--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰি আবেদনকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

ডিজিটেল ডেস্ক: প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ আৰু দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰাৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰিছে। 


অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰি আবেদনকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। 


মঙলবাৰে নিশা ৭ বজালৈকে ডেৰ শতাধিক প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে জনোৱা মতে প্ৰথম দিনটোৰ পৰা এতিয়ালৈকে প্ৰায় ৭৫০ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। 


আজি বিধায়ক ৰেকিবুদ্দিন আহমেদ, দিগন্ত বৰ্মন, সামাজিক মাধ্যম বিভাগৰ সম-অধ্যক্ষ প্ৰতীক বৰদলৈ, মুখপাত্ৰ ৰূপা কলিতা, গৌতম ভট্টাচাৰ্যকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতাই আবেদন দাখিল কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু