--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াই অৱমাননাৰ গোচৰত আত্মৰক্ষা কৰিবলৈ অন্তিম সুযোগ লাভ কৰিছে৷ এক শুনানিযোগে কালি ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিজয় মালিয়াক আত্মৰক্ষাৰ শেষ সুযোগ প্ৰদান কৰিছে৷ উচ্চতম ন্যায়ালয়ে যুক্তি দৰ্শাই কয় যে, শাস্তিৰ বিষয়টোত বিজয় মালিয়াক ৰুজু হৈ থকা গোচৰটোত নিজৰ স্থিতি স্পষ্ট কৰাৰ শেষ সুযোগ দিয়া উচিত। উচ্চতম ন্যায়ালয়ে কালি পলাতক ব্যৱসায়ী বিজয় মালিয়াক ব্যক্তিগতভাৱেই হওক অথবা পৰামৰ্শদাতাৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা অৱমাননাৰ গোচৰত স্থিতি উপস্থাপন কৰিবলৈ দুসপ্তাহৰ অন্তিম সুযোগ প্ৰদান কৰিছে আৰু যদি তেওঁ এই সুযোগ গ্ৰহণ কৰিবলৈ বিফল হয় তেন্তে আদালতে তেওঁ শাস্তি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ ন্যায়াধীশ ইউইউ ললিতৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে অৱমাননাৰ গোচৰ স্থগিত কৰি বিষয়টো ২৪ ফেব্ৰুৱাৰীলৈ বাবে স্থগিত ৰাখিছে৷ ন্যায়ালয়ে বিষয়টোত আদালতক সহায় কৰি থকা এমিকাছ কিউৰী আৰু জ্যেষ্ঠ অধিবক্তা জয়দীপ গুপ্তাই যুক্তি দৰ্শাই কয় যে, শাস্তিৰ বিষয়টোত মালিয়াক গোচৰটোত তেওঁৰ স্থিতি লোৱাৰ অন্তিম সুযোগ দিয়া উচিত। যোৱা বছৰ উচ্চতম ন্যায়ালয়ে কৈছিল যে আদালতে যথেষ্ট দীঘলীয়া সময় অপেক্ষা কৰিছে আৰু মালিয়াক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বাবে এতিয়া আৰু অধিক অপেক্ষা কৰিব নোৱাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন