--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঁইতা ভাত অসমীয়াৰ আৱেগ। তাহানি দিনৰে পৰা অসমীয়া সমাজত পঁইতা ভাতৰ প্ৰচলন আছে। গৰম দিনত পঁইতা ভাত খোৱাৰ আমেজেই সুকীয়া। পঁইতা ভাত খালে দেহা-মন জুৰ পৰে। আগদিনা ৰাতি ৰন্ধা ভাত পানী দি তিয়াই পাছদিনা খোৱা ভাতকে পঁইতা ভাত বুলি কোৱা হয়। ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন কৰে। সেইবাবে পঁইতা ভাত টেঙা হয়। পঁইতাভাত গৰৈ মাছ পুৰি তাত কলাখাৰ, মিঠাতেল আৰু কেঁচা জলকীয়া সানি খাবলৈ বৰ জুতি লগা হয়। 

পঁইতাভাত কেঁচা পিঁয়াজ আৰু আলু পিটিকাৰে খাবলৈও উত্তম। পঁইতাভাত দালি বটাৰে খায়ো বৰ সোৱাদ লাগে। ভিন্ন জুতিৰে পঁইতা ভাতৰ সোৱাদ ল'ব পাৰি।এই ভাতৰ লগত কণী ভাজি খালেও বৰ সোৱাদ লগা হয়। কঁঠালগুটি পিটিকা, কেঁচা বুটৰ লগতো পঁইতাভাতৰ জুতি ল’ব পাৰি। পঁইতাভাতত বিভিন্ন ব্যঞ্জনৰ কোনো প্ৰয়োজন নপৰে। এটা সময়ত পঁইতা ভাত দুখীয়াৰ খাদ্য হিচাপে জনাজাত আছিল। পশ্চিমবংগ, অসম, উৰিষ্যা, কেৰেলা, তামিলনাডু আদিত ই অতি জনপ্ৰিয়। মূলতঃ গৰমৰ পৰা সকাহ পাবলৈ এই ভাত খোৱাৰ প্ৰথা প্ৰচলন হয়। কিন্তু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে পঁইতা ভাতৰ বহুতো উপকাৰীতা আছে। 

আমি সাধাৰণ বুলি ভবা পঁইতা ভাতৰ বহু অসাধাৰণ গুণ আছে।ই এক উপকাৰী খাদ্য। ইয়াৰ উপকাৰিতাৰ কথা পুৰণি মানুহবোৰৰ মুখত শুনিয়ে হয়তো বহুতো বিজ্ঞানীয়ে গৱেষণা কৰি ইয়াৰ উপকাৰিতাৰ সত্যতা প্ৰমাণ কৰিছে। পঁইতাভাত খাই অনেক ৰোগৰ পৰা বাচি থাকিব পাৰি...জানো আহক কি কি

১)পঁইতা ভাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। যিসকলৰ হাড় দুৰ্বল, তেওঁলোকে নিয়মীয়া কৈ পঁইতা ভাত খালে কেলচিয়ামৰ অভাৱ পূৰণ হয়। হাড়বোৰ মজবুত হয়।

২)এনিমিয়া বা তেজ কম হোৱা ৰোগত ভুগি থকা সকলে নিয়মীয়াকৈ পঁইতা ভাত খালে উপকৃত হ'ব। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। 

৩)সাধাৰণ ভাততকৈ পঁইতা ভাত বেছি উপকাৰী নেকি? শেহতীয়াকৈ কৰা গৱেষণাত প্ৰমাণ পোৱা গৈছে যে সাধাৰণ ভাতৰ তুলনাত পঁইতা ভাতৰ গুণগত মান বহু বেছি। সেয়েহে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪)গৱেষণাৰ পৰা জানিব পৰা গৈছে যে পঁইতা ভাতৰ কিছুমান বিশেষ গুণ আছে যিয়ে কেন্সাৰৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। 

৫)পঁইতাভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘা আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰিব পাৰে। 

৬)এই ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয়।

৭)পঁইতাভাত খালে মানুহৰ গেছৰ সমস্যা নাইকিয়া হয়।

৮)পঁইতাভাতে ভিটামিন ই সংশ্লেষণৰ দ্বাৰা দেহৰ মৃতকোষসমূহ সক্ৰিয় কৰি তোলে।

গতিকে গৰম দিনত পঁইতাভাতৰ জুতি লওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ