--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চাহ ভাৰতৰ জনসাধাৰণৰ অন্যতম প্ৰিয় গৰম পানীয়। একে সময়তে চাহ খোৱাটো উপকাৰী নে ক্ষতিকাৰক, সেৱন কৰা উচিত হয় নে নহয় সেয়া সদায় চাহপ্ৰেমীসকলৰ মাজত বিতৰ্কৰ বিষয় হৈ আহিছে। কিন্তু ইয়াৰ বিপৰীতে কৰা বিভিন্ন অধ্যয়নত বহু দাবী কৰা হৈছে। বিজ্ঞানীসকলৰ মতে, যদি আপুনি সুস্বাস্থ্য লাভ কৰিব বিচাৰে, তেন্তে গাখীৰৰ চাহ খোৱাৰ পৰিৱৰ্তে গ্ৰীণ টি খোৱাৰ অভ্যাস গঢ়ি তোলক। গ্ৰীণ টি সেৱনৰ ফলত স্বাস্থ্য উপকাৰিতা বিষয়ে জানো আহক।

১. বিপজ্জনক ৰোগৰ পৰা বাচি থাকিব পাৰি-

প্ৰতিদিনে গ্ৰীণ টি খালে বহুতো গুৰুতৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। আনকি কেন্সাৰৰ দৰে বিপদজনক ৰোগৰ আশংকাৰ বাচি থাকিব পাৰি। বহুতো গৱেষণাত প্ৰকাশ পাইছে যে গ্ৰীণ টিত বহুতো এন্টি অক্সিডেন্ট আৰু বায়’এক্টিভ কম্পাউণ্ড থাকে যিয়ে আমাৰ শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়।

২. হৃদযন্ত্ৰৰ আৰু ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে-

যোৱা কেইবছৰমানৰ পৰা ভাৰতত গ্ৰীণ টিৰ স্বাস্থ্য উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ চাহিদা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। গৱেষকসকলৰ মতে এন্টিঅক্সিডেন্টসমৃদ্ধ হোৱাৰ বাবে ইয়াৰ দৈনিক ব্যৱহাৰে মগজুৰ উন্নত কাৰ্যক্ষমতা বজাই ৰখা, হৃদযন্ত্ৰৰ স্বাস্থ্য, ডায়েবেটিছ আৰু লগতে বহু ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত অতি সহায়ক।

৩. গ্ৰীণ টিত প্ৰাকৃতিক এন্টি অক্সিডেন্ট থাকে-

সেউজীয়া চাহত বহু ধৰণৰ স্বাস্থ্যকৰ জৈৱ সক্ৰিয় যৌগ পোৱা যায়। ইয়াৰ উপৰি ইয়াত পলিফেনল থাকে, যি একপ্ৰকাৰৰ প্ৰাকৃতিক যৌগ আৰু শৰীৰত হোৱা প্ৰদাহ হ্ৰাস কৰাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। গ্ৰীণ টিত এপিগালোকেটেচিন-৩ গেলেট (EGCG) নামৰ এবিধ কেটেচিন থাকে। এইবোৰ প্ৰাকৃতিক এন্টি অক্সিডেন্ট যিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৪. গ্ৰীণ টিয়ে স্তন কেন্সাৰৰ সম্ভাৱনা কম কৰে-

গৱেষণাৰ এক পৰ্যালোচনাত দেখা গৈছে যে দৈনিক গ্ৰীণ টি সেৱন কৰা মহিলাসকলৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা ২০ৰ পৰা ৩০ শতাংশ কম। গ্ৰীণ টিত পোৱা যৌগ আৰু এন্টি অক্সিডেন্টক বহু ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত অতি সহায়ক বুলি ধৰা হয়।

৫. তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে-

এক অধ্যয়ন অনুসৰি টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে গ্ৰীণ টি অতি উপকাৰী হ’ব পাৰে। ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাৰ লগতে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৬. প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে-

এক অধ্যয়ন অনুসৰি দৈনিক গ্ৰীণ টি সেৱন কৰা পুৰুষসকলৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা আনসকলতকৈ কম আছিল। গ্ৰীণ টিয়ে কলৰেক্টাল কেন্সাৰৰ সম্ভাৱনাও ৪২ শতাংশ হ্ৰাস কৰিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব