--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন শ্বপিং কোম্পানী এমাজ’নৰ মালিক বেছ চৌখিন ব্যক্তি। আমাজনৰ স্বত্বাধিকাৰী হিচাপে নিজৰ ৰুচি পূৰণ কৰিবলৈ ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰাটো তেওঁৰ বাবে সাধাৰণ কথা। কিন্তু তেওঁৰ ৰুচিবোৰহে যথেষ্ট অদ্ভুদ। এমাজ’নৰ স্বত্বাধিকাৰী হৈছে জেফ বেজোছ। ২০২২ চনৰ তেওঁৰ সম্পত্তিৰ মুঠ মূল্য হৈছে ১৮হাজাৰ ৩৮০কোটি আমেৰিকান ডলাৰ। পৃথিৱীৰ আটাইতকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত জেফ আছে দ্বিতীয় স্থানত। জেফৰ জীৱন-যাপনো অত্যন্ত বিলাসবহুল। অৱশ্যে, জেফৰ বিলাসিতাৰ সংজ্ঞা অলপ বেলেগ বিশ্বৰ আটাইতকৈ দুৰ্লভ আৰু বিৰল সামগ্ৰীবোৰো আছে জেফৰ ওচৰতে। কিছুমান ব্যয়বহুল আৰু বিৰল সামগ্ৰীৰ তালিকাৰ ৮বিধ সামগ্ৰীৰ তালিকা পোহৰলৈ আহিছে। প্ৰাইভেট জেটপ্লেন: জেফে ব্যক্তিগত জেটত চলাচল কৰে। আমেৰিকাৰ পৰা ইউৰোপলৈ অহা যোৱা কৰাটো তেওঁৰ বাবে নিত্য নৈমিত্তিক ঘটনা। জেফৰ ওচৰত আছে পৃথিৱীৰ দ্ৰুততম জেটপ্লেন। নাম জি-৬৫০ইআৰ। জেটপ্লেনখনৰ মূল্য ৬৫০কোটি আমেৰিকান ডলাৰ।ভাৰতীয় মূদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৪৭৬কোটি। মিউজিয়াম হাউছ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি.চি ত থাকিবলৈ এটা বাসগৃহ ক্ৰয় কৰিছিল জেফে। অৱশ্যে, ইয়াক কেৱল বাসগৃহ বুলি ক’লে ভুল কোৱা হ’ব। এসময়ত এই ঘৰটো কাপোৰৰ সংগ্ৰহালয় সদৃশ আছিল। জেফে সেই ঘৰটো ক্ৰয় কৰাৰ পাছত নিজৰ ধৰণে সজাইছে। ঘৰটোৰ ভিতৰত আছে ১১ টা শোৱনি কোঠা, ২৫ টা বাথৰুম, ৫টা লিভিং ৰুম আৰু ২ এলিভেটৰ। ঘৰটোৰ মূল্য প্ৰায় ২৫০ কোটি আমেৰিকান ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ১৭৩ কোটি। প্ৰাসাদ: নিউয়ৰ্কৰ ২১২ ফিফথ এভিনিউৰ বেজোছতো এটা প্ৰাসাদ আছে জেফৰ। এই প্ৰাসাদটোৰ মূল্য প্ৰায় ১১.২ কোটি আমেৰিকান ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৮৪০ কোটি । এই ৰাজকীয় প্ৰাসাদটোত পেইণ্ট হাউছৰ পৰা ফিটনেছ ৰুমলৈকে, গল্ফ খেলৰ কোঠা, পৃথক গেম ৰুম, চিনেমা চাব পৰাকৈ সৰু হলকে আদি কৰি সকলোখিনি আছে। হলিউড ঘৰ: লছ এঞ্জেলছৰ বেভাৰ্লি হিলছত বাস কৰে হলিউডৰ খ্যাতিনামা তাৰকাসকলে। তেওঁলোকৰে চুবুৰীয়া হৈছে বেজোছ। প্ৰায় ৯.৫ একৰ এলেকা জুৰি বিয়পি থকা সেউজীয়াৰ মাজত বেজোছৰ ঘৰ। ১৬.৫ কোটি আমেৰিকান ডলাৰত গোটেইখিনি ক্ৰয় কৰিছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ১২৩৭ কোটি। ছুপাৰ ইয়ট: বিশ্বৰ সৰ্ববৃহৎ প্ৰমোদতৰী বা ছুপাৰ ইয়টৰ গৰাকী জেফ। ছুপাৰ ইয়টখনৰ নাম ৱাই ৭২১। দৈৰ্ঘ্য ৪১৭ ফুট। ২০১৮ চনতে ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি জনাইছে জেফে। এতিয়া নিৰ্মাণ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যয়ত।ছুপাৰ ইয়টৰ মূল্য হৈছে ৫০ কোটি আমেৰিকান ডলাৰ। ভাৰতীয় মুদ্ৰা ইয়াৰ মূল্য প্ৰায় ৪হাজাৰ কোটি। ৰবট কুকুৰ: জেফৰ এটা পোহনীয়া কুকুৰ আছে। কিন্তু এইটো সাধাৰণ কুকুৰ নহয়।জেফৰ এই কুকুৰটোৰ নাম স্পট। ইয়াৰ মূল্য প্ৰায় ৭৪হাজাৰ ডলাৰ। স্পটে ১৪ কিলোগ্ৰাম ওজনৰ সামগ্ৰী কঢ়িয়াব পাৰে। নিজে দুৱাৰ খুলিব পাৰে। আনকি জেফক পানীয় পৰ্যন্ত যোগান ধৰিব পাৰে স্পটে। লেক হাউছ: ৱাশ্বিংটনৰ মেদিনা হ্ৰদৰ পাৰত ২ হেক্টৰ ভূমিৰ মালিক জেফ। সেই ঘৰটোতে আছে এখন হাউছবোট।সকলোখিনিমিলি মূল্য হৈছে প্ৰায় ১২কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য হৈছে ৮৮৪ কোটি। বিৰাটকায় ঘড়ী: বেজোছে এটা বিৰাটকায় ঘড়ী তৈয়াৰ কৰিছে। ঘড়ীটোৰ উচ্চতা প্ৰায় ৫০০ ফুট। বেজোছৰ মতে, ঘড়ীটো এনেদৰে নিৰ্মাণ কৰা হৈছে যিটো ১০হাজাৰ বছৰ ধৰি চলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু