--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চাহ ভাৰতৰ জনসাধাৰণৰ অন্যতম প্ৰিয় গৰম পানীয়। একে সময়তে চাহ খোৱাটো উপকাৰী নে ক্ষতিকাৰক, সেৱন কৰা উচিত হয় নে নহয় সেয়া সদায় চাহপ্ৰেমীসকলৰ মাজত বিতৰ্কৰ বিষয় হৈ আহিছে। কিন্তু ইয়াৰ বিপৰীতে কৰা বিভিন্ন অধ্যয়নত বহু দাবী কৰা হৈছে। বিজ্ঞানীসকলৰ মতে, যদি আপুনি সুস্বাস্থ্য লাভ কৰিব বিচাৰে, তেন্তে গাখীৰৰ চাহ খোৱাৰ পৰিৱৰ্তে গ্ৰীণ টি খোৱাৰ অভ্যাস গঢ়ি তোলক। গ্ৰীণ টি সেৱনৰ ফলত স্বাস্থ্য উপকাৰিতা বিষয়ে জানো আহক।

১. বিপজ্জনক ৰোগৰ পৰা বাচি থাকিব পাৰি-

প্ৰতিদিনে গ্ৰীণ টি খালে বহুতো গুৰুতৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। আনকি কেন্সাৰৰ দৰে বিপদজনক ৰোগৰ আশংকাৰ বাচি থাকিব পাৰি। বহুতো গৱেষণাত প্ৰকাশ পাইছে যে গ্ৰীণ টিত বহুতো এন্টি অক্সিডেন্ট আৰু বায়এক্টিভ কম্পাউণ্ড থাকে যিয়ে আমাৰ শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়।

২. হৃদযন্ত্ৰৰ আৰু ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে-

যোৱা কেইবছৰমানৰ পৰা ভাৰতত গ্ৰীণ টিৰ স্বাস্থ্য উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ চাহিদা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। গৱেষকসকলৰ মতে এন্টিঅক্সিডেন্টসমৃদ্ধ হোৱাৰ বাবে ইয়াৰ দৈনিক ব্যৱহাৰে মগজুৰ উন্নত কাৰ্যক্ষমতা বজাই ৰখা, হৃদযন্ত্ৰৰ স্বাস্থ্য, ডায়েবেটিছ আৰু লগতে বহু ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত অতি সহায়ক।

৩. গ্ৰীণ টিত প্ৰাকৃতিক এন্টি অক্সিডেন্ট থাকে-

সেউজীয়া চাহত বহু ধৰণৰ স্বাস্থ্যকৰ জৈৱ সক্ৰিয় যৌগ পোৱা যায়। ইয়াৰ উপৰি ইয়াত পলিফেনল থাকে, যি একপ্ৰকাৰৰ প্ৰাকৃতিক যৌগ আৰু শৰীৰত হোৱা প্ৰদাহ হ্ৰাস কৰাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। গ্ৰীণ টিত এপিগালোকেটেচিন-৩ গেলেট (EGCG) নামৰ এবিধ কেটেচিন থাকে। এইবোৰ প্ৰাকৃতিক এন্টি অক্সিডেন্ট যিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৪. গ্ৰীণ টিয়ে স্তন কেন্সাৰৰ সম্ভাৱনা কম কৰে-

গৱেষণাৰ এক পৰ্যালোচনাত দেখা গৈছে যে দৈনিক গ্ৰীণ টি সেৱন কৰা মহিলাসকলৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা ২০ৰ পৰা ৩০ শতাংশ কম। গ্ৰীণ টিত পোৱা যৌগ আৰু এন্টি অক্সিডেন্টক বহু ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত অতি সহায়ক বুলি ধৰা হয়।

৫. তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে-

এক অধ্যয়ন অনুসৰি টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে গ্ৰীণ টি অতি উপকাৰী হব পাৰে। ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাৰ লগতে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৬. প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে-

এক অধ্যয়ন অনুসৰি দৈনিক গ্ৰীণ টি সেৱন কৰা পুৰুষসকলৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা আনসকলতকৈ কম আছিল। গ্ৰীণ টিয়ে কলৰেক্টাল কেন্সাৰৰ সম্ভাৱনাও ৪২ শতাংশ হ্ৰাস কৰিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু