--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াই অৱমাননাৰ গোচৰত আত্মৰক্ষা কৰিবলৈ অন্তিম সুযোগ লাভ কৰিছে৷ এক শুনানিযোগে কালি ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিজয় মালিয়াক আত্মৰক্ষাৰ শেষ সুযোগ প্ৰদান কৰিছে৷ উচ্চতম ন্যায়ালয়ে যুক্তি দৰ্শাই কয় যে, শাস্তিৰ বিষয়টোত বিজয় মালিয়াক ৰুজু হৈ থকা গোচৰটোত নিজৰ স্থিতি স্পষ্ট কৰাৰ শেষ সুযোগ দিয়া উচিত। উচ্চতম ন্যায়ালয়ে কালি পলাতক ব্যৱসায়ী বিজয় মালিয়াক ব্যক্তিগতভাৱেই হওক অথবা পৰামৰ্শদাতাৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা অৱমাননাৰ গোচৰত স্থিতি উপস্থাপন কৰিবলৈ দুসপ্তাহৰ অন্তিম সুযোগ প্ৰদান কৰিছে আৰু যদি তেওঁ এই সুযোগ গ্ৰহণ কৰিবলৈ বিফল হয় তেন্তে আদালতে তেওঁ শাস্তি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ ন্যায়াধীশ ইউইউ ললিতৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে অৱমাননাৰ গোচৰ স্থগিত কৰি বিষয়টো ২৪ ফেব্ৰুৱাৰীলৈ বাবে স্থগিত ৰাখিছে৷ ন্যায়ালয়ে বিষয়টোত আদালতক সহায় কৰি থকা এমিকাছ কিউৰী আৰু জ্যেষ্ঠ অধিবক্তা জয়দীপ গুপ্তাই যুক্তি দৰ্শাই কয় যে, শাস্তিৰ বিষয়টোত মালিয়াক গোচৰটোত তেওঁৰ স্থিতি লোৱাৰ অন্তিম সুযোগ দিয়া উচিত। যোৱা বছৰ উচ্চতম ন্যায়ালয়ে কৈছিল যে আদালতে যথেষ্ট দীঘলীয়া সময় অপেক্ষা কৰিছে আৰু মালিয়াক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বাবে এতিয়া আৰু অধিক অপেক্ষা কৰিব নোৱাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ