--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউটিউবত এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি গুগলে তেওঁৰ ৰাজনৈতিক জীৱন নষ্ট কৰিছে! হয়, দিনদিয়েক আগেয়ে এনে অভিযোগেই উত্থাপিত হৈছিল। অষ্ট্ৰেলিয়াৰ এখন আদালতে গুগলক এই অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিছে। আদালতে ৰাজনীতিবিদজনক ৫ লাখ ১৫ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে গুগলক। আদালতৰ মতে, গুগলৰ অদূৰদৰ্শীতাৰ বাবে ৰাজনৈতিক নেতাগৰাকীয়ে নিজৰ কেৰিয়াৰ অকালতে শেষ কৰিবলগীয়া হোৱা বুলি জনাইছে।

অষ্ট্ৰেলিয়ান এই ৰাজনীতিবিদজনৰ নাম জন বাৰিলাৰো। তেওঁ অষ্ট্ৰেলিয়াৰ আটাইতকৈ জনবহুল প্ৰদেশ নিউ চাউথ ৱেলছৰ উপ-সভাপতি। অষ্ট্ৰেলিয়াৰ এখন আদালতে ৰায় দিছে যে এজন ৰাজনৈতিক মন্তব্যকাৰীয়ে ইউটিউবত জন আক্ৰমণৰ দুটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ইউটিউবত আঠ মিলিয়ন বাৰ এই ভিডিঅ’ দুটা চোৱা হৈছে। গুগলৰ মালিকানাধীন ইউটিউবত এই ভিডিঅ’ দুটাই লাখ লাখ টকা উপাৰ্জন কৰিছে। আদালতৰ মতে, কোনো প্ৰামাণিক তথ্য নোহোৱাকৈ গুগলে এনেদৰে মানহানি তথা অপপ্ৰচাৰৰ কৰা বাবে ক্ষতিপূৰণ দিব লাগিব।

ৰাজনৈতিক মন্তব্যকাৰী জৰ্ডান শ্বেংকে ইউটিউবত প্ৰকাশ কৰা ভিডিঅ’ দুটাত ৰাজনীতিবিদজনক দুৰ্নীতিত লিপ্ত ৰাজনীতিবিদ বুলি অভিহিত কৰাৰ লগতে তেওঁৰ চৰিত্ৰ আৰু সততাক লৈয়ো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। আনকি তেওঁক বৰ্ণবাদী বুলিও অভিযোগ উত্থাপন কৰা হৈছিল ভিডিঅ’টোৰ যোগেদি। ২০২০ চনৰ এই দুটা ভিডিঅ’ৰ বাবে ২০২১ চনৰ অক্টোবৰৰ আৰম্ভণিতে জন বাৰেলোৱে ৰাজনীতি এৰিবলৈ বাধ্য হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ