সেই সময়ত খোৱা বহুতৰ বাবেই সম্ভৱ নহয়। তথাপিও ১০ বজাৰ ভিতৰত ৰাতিৰ আহাৰ খাবলৈে চেষ্টা কৰা উচিত। ৰাতিৰ আহাৰ দেৰিকৈ খালে কলেষ্টেৰলৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ সমান্তৰালভাৱে ডায়েবেটিছৰো সম্ভাৱনা বৃদ্ধি পায়

৪)দেৰিকে শোৱাঃ আয়ুৰ্বেদত কোৱা হৈছে যে ৰাতি ১০ বজাৰ পৰা ২ বজালৈ আন পুষ্টিকৰ খাদ্যৰ পৰা শৰীৰে সৰ্বাধিক পৰিমাণে ভিটামিন লাভ কৰে। এই সময়ছোৱাত শৰীৰে যথেষ্ট টোপনি পায়। যিমানেই দেৰিকৈ শুব সিমানেই ওজন বাঢ়িব। কাৰণ শৰীৰে নিজে ডিটক্স কৰিব নোৱাৰে। দেহটো বেয়া হোৱাৰ অন্যতম কাৰণ এইটোৱেই।

৫)একেলগে বহুত কাম কৰাঃ একেলগে বহুত কাম কৰিলে শৰীৰত ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা বৃদ্ধি হয়। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে হ্ৰাস পায়।

গতিকে আপোনাৰ এই পাঁচটা বেয়া অভ্যাস আজিয়েই ত্যাগ কৰক আৰু সুস্বাস্থ্যৱান হৈ থকাত গুৰুত্ব প্ৰদান কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ