--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ অভিনেত্ৰী কেটৰিনা কাঈফৰ ৰূপে বিমোহিত কৰে স্বামী  বিকি কৌশলক। বিয়াৰ  দুবছৰ উকলি যোৱাৰ পিছতো কেটৰিনাৰ ন ন বিকিক আকৰ্ষিত কৰি আহিছে।কেটৰিনা কাঈফৰ সৌন্দৰ্যত বিয়াকুল হৈ পৰে বিকি। সাগৰৰ পাৰত ক'লা বিকিনি পিন্ধি স্বামীৰ হাতত ধৰি বা পুৱাৰ  কোমল ৰ’দত  সুন্দৰী কেটৰ হাতত ধৰি খোজকঢ়াৰ আনন্দ বিকিৰ বাবে এক ভাষাৰে বুজাব নোৱাৰা আনন্দ।

ইনষ্টাগ্ৰামৰ কেতিয়াবা দম্পতীহালে নিজৰ ফটো শ্বেয়াৰ কৰে।কেৱল বিকিয়েই নহয়, কেটৰিনাৰ অনুৰাগীসকলেও অভিনেত্ৰীগৰাকীৰ  সৌন্দৰ্যৰ ৰহস্য জানিব বিচাৰে। বহুলোকে কেটৰিনাৰ দৈনিক ৰুটিন খনৰ বিষয়ে জানিবলৈ আগ্ৰহী। শেহতীয়াকৈ, নায়িকাগৰাকীয়ে তেওঁৰ পুৱাৰ ৰুটিনৰ বিষয়ে স্পষ্টকৈ কৈছে।

কেটৰিনাৰ মতে পুৱা তেওঁ ছালৰ যত্নৰ বাবে কিছু সময় দিয়ে।  সেয়ে বিচনাৰ পৰা উঠিয়েই তেওঁ ছালৰ যত্ন ল’বলৈ চেষ্টা কৰে।  কেটৰিনাৰ মতে ছালখন ধুনীয়া কৰি  ৰাখিবলৈ পুৱাৰ মেকআপৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। কেটৰিনাই এই কথা কেৱল বিশ্বাসেই নকৰে,ইয়াক মানিও চলে। কেটৰিনাই প্ৰতিদিনে পুৱা দুগিলাচ কুহুমীয়া পানী পান কৰি দিনটো আৰম্ভ কৰে। তাৰ পিছত তেওঁ ছালখন 'ফেচিয়েল অইল'ৰে মালিচ কৰে।

পেছাটোৰ বাবেই অভিনেতা-অভিনেত্ৰীসকলে মেকআপ কৰিবই লাগে। কিন্তু যদি কোনো শ্বুটিং নাথাকে, কেটৰিনাই মেকআপৰ পৰা আঁতৰি থাকে। কেটৰিনাৰ ছাল অত্যন্ত মসৃণ। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে  ছালত বৰফ ঘঁহিলে ছাল মসৃণ কৰি ৰখাটো সম্ভৱ।

কেৱল বাহ্যিক যত্নই নহয় ছাল ভালে ৰাখিবলৈ আপুনি কি খায় সেয়াও গুৰুত্বপূৰ্ণ বুলি কৈছে অভিনেত্ৰীগৰাকীয়ে। প্ৰায় প্ৰতিদিনে কেটৰিনাৰ পুৱাৰ আহাৰত ইডলি থাকে। দৈৰ বাটি এটাও লগত থাকেই। কেটৰিনাৰ আহাৰত তেল-মচলাৰ কোনো স্থান নাই। দৈ খালে ছালৰ উজ্জ্বলতা বাঢ়ে বুলি কেটৰিনাই দৃঢ় ভাবে বিশ্বাস কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ