--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আল্লু অৰ্জুন-দাক্ষিণাত্যৰ 'ছুপাৰষ্টাৰ' তেওঁ, অনুৰাগীৰ হিয়াৰ মণি। অৰ্জুনে য’তে হাত দিয়ে তাতেই যেন লক্ষ্মীৰ আবিৰ্ভাৱ হয়! ভাল প্ৰস্তাৱ লাভ কৰিলে বলীউডতো কোনো আপত্তি নাই। কিন্তু এখন হিন্দী চলচ্চিত্ৰ আছে য'ত আল্লু অৰ্জুনে অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে, ছবিখনে পিছত ব’ক্স অফিছৰ অভিলেখ ভংগ কৰিছিল। আপুনি হয়তো ভাবিছে যে, এনে কোনখন ছবি আছে যিখন ছবিত অভিনয়ৰ বাবে অস্বীকাৰ কৰিছিল ‘পুষ্পা’ই। স্মৰ্তব্য যে, ২০১৫ চনত 'বজৰংগী ভাইজান'ৰ চিত্ৰনাট্য লৈ আল্লুৰ কাষ চাপিছিল পৰিচালক কবীৰ খানে। দাক্ষিণাত্যৰ তাৰকাগৰাকীক ছবিখনত মূল নায়কৰ চৰিত্ৰত বিচৰা হৈছিল। কিন্তু সেই সময়ত, আল্লু অৰ্জুনে আন এখন ছবিৰ কামত ব্যস্ত আছিল। ফলস্বৰূপে, তেওঁ কবীৰ খানৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ নাকচ কৰিছিল। পৰৱৰ্তী সময়ত আল্লু অৰ্জুনে প্ৰত্যাখ্যান কৰা ছবিখনত অভিনয় কৰিছিল ছলমান খানে। তাৰ পিছৰখিনি আজি ইতিহাস। ভাৰতত হেৰুওৱা মুন্নীক পাকিস্তানত থকা তেওঁৰ ঘৰলৈ পঠিয়াই দিয়াৰ দায়িত্ব লৈছিল পৱন ওৰফে বজৰংগী ভাইজানে। সৰল, অদম্য প্ৰকৃতিৰ পৱনে বেলেগ ধৰ্মাৱলম্বীৰ শিশুক নিজৰ দেশলৈ ঘূৰাই দিয়াৰ পৰা পিছ হোঁহোকা নাছিল। প্ৰেম-ভালপোৱা-একশ্যনৰ পৰিধিৰ পৰা ওলাই আহি কবীৰ খান পৰিচালিত এই ছবিখনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল। 'বজৰংগী ভাইজান'ৰ জৰিয়তেই দীৰ্ঘদিন ধৰি একশ্যম চিনেমা কৰি অহা ছলমান এজন 'ভাল অভিনেতা' হিচাপে পুনৰ জনাজাত হৈ পৰিছিল। ছবিখনৰ মুক্তিৰ ৭বছৰ অতিক্ৰম কৰিলে। তেতিয়াৰ পাছত আৰু বলীউডত কাম কৰা হোৱা নাই আল্লু অৰ্জুনৰ। সম্প্ৰতি এক সাক্ষাত্‍কাৰত তেওঁ কয়, ‘ হিন্দী চলচ্চিত্ৰত অভিনয় কৰাটো মোৰ পেছাগত কেৰিয়াৰৰ আটাইতকৈ উল্লেখ্যযোগ্য ঘটনাৰ ভিতৰত অন্যতম হ’ব। গতিকে, মই অতি সাৱধানে কাম কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰস্তাৱটো বাছনি কৰিম।’ জানিবলৈ পোৱা মতে, অভিনেতাজনে ইতিমধ্যে বলীউডৰ পৰা একাধিক ফোন পাইছে। কিন্তু সঠিক সুযোগৰ বাবে অপেক্ষা কৰি আছে ছুপাৰষ্টাৰ 'পুষ্পা' ওৰফে আল্লু অৰ্জুনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু