--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি জ্বৰ, কাইলৈ পেটৰ সমস্যা,  দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে আপোনাৰ অসুস্থতা বাঢ়ি গৈছে নেকি? এই সকলোবোৰৰ বাবে দায়ী কেৱল আপোনাৰ ৫টা বদ অভ্যাস। কিছু‌সংখ্যক লোকে কোনো ৰোগৰ পৰা অতি সোনকালে সুস্থ হৈ পুনৰ আন এটা ৰোগত পৰা দেখা যায়। ইয়াৰ কাৰণৰ অন্তৰালত আয়ুৰ্বেদ বিশেষজ্ঞ দীক্ষা ভাবসৰে ৫টা অভ্যাস দায়ী বুলি উল্লেখ কৰিছে। জানো আহক এই ৫টা বেয়া অভ্যাসৰ বিষয়ে :

১) ভোক নাথাকিলেও খোৱা: আচলতে ভোক নহয়, কিন্তু অভ্যাসৰ বাবে কিবা এটা খোৱাতো একেবাৰে ভাল কথা নহয়। পূৰ্বৰ খাদ্য হজম নোহোৱাকৈ পুনৰ খাদ্য গ্ৰহণ কৰিলে লিভাৰত হেঁচা পৰে, যিয়ে ৰোগক নেতৃত্ব দিয়ে। 

২) ব্যায়াম: ব্যায়াম কৰাটো ভাল। কিন্তু অতিৰিক্ত ব্যায়াম একেবাৰেই ভাল নহয়। ইয়াৰ ফলত পেশীবোৰ ভাগৰুৱা হৈ পৰে আৰু শৰীৰত পানীৰ পৰিমাণ যথেষ্ট কমি যায়। গতিকে ব্যায়াম সদায় বিশেষজ্ঞসকলক পৰামৰ্শ অনুসৰি প্ৰয়োজন অনুসাৰে অনুশীলন কৰিব লাগে।

৩) নিশাৰ আহাৰ পলমকৈ খোৱা: এইটো এটা ভয়ংকৰ বেয়া অভ্যাস। নিয়ম মতে সূৰ্যাস্তৰ ১ ঘণ্টাৰ ভিতৰত নিশাৰ আহাৰ খাব লাগে অৰ্থাৎ প্ৰায় ৮ বজাত আহাৰ গ্ৰহণ কৰিব লাগে। ইয়াৰ পাছত খালে কলেষ্টেৰল বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনা থাকে। ইয়াৰ সমান্তৰালভাৱে ডায়েবেটিছো বৃদ্ধি পায়।

৪)দেৰিকৈ শোৱা: আয়ুৰ্বেদত কোৱা হৈছে যে নিশা ১০ বজাৰ পৰা ২ বজালৈ বিভিন্ন পুষ্টিকৰ খাদ্যৰ পৰা শৰীৰে সৰ্বাধিক পৰিমাণে ভিটামিন লাভ কৰে, ফলস্বৰুপে এই সময়ছোৱাত শৰীৰে যথেষ্ট নিদ্ৰা অনুভৱ কৰে। যিমানেই দেৰিকৈ শোৱা হয়, সিমানেই ওজন বৃদ্ধি পায়। কাৰণ শুই থকা অৱস্থাত শৰীৰে নিজে ডিটক্স কৰিব নোৱাৰে। আৰু শৰীৰ অসুস্থ হোৱাৰ অন্যতম কাৰণ এইটোৱেই। 

৫) একেবাৰতে কঠোৰ পৰিশ্ৰম: একেবাৰে বহু কাম একেলগে কৰিলে শৰীৰত ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে হ্ৰাস পায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো