--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন শ্বপিং কোম্পানী এমাজ’নৰ মালিক বেছ চৌখিন ব্যক্তি। আমাজনৰ স্বত্বাধিকাৰী হিচাপে নিজৰ ৰুচি পূৰণ কৰিবলৈ ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰাটো তেওঁৰ বাবে সাধাৰণ কথা। কিন্তু তেওঁৰ ৰুচিবোৰহে যথেষ্ট অদ্ভুদ। এমাজ’নৰ স্বত্বাধিকাৰী হৈছে জেফ বেজোছ। ২০২২ চনৰ তেওঁৰ সম্পত্তিৰ মুঠ মূল্য হৈছে ১৮হাজাৰ ৩৮০কোটি আমেৰিকান ডলাৰ। পৃথিৱীৰ আটাইতকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত জেফ আছে দ্বিতীয় স্থানত। জেফৰ জীৱন-যাপনো অত্যন্ত বিলাসবহুল। অৱশ্যে, জেফৰ বিলাসিতাৰ সংজ্ঞা অলপ বেলেগ বিশ্বৰ আটাইতকৈ দুৰ্লভ আৰু বিৰল সামগ্ৰীবোৰো আছে জেফৰ ওচৰতে। কিছুমান ব্যয়বহুল আৰু বিৰল সামগ্ৰীৰ তালিকাৰ ৮বিধ সামগ্ৰীৰ তালিকা পোহৰলৈ আহিছে। প্ৰাইভেট জেটপ্লেন: জেফে ব্যক্তিগত জেটত চলাচল কৰে। আমেৰিকাৰ পৰা ইউৰোপলৈ অহা যোৱা কৰাটো তেওঁৰ বাবে নিত্য নৈমিত্তিক ঘটনা। জেফৰ ওচৰত আছে পৃথিৱীৰ দ্ৰুততম জেটপ্লেন। নাম জি-৬৫০ইআৰ। জেটপ্লেনখনৰ মূল্য ৬৫০কোটি আমেৰিকান ডলাৰ।ভাৰতীয় মূদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৪৭৬কোটি। মিউজিয়াম হাউছ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি.চি ত থাকিবলৈ এটা বাসগৃহ ক্ৰয় কৰিছিল জেফে। অৱশ্যে, ইয়াক কেৱল বাসগৃহ বুলি ক’লে ভুল কোৱা হ’ব। এসময়ত এই ঘৰটো কাপোৰৰ সংগ্ৰহালয় সদৃশ আছিল। জেফে সেই ঘৰটো ক্ৰয় কৰাৰ পাছত নিজৰ ধৰণে সজাইছে। ঘৰটোৰ ভিতৰত আছে ১১ টা শোৱনি কোঠা, ২৫ টা বাথৰুম, ৫টা লিভিং ৰুম আৰু ২ এলিভেটৰ। ঘৰটোৰ মূল্য প্ৰায় ২৫০ কোটি আমেৰিকান ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ১৭৩ কোটি। প্ৰাসাদ: নিউয়ৰ্কৰ ২১২ ফিফথ এভিনিউৰ বেজোছতো এটা প্ৰাসাদ আছে জেফৰ। এই প্ৰাসাদটোৰ মূল্য প্ৰায় ১১.২ কোটি আমেৰিকান ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৮৪০ কোটি । এই ৰাজকীয় প্ৰাসাদটোত পেইণ্ট হাউছৰ পৰা ফিটনেছ ৰুমলৈকে, গল্ফ খেলৰ কোঠা, পৃথক গেম ৰুম, চিনেমা চাব পৰাকৈ সৰু হলকে আদি কৰি সকলোখিনি আছে। হলিউড ঘৰ: লছ এঞ্জেলছৰ বেভাৰ্লি হিলছত বাস কৰে হলিউডৰ খ্যাতিনামা তাৰকাসকলে। তেওঁলোকৰে চুবুৰীয়া হৈছে বেজোছ। প্ৰায় ৯.৫ একৰ এলেকা জুৰি বিয়পি থকা সেউজীয়াৰ মাজত বেজোছৰ ঘৰ। ১৬.৫ কোটি আমেৰিকান ডলাৰত গোটেইখিনি ক্ৰয় কৰিছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ১২৩৭ কোটি। ছুপাৰ ইয়ট: বিশ্বৰ সৰ্ববৃহৎ প্ৰমোদতৰী বা ছুপাৰ ইয়টৰ গৰাকী জেফ। ছুপাৰ ইয়টখনৰ নাম ৱাই ৭২১। দৈৰ্ঘ্য ৪১৭ ফুট। ২০১৮ চনতে ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি জনাইছে জেফে। এতিয়া নিৰ্মাণ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যয়ত।ছুপাৰ ইয়টৰ মূল্য হৈছে ৫০ কোটি আমেৰিকান ডলাৰ। ভাৰতীয় মুদ্ৰা ইয়াৰ মূল্য প্ৰায় ৪হাজাৰ কোটি। ৰবট কুকুৰ: জেফৰ এটা পোহনীয়া কুকুৰ আছে। কিন্তু এইটো সাধাৰণ কুকুৰ নহয়।জেফৰ এই কুকুৰটোৰ নাম স্পট। ইয়াৰ মূল্য প্ৰায় ৭৪হাজাৰ ডলাৰ। স্পটে ১৪ কিলোগ্ৰাম ওজনৰ সামগ্ৰী কঢ়িয়াব পাৰে। নিজে দুৱাৰ খুলিব পাৰে। আনকি জেফক পানীয় পৰ্যন্ত যোগান ধৰিব পাৰে স্পটে। লেক হাউছ: ৱাশ্বিংটনৰ মেদিনা হ্ৰদৰ পাৰত ২ হেক্টৰ ভূমিৰ মালিক জেফ। সেই ঘৰটোতে আছে এখন হাউছবোট।সকলোখিনিমিলি মূল্য হৈছে প্ৰায় ১২কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য হৈছে ৮৮৪ কোটি। বিৰাটকায় ঘড়ী: বেজোছে এটা বিৰাটকায় ঘড়ী তৈয়াৰ কৰিছে। ঘড়ীটোৰ উচ্চতা প্ৰায় ৫০০ ফুট। বেজোছৰ মতে, ঘড়ীটো এনেদৰে নিৰ্মাণ কৰা হৈছে যিটো ১০হাজাৰ বছৰ ধৰি চলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ