--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰাথমিক খবৰ অনুসৰি অজিত পাৱাৰৰ বিমানখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰেচ লেণ্ডিং কৰিবলগীয়া হয়। বিমান দুৰ্ঘটনাৰ পিছতে জ্বলি ছাই হৈ যায় বিমানখন।

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু। বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ বাৰমতীত অজিত পাৱাৰৰ বিমান অৱতৰণৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। অজিত পাৱাৰ এন চি পিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী। তেওঁ শৰদ পাৱাৰৰ ভতিজা আৰু শেহতীয়াকৈ দলৰ ভিতৰত বিভাজন হোৱাৰ পিছত নিজৰ ফৈদৰ নেতৃত্ব দি আহিছে। 


অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰদান কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত আৰু ৪জন যাত্ৰীৰ মৃত্যু হৈছে। অজিত পাৱাৰৰ লগতে পাইলট আৰু তেওঁৰ সহকৰ্মীও এই দুৰ্ঘটনাত নিহত হৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বাৰামতীলৈ গৈছিল অজিত পাৱাৰ। জিলা পৰিষদ নিৰ্বাচনৰ সৈতে জড়িত অজিত পাৱাৰৰ কেইবাখনো বৈঠক বুধবাৰে বাৰমতীত অনুষ্ঠিত হোৱাৰ কথা আছিল। এখন জনসভাতো অংশ লোৱাৰ কথা আছিল অজিত পাৱাৰে।


প্ৰাথমিক খবৰ অনুসৰি অজিত পাৱাৰৰ বিমানখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰেচ লেণ্ডিং কৰিবলগীয়া হয়। বিমান দুৰ্ঘটনাৰ পিছতে জ্বলি ছাই হৈ যায় বিমানখন।


অজিত পাৱাৰৰ আকস্মিক মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে। ৬৬ বছৰ বয়সত জীৱন নাট সামৰিলে অজিত পাৱাৰে। বিগত ৪০ বছৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত সক্ৰিয় হৈ আছিল অজিত পাৱাৰ। 


অজিত পাৱাৰৰ গৃহ জিলা মহাৰাষ্ট্ৰৰ বাৰমতী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। বাৰমতী পুনে জিলাত আৰু এই বিমান বন্দৰটো সৰু সৰু বিমানৰ বাবে ব্যৱহাৰ কৰা হয়। অজিত পাৱাৰৰ বিমানখন মুম্বাইৰ পৰা বাৰমতীলৈ গৈ আছিল। মুম্বাইৰ পৰা পুৱা ৮.১০ বজাত ৰাওনা হৈছিল বিমানখন। প্ৰবল বৰষুণ বা অৱতৰণৰ সময়ত হোৱা কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ