--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰাথমিক খবৰ অনুসৰি অজিত পাৱাৰৰ বিমানখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰেচ লেণ্ডিং কৰিবলগীয়া হয়। বিমান দুৰ্ঘটনাৰ পিছতে জ্বলি ছাই হৈ যায় বিমানখন।

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু। বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ বাৰমতীত অজিত পাৱাৰৰ বিমান অৱতৰণৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। অজিত পাৱাৰ এন চি পিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী। তেওঁ শৰদ পাৱাৰৰ ভতিজা আৰু শেহতীয়াকৈ দলৰ ভিতৰত বিভাজন হোৱাৰ পিছত নিজৰ ফৈদৰ নেতৃত্ব দি আহিছে। 


অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰদান কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত আৰু ৪জন যাত্ৰীৰ মৃত্যু হৈছে। অজিত পাৱাৰৰ লগতে পাইলট আৰু তেওঁৰ সহকৰ্মীও এই দুৰ্ঘটনাত নিহত হৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বাৰামতীলৈ গৈছিল অজিত পাৱাৰ। জিলা পৰিষদ নিৰ্বাচনৰ সৈতে জড়িত অজিত পাৱাৰৰ কেইবাখনো বৈঠক বুধবাৰে বাৰমতীত অনুষ্ঠিত হোৱাৰ কথা আছিল। এখন জনসভাতো অংশ লোৱাৰ কথা আছিল অজিত পাৱাৰে।


প্ৰাথমিক খবৰ অনুসৰি অজিত পাৱাৰৰ বিমানখন অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰেচ লেণ্ডিং কৰিবলগীয়া হয়। বিমান দুৰ্ঘটনাৰ পিছতে জ্বলি ছাই হৈ যায় বিমানখন।


অজিত পাৱাৰৰ আকস্মিক মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে। ৬৬ বছৰ বয়সত জীৱন নাট সামৰিলে অজিত পাৱাৰে। বিগত ৪০ বছৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত সক্ৰিয় হৈ আছিল অজিত পাৱাৰ। 


অজিত পাৱাৰৰ গৃহ জিলা মহাৰাষ্ট্ৰৰ বাৰমতী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। বাৰমতী পুনে জিলাত আৰু এই বিমান বন্দৰটো সৰু সৰু বিমানৰ বাবে ব্যৱহাৰ কৰা হয়। অজিত পাৱাৰৰ বিমানখন মুম্বাইৰ পৰা বাৰমতীলৈ গৈ আছিল। মুম্বাইৰ পৰা পুৱা ৮.১০ বজাত ৰাওনা হৈছিল বিমানখন। প্ৰবল বৰষুণ বা অৱতৰণৰ সময়ত হোৱা কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু