--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ শাসনাধিষ্ঠ পিটিআইৰ সাংসদ আৰু জনপ্ৰিয় দূৰদৰ্শন সঞ্চালক ড০ আমিৰ লিয়াকত হুছেইনে তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। ৪৯ বছৰীয়া সাংসদগৰাকীয়ে ১৮ বছৰীয়া চৈয়দা দানিয়া শ্বাহৰ সৈতে তৃতীয় বিবাহ কৰা বিষয়টো পাকিস্তানত আলোচনাৰ বিষয় হৈ পৰিছে। দুয়ো বুধবাৰে বিবাহপাশত আৱদ্ধ হয়। এই বিয়াৰ খবৰ আমিৰ লিয়াকত হুছেইনে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে জনায়। আমিৰ লিয়াকত হুছেইনে দ্বিতীয় পত্নীক বিবাহ বিচ্ছেদ দিয়াৰ দিনাই তৃতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয়। [caption id="attachment_130024" align="aligncenter" width="300"] প্ৰথমা পত্নীৰ সৈতে আমিৰ লিয়াকত হুছেইন[/caption] ইনষ্টাগ্ৰামত তেওঁৰ তৃতীয় পত্নীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলৰ সাংসদগৰাকীয়ে লিখিছে, “যোৱা নিশা ১৮ বছৰীয়া চৈয়দা দানিয়া শ্বাহৰ সৈতে বিবাহপাশত আৱদ্ধ হ’লো। তেওঁ দক্ষিণ পঞ্জাৱৰ লোধাৰণৰ সন্মানীয় সাদাত পৰিয়ালৰ জীয়ৰী।” তেওঁৰ পোষ্টত তেওঁৰ তৃতীয় পত্নীৰ প্ৰশংসা কৰি আমিৰ লিয়াকাতে আৰু লিখিছিল, “তেওঁ খুব ধুনীয়া, সৰল আৰু মৰমৰ। মই মোৰ সকলো শুভাকাংক্ষীক আমাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছো। মই এইমাত্ৰ মোৰ জীৱনৰ বেয়া সময়বোৰ এৰি আহিছো। সেইটো মোৰ ভুল সিদ্ধান্ত আছিল।” বুধবাৰে আমিৰৰ দ্বিতীয় পত্নী অভিনেত্ৰী তুব্বা আমিৰে ইনষ্টাগ্ৰামৰ জৰিয়তে আমিৰৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। তেওঁৰ পোষ্টত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে দুয়োজনে যোৱা ১৪ মাহ ধৰি পৃথকে বাস কৰি আছে। [caption id="attachment_130025" align="aligncenter" width="300"] দ্বিতীয় পত্নীৰ সৈতে আমিৰ লিয়াকত হুছেইন[/caption] তেওঁ পোষ্টত লিখিছিল, “গভীৰ হৃদয়েৰে মই আপোনাক মোৰ ব্যক্তিগত জীৱনৰ সৈতে সম্পৰ্কিত এটা তথ্য দিব বিচাৰিছোঁ। মোৰ ঘনিষ্ঠ বন্ধু আৰু আত্মীয়সকলে জানে যে আমিৰ লিয়াকত আৰু মই ১৪ মাহ ধৰি পৃথকে বাস কৰি আছো আৰু এইটো কথাই প্ৰমাণ কৰে যে আমি একেলগে থাকিব নোৱাৰোঁ। আদালতলৈ গৈ বিবাহ বিচ্ছেদ কৰাৰ বাহিৰে মোৰ কোনো উপায় নাছিল।মই বুজাব নোৱাৰো এইটো মোৰ বাবে কিমান কঠিন আছিল, কিন্তু মই আল্লাৰ ওপৰত বিশ্বাস কৰোঁ। মই সকলো লোকক মোৰ সিদ্ধান্তক সন্মান কৰিবলৈ অনুৰোধ জনাইছোঁ।” [caption id="attachment_130027" align="aligncenter" width="300"] তৃতীয় পত্নীৰ সৈতে আমিৰ লিয়াকত হুছেইন[/caption] আমিৰৰ দ্বিতীয় বিবাহ ২০১৮ চনত হৈছিল। যেতিয়া আমিৰে বিবাহৰ কথা ঘোষণা কৰিছিল, তেওঁৰ প্ৰথম পত্নী ছাইদ বুছৰা ইকবালে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৈছিল যে আমিৰে তেওঁক ফোনযোগে বিবাহ বিচ্ছেদ দিছিল। বুচৰাই কৈছিল যে এই কথাই তেওঁৰ সন্তান আৰু তেওঁক গভীৰভাৱে আঘাত কৰিছিল। ড০ আমিৰ লিয়াকত হুছেইনৰ তৃতীয় বিবাহো স্থায়ী হ’ব নে নাই তাকে লৈ প্ৰশ্ন উঠিছে পাকিস্তানত। আৰু পঢ়কঃ আজি প্ৰ’মিজ দে! সম্পৰ্ক মজবুত কৰিবলৈ এই ৫ টা প্ৰ’মিজ কৰক সংগীক

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু