--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ শাসনাধিষ্ঠ পিটিআইৰ সাংসদ আৰু জনপ্ৰিয় দূৰদৰ্শন সঞ্চালক ড০ আমিৰ লিয়াকত হুছেইনে তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। ৪৯ বছৰীয়া সাংসদগৰাকীয়ে ১৮ বছৰীয়া চৈয়দা দানিয়া শ্বাহৰ সৈতে তৃতীয় বিবাহ কৰা বিষয়টো পাকিস্তানত আলোচনাৰ বিষয় হৈ পৰিছে। দুয়ো বুধবাৰে বিবাহপাশত আৱদ্ধ হয়। এই বিয়াৰ খবৰ আমিৰ লিয়াকত হুছেইনে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে জনায়। আমিৰ লিয়াকত হুছেইনে দ্বিতীয় পত্নীক বিবাহ বিচ্ছেদ দিয়াৰ দিনাই তৃতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয়। [caption id="attachment_130024" align="aligncenter" width="300"] প্ৰথমা পত্নীৰ সৈতে আমিৰ লিয়াকত হুছেইন[/caption] ইনষ্টাগ্ৰামত তেওঁৰ তৃতীয় পত্নীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলৰ সাংসদগৰাকীয়ে লিখিছে, “যোৱা নিশা ১৮ বছৰীয়া চৈয়দা দানিয়া শ্বাহৰ সৈতে বিবাহপাশত আৱদ্ধ হ’লো। তেওঁ দক্ষিণ পঞ্জাৱৰ লোধাৰণৰ সন্মানীয় সাদাত পৰিয়ালৰ জীয়ৰী।” তেওঁৰ পোষ্টত তেওঁৰ তৃতীয় পত্নীৰ প্ৰশংসা কৰি আমিৰ লিয়াকাতে আৰু লিখিছিল, “তেওঁ খুব ধুনীয়া, সৰল আৰু মৰমৰ। মই মোৰ সকলো শুভাকাংক্ষীক আমাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছো। মই এইমাত্ৰ মোৰ জীৱনৰ বেয়া সময়বোৰ এৰি আহিছো। সেইটো মোৰ ভুল সিদ্ধান্ত আছিল।” বুধবাৰে আমিৰৰ দ্বিতীয় পত্নী অভিনেত্ৰী তুব্বা আমিৰে ইনষ্টাগ্ৰামৰ জৰিয়তে আমিৰৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। তেওঁৰ পোষ্টত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে দুয়োজনে যোৱা ১৪ মাহ ধৰি পৃথকে বাস কৰি আছে। [caption id="attachment_130025" align="aligncenter" width="300"] দ্বিতীয় পত্নীৰ সৈতে আমিৰ লিয়াকত হুছেইন[/caption] তেওঁ পোষ্টত লিখিছিল, “গভীৰ হৃদয়েৰে মই আপোনাক মোৰ ব্যক্তিগত জীৱনৰ সৈতে সম্পৰ্কিত এটা তথ্য দিব বিচাৰিছোঁ। মোৰ ঘনিষ্ঠ বন্ধু আৰু আত্মীয়সকলে জানে যে আমিৰ লিয়াকত আৰু মই ১৪ মাহ ধৰি পৃথকে বাস কৰি আছো আৰু এইটো কথাই প্ৰমাণ কৰে যে আমি একেলগে থাকিব নোৱাৰোঁ। আদালতলৈ গৈ বিবাহ বিচ্ছেদ কৰাৰ বাহিৰে মোৰ কোনো উপায় নাছিল।মই বুজাব নোৱাৰো এইটো মোৰ বাবে কিমান কঠিন আছিল, কিন্তু মই আল্লাৰ ওপৰত বিশ্বাস কৰোঁ। মই সকলো লোকক মোৰ সিদ্ধান্তক সন্মান কৰিবলৈ অনুৰোধ জনাইছোঁ।” [caption id="attachment_130027" align="aligncenter" width="300"] তৃতীয় পত্নীৰ সৈতে আমিৰ লিয়াকত হুছেইন[/caption] আমিৰৰ দ্বিতীয় বিবাহ ২০১৮ চনত হৈছিল। যেতিয়া আমিৰে বিবাহৰ কথা ঘোষণা কৰিছিল, তেওঁৰ প্ৰথম পত্নী ছাইদ বুছৰা ইকবালে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৈছিল যে আমিৰে তেওঁক ফোনযোগে বিবাহ বিচ্ছেদ দিছিল। বুচৰাই কৈছিল যে এই কথাই তেওঁৰ সন্তান আৰু তেওঁক গভীৰভাৱে আঘাত কৰিছিল। ড০ আমিৰ লিয়াকত হুছেইনৰ তৃতীয় বিবাহো স্থায়ী হ’ব নে নাই তাকে লৈ প্ৰশ্ন উঠিছে পাকিস্তানত। আৰু পঢ়কঃ আজি প্ৰ’মিজ দে! সম্পৰ্ক মজবুত কৰিবলৈ এই ৫ টা প্ৰ’মিজ কৰক সংগীক

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ