--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ অভিনেত্ৰী কেটৰিনা কাঈফৰ ৰূপে বিমোহিত কৰে স্বামী  বিকি কৌশলক। বিয়াৰ  দুবছৰ উকলি যোৱাৰ পিছতো কেটৰিনাৰ ন ন বিকিক আকৰ্ষিত কৰি আহিছে।কেটৰিনা কাঈফৰ সৌন্দৰ্যত বিয়াকুল হৈ পৰে বিকি। সাগৰৰ পাৰত ক'লা বিকিনি পিন্ধি স্বামীৰ হাতত ধৰি বা পুৱাৰ  কোমল ৰ’দত  সুন্দৰী কেটৰ হাতত ধৰি খোজকঢ়াৰ আনন্দ বিকিৰ বাবে এক ভাষাৰে বুজাব নোৱাৰা আনন্দ।

ইনষ্টাগ্ৰামৰ কেতিয়াবা দম্পতীহালে নিজৰ ফটো শ্বেয়াৰ কৰে।কেৱল বিকিয়েই নহয়, কেটৰিনাৰ অনুৰাগীসকলেও অভিনেত্ৰীগৰাকীৰ  সৌন্দৰ্যৰ ৰহস্য জানিব বিচাৰে। বহুলোকে কেটৰিনাৰ দৈনিক ৰুটিন খনৰ বিষয়ে জানিবলৈ আগ্ৰহী। শেহতীয়াকৈ, নায়িকাগৰাকীয়ে তেওঁৰ পুৱাৰ ৰুটিনৰ বিষয়ে স্পষ্টকৈ কৈছে।

কেটৰিনাৰ মতে পুৱা তেওঁ ছালৰ যত্নৰ বাবে কিছু সময় দিয়ে।  সেয়ে বিচনাৰ পৰা উঠিয়েই তেওঁ ছালৰ যত্ন ল’বলৈ চেষ্টা কৰে।  কেটৰিনাৰ মতে ছালখন ধুনীয়া কৰি  ৰাখিবলৈ পুৱাৰ মেকআপৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। কেটৰিনাই এই কথা কেৱল বিশ্বাসেই নকৰে,ইয়াক মানিও চলে। কেটৰিনাই প্ৰতিদিনে পুৱা দুগিলাচ কুহুমীয়া পানী পান কৰি দিনটো আৰম্ভ কৰে। তাৰ পিছত তেওঁ ছালখন 'ফেচিয়েল অইল'ৰে মালিচ কৰে।

পেছাটোৰ বাবেই অভিনেতা-অভিনেত্ৰীসকলে মেকআপ কৰিবই লাগে। কিন্তু যদি কোনো শ্বুটিং নাথাকে, কেটৰিনাই মেকআপৰ পৰা আঁতৰি থাকে। কেটৰিনাৰ ছাল অত্যন্ত মসৃণ। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে  ছালত বৰফ ঘঁহিলে ছাল মসৃণ কৰি ৰখাটো সম্ভৱ।

কেৱল বাহ্যিক যত্নই নহয় ছাল ভালে ৰাখিবলৈ আপুনি কি খায় সেয়াও গুৰুত্বপূৰ্ণ বুলি কৈছে অভিনেত্ৰীগৰাকীয়ে। প্ৰায় প্ৰতিদিনে কেটৰিনাৰ পুৱাৰ আহাৰত ইডলি থাকে। দৈৰ বাটি এটাও লগত থাকেই। কেটৰিনাৰ আহাৰত তেল-মচলাৰ কোনো স্থান নাই। দৈ খালে ছালৰ উজ্জ্বলতা বাঢ়ে বুলি কেটৰিনাই দৃঢ় ভাবে বিশ্বাস কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু