--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউটিউবত এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি গুগলে তেওঁৰ ৰাজনৈতিক জীৱন নষ্ট কৰিছে! হয়, দিনদিয়েক আগেয়ে এনে অভিযোগেই উত্থাপিত হৈছিল। অষ্ট্ৰেলিয়াৰ এখন আদালতে গুগলক এই অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিছে। আদালতে ৰাজনীতিবিদজনক ৫ লাখ ১৫ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে গুগলক। আদালতৰ মতে, গুগলৰ অদূৰদৰ্শীতাৰ বাবে ৰাজনৈতিক নেতাগৰাকীয়ে নিজৰ কেৰিয়াৰ অকালতে শেষ কৰিবলগীয়া হোৱা বুলি জনাইছে।

অষ্ট্ৰেলিয়ান এই ৰাজনীতিবিদজনৰ নাম জন বাৰিলাৰো। তেওঁ অষ্ট্ৰেলিয়াৰ আটাইতকৈ জনবহুল প্ৰদেশ নিউ চাউথ ৱেলছৰ উপ-সভাপতি। অষ্ট্ৰেলিয়াৰ এখন আদালতে ৰায় দিছে যে এজন ৰাজনৈতিক মন্তব্যকাৰীয়ে ইউটিউবত জন আক্ৰমণৰ দুটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ইউটিউবত আঠ মিলিয়ন বাৰ এই ভিডিঅ’ দুটা চোৱা হৈছে। গুগলৰ মালিকানাধীন ইউটিউবত এই ভিডিঅ’ দুটাই লাখ লাখ টকা উপাৰ্জন কৰিছে। আদালতৰ মতে, কোনো প্ৰামাণিক তথ্য নোহোৱাকৈ গুগলে এনেদৰে মানহানি তথা অপপ্ৰচাৰৰ কৰা বাবে ক্ষতিপূৰণ দিব লাগিব।

ৰাজনৈতিক মন্তব্যকাৰী জৰ্ডান শ্বেংকে ইউটিউবত প্ৰকাশ কৰা ভিডিঅ’ দুটাত ৰাজনীতিবিদজনক দুৰ্নীতিত লিপ্ত ৰাজনীতিবিদ বুলি অভিহিত কৰাৰ লগতে তেওঁৰ চৰিত্ৰ আৰু সততাক লৈয়ো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। আনকি তেওঁক বৰ্ণবাদী বুলিও অভিযোগ উত্থাপন কৰা হৈছিল ভিডিঅ’টোৰ যোগেদি। ২০২০ চনৰ এই দুটা ভিডিঅ’ৰ বাবে ২০২১ চনৰ অক্টোবৰৰ আৰম্ভণিতে জন বাৰেলোৱে ৰাজনীতি এৰিবলৈ বাধ্য হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?