--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাদ্ধা এইকেইদিন চৰ্চাত আছে। দুয়োৰে ডেটিঙৰ বাতৰি ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ইফালে পৰিণীতি আৰু ৰাঘৱক একেলগে বিমানবন্দৰতো দেখা গৈছে। এই কথাও শুনিবলৈ পোৱা গৈছে যে দুয়োজনে অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’ব। 

ৰাঘৱ চাদ্ধাৰ সৈতে সম্পৰ্কৰ উৰাবাতৰিৰ মাজতে ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এটা পুৰণি সাক্ষাৎকাৰ। আচলতে এই ভাইৰেল সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে তেওঁ কেতিয়াবা কোনো ৰাজনীতিবিদৰ লগত ডেটিং কৰিব নেকি, তাৰ উত্তৰত পৰিনীতিয়ে কয়, “মই কোনো ৰাজনীতিবিদক বিয়া কৰাব নিবিচাৰো। ভাল বিকল্প বহুত আছে, কিন্তু ৰাজনীতিবিদৰ লগত বিয়া কৰাব নিবিচাৰো।"

এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত পৰিণীতিয়ে তেওঁৰ ভৱিষ্যত জীৱন সংগী কেনে হোৱাটো বিচাৰে, সেই কথা কৈছিল। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে ''তেওঁ ধেমেলীয়া প্ৰকৃতিৰ হ’ব লাগিব, তেওঁৰ লগত মোৰ ভাইব মিল খাব লাগিব আৰু তেওঁ মোক সন্মান কৰিব লাগিব।'' ইয়াৰ উপৰিও পৰিণীতিয়ে কৈছিল যে তেওঁ ভ্ৰমণৰ প্ৰতি অতি আকৰ্ষিত, গতিকে তেওঁৰ জীৱনসংগীও ভ্ৰমণৰ প্ৰতি আকৰ্ষিত হোৱা উচিত।

উল্লেখ্য যে যোৱা সপ্তাহত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাক ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা পোৱাৰ পৰাই ৰাঘৱ আৰু পৰিণীতিৰ ডেটিঙৰ উৰাবাতৰি আৰম্ভ হৈছিল। যদিও দুয়োৰে সম্পৰ্কৰ অৱস্থাক লৈ এতিয়াও নিশ্চিত তথ্য নাই তথাপিও আপ নেতা সঞ্জীৱ অৰোৰা আৰু অভিনেতা হাৰ্ডি সন্ধুকে ধৰি তেওঁলোকৰ চৌপাশৰ লোকে এই বিবাহৰ উৰাবাতৰি নিশ্চিত কৰিছে।

এতিয়া পৰিণীতিয়ে ৰাজনীতিবিদ ৰাঘৱ চাদ্ধাৰ সৈতে বিয়াত বহিবনে নাই সেয়াহে হ’ব লক্ষ্যণীয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক