--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঁইতা ভাত অসমীয়াৰ আৱেগ। তাহানি দিনৰে পৰা অসমীয়া সমাজত পঁইতা ভাতৰ প্ৰচলন আছে। গৰম দিনত পঁইতা ভাত খোৱাৰ আমেজেই সুকীয়া। পঁইতা ভাত খালে দেহা-মন জুৰ পৰে। আগদিনা ৰাতি ৰন্ধা ভাত পানী দি তিয়াই পাছদিনা খোৱা ভাতকে পঁইতা ভাত বুলি কোৱা হয়। ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন কৰে। সেইবাবে পঁইতা ভাত টেঙা হয়। পঁইতাভাত গৰৈ মাছ পুৰি তাত কলাখাৰ, মিঠাতেল আৰু কেঁচা জলকীয়া সানি খাবলৈ বৰ জুতি লগা হয়। 

পঁইতাভাত কেঁচা পিঁয়াজ আৰু আলু পিটিকাৰে খাবলৈও উত্তম। পঁইতাভাত দালি বটাৰে খায়ো বৰ সোৱাদ লাগে। ভিন্ন জুতিৰে পঁইতা ভাতৰ সোৱাদ ল'ব পাৰি।এই ভাতৰ লগত কণী ভাজি খালেও বৰ সোৱাদ লগা হয়। কঁঠালগুটি পিটিকা, কেঁচা বুটৰ লগতো পঁইতাভাতৰ জুতি ল’ব পাৰি। পঁইতাভাতত বিভিন্ন ব্যঞ্জনৰ কোনো প্ৰয়োজন নপৰে। এটা সময়ত পঁইতা ভাত দুখীয়াৰ খাদ্য হিচাপে জনাজাত আছিল। পশ্চিমবংগ, অসম, উৰিষ্যা, কেৰেলা, তামিলনাডু আদিত ই অতি জনপ্ৰিয়। মূলতঃ গৰমৰ পৰা সকাহ পাবলৈ এই ভাত খোৱাৰ প্ৰথা প্ৰচলন হয়। কিন্তু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে পঁইতা ভাতৰ বহুতো উপকাৰীতা আছে। 

আমি সাধাৰণ বুলি ভবা পঁইতা ভাতৰ বহু অসাধাৰণ গুণ আছে।ই এক উপকাৰী খাদ্য। ইয়াৰ উপকাৰিতাৰ কথা পুৰণি মানুহবোৰৰ মুখত শুনিয়ে হয়তো বহুতো বিজ্ঞানীয়ে গৱেষণা কৰি ইয়াৰ উপকাৰিতাৰ সত্যতা প্ৰমাণ কৰিছে। পঁইতাভাত খাই অনেক ৰোগৰ পৰা বাচি থাকিব পাৰি...জানো আহক কি কি

১)পঁইতা ভাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। যিসকলৰ হাড় দুৰ্বল, তেওঁলোকে নিয়মীয়া কৈ পঁইতা ভাত খালে কেলচিয়ামৰ অভাৱ পূৰণ হয়। হাড়বোৰ মজবুত হয়।

২)এনিমিয়া বা তেজ কম হোৱা ৰোগত ভুগি থকা সকলে নিয়মীয়াকৈ পঁইতা ভাত খালে উপকৃত হ'ব। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। 

৩)সাধাৰণ ভাততকৈ পঁইতা ভাত বেছি উপকাৰী নেকি? শেহতীয়াকৈ কৰা গৱেষণাত প্ৰমাণ পোৱা গৈছে যে সাধাৰণ ভাতৰ তুলনাত পঁইতা ভাতৰ গুণগত মান বহু বেছি। সেয়েহে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪)গৱেষণাৰ পৰা জানিব পৰা গৈছে যে পঁইতা ভাতৰ কিছুমান বিশেষ গুণ আছে যিয়ে কেন্সাৰৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। 

৫)পঁইতাভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘা আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰিব পাৰে। 

৬)এই ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয়।

৭)পঁইতাভাত খালে মানুহৰ গেছৰ সমস্যা নাইকিয়া হয়।

৮)পঁইতাভাতে ভিটামিন ই সংশ্লেষণৰ দ্বাৰা দেহৰ মৃতকোষসমূহ সক্ৰিয় কৰি তোলে।

গতিকে গৰম দিনত পঁইতাভাতৰ জুতি লওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো