--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি জ্বৰ, কাইলৈ পেটৰ সমস্যা,  দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে আপোনাৰ অসুস্থতা বাঢ়ি গৈছে নেকি? এই সকলোবোৰৰ বাবে দায়ী কেৱল আপোনাৰ ৫টা বদ অভ্যাস। কিছু‌সংখ্যক লোকে কোনো ৰোগৰ পৰা অতি সোনকালে সুস্থ হৈ পুনৰ আন এটা ৰোগত পৰা দেখা যায়। ইয়াৰ কাৰণৰ অন্তৰালত আয়ুৰ্বেদ বিশেষজ্ঞ দীক্ষা ভাবসৰে ৫টা অভ্যাস দায়ী বুলি উল্লেখ কৰিছে। জানো আহক এই ৫টা বেয়া অভ্যাসৰ বিষয়ে :

১) ভোক নাথাকিলেও খোৱা: আচলতে ভোক নহয়, কিন্তু অভ্যাসৰ বাবে কিবা এটা খোৱাতো একেবাৰে ভাল কথা নহয়। পূৰ্বৰ খাদ্য হজম নোহোৱাকৈ পুনৰ খাদ্য গ্ৰহণ কৰিলে লিভাৰত হেঁচা পৰে, যিয়ে ৰোগক নেতৃত্ব দিয়ে। 

২) ব্যায়াম: ব্যায়াম কৰাটো ভাল। কিন্তু অতিৰিক্ত ব্যায়াম একেবাৰেই ভাল নহয়। ইয়াৰ ফলত পেশীবোৰ ভাগৰুৱা হৈ পৰে আৰু শৰীৰত পানীৰ পৰিমাণ যথেষ্ট কমি যায়। গতিকে ব্যায়াম সদায় বিশেষজ্ঞসকলক পৰামৰ্শ অনুসৰি প্ৰয়োজন অনুসাৰে অনুশীলন কৰিব লাগে।

৩) নিশাৰ আহাৰ পলমকৈ খোৱা: এইটো এটা ভয়ংকৰ বেয়া অভ্যাস। নিয়ম মতে সূৰ্যাস্তৰ ১ ঘণ্টাৰ ভিতৰত নিশাৰ আহাৰ খাব লাগে অৰ্থাৎ প্ৰায় ৮ বজাত আহাৰ গ্ৰহণ কৰিব লাগে। ইয়াৰ পাছত খালে কলেষ্টেৰল বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনা থাকে। ইয়াৰ সমান্তৰালভাৱে ডায়েবেটিছো বৃদ্ধি পায়।

৪)দেৰিকৈ শোৱা: আয়ুৰ্বেদত কোৱা হৈছে যে নিশা ১০ বজাৰ পৰা ২ বজালৈ বিভিন্ন পুষ্টিকৰ খাদ্যৰ পৰা শৰীৰে সৰ্বাধিক পৰিমাণে ভিটামিন লাভ কৰে, ফলস্বৰুপে এই সময়ছোৱাত শৰীৰে যথেষ্ট নিদ্ৰা অনুভৱ কৰে। যিমানেই দেৰিকৈ শোৱা হয়, সিমানেই ওজন বৃদ্ধি পায়। কাৰণ শুই থকা অৱস্থাত শৰীৰে নিজে ডিটক্স কৰিব নোৱাৰে। আৰু শৰীৰ অসুস্থ হোৱাৰ অন্যতম কাৰণ এইটোৱেই। 

৫) একেবাৰতে কঠোৰ পৰিশ্ৰম: একেবাৰে বহু কাম একেলগে কৰিলে শৰীৰত ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে হ্ৰাস পায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ