--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আল্লু অৰ্জুন-দাক্ষিণাত্যৰ 'ছুপাৰষ্টাৰ' তেওঁ, অনুৰাগীৰ হিয়াৰ মণি। অৰ্জুনে য’তে হাত দিয়ে তাতেই যেন লক্ষ্মীৰ আবিৰ্ভাৱ হয়! ভাল প্ৰস্তাৱ লাভ কৰিলে বলীউডতো কোনো আপত্তি নাই। কিন্তু এখন হিন্দী চলচ্চিত্ৰ আছে য'ত আল্লু অৰ্জুনে অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে, ছবিখনে পিছত ব’ক্স অফিছৰ অভিলেখ ভংগ কৰিছিল। আপুনি হয়তো ভাবিছে যে, এনে কোনখন ছবি আছে যিখন ছবিত অভিনয়ৰ বাবে অস্বীকাৰ কৰিছিল ‘পুষ্পা’ই। স্মৰ্তব্য যে, ২০১৫ চনত 'বজৰংগী ভাইজান'ৰ চিত্ৰনাট্য লৈ আল্লুৰ কাষ চাপিছিল পৰিচালক কবীৰ খানে। দাক্ষিণাত্যৰ তাৰকাগৰাকীক ছবিখনত মূল নায়কৰ চৰিত্ৰত বিচৰা হৈছিল। কিন্তু সেই সময়ত, আল্লু অৰ্জুনে আন এখন ছবিৰ কামত ব্যস্ত আছিল। ফলস্বৰূপে, তেওঁ কবীৰ খানৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ নাকচ কৰিছিল। পৰৱৰ্তী সময়ত আল্লু অৰ্জুনে প্ৰত্যাখ্যান কৰা ছবিখনত অভিনয় কৰিছিল ছলমান খানে। তাৰ পিছৰখিনি আজি ইতিহাস। ভাৰতত হেৰুওৱা মুন্নীক পাকিস্তানত থকা তেওঁৰ ঘৰলৈ পঠিয়াই দিয়াৰ দায়িত্ব লৈছিল পৱন ওৰফে বজৰংগী ভাইজানে। সৰল, অদম্য প্ৰকৃতিৰ পৱনে বেলেগ ধৰ্মাৱলম্বীৰ শিশুক নিজৰ দেশলৈ ঘূৰাই দিয়াৰ পৰা পিছ হোঁহোকা নাছিল। প্ৰেম-ভালপোৱা-একশ্যনৰ পৰিধিৰ পৰা ওলাই আহি কবীৰ খান পৰিচালিত এই ছবিখনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল। 'বজৰংগী ভাইজান'ৰ জৰিয়তেই দীৰ্ঘদিন ধৰি একশ্যম চিনেমা কৰি অহা ছলমান এজন 'ভাল অভিনেতা' হিচাপে পুনৰ জনাজাত হৈ পৰিছিল। ছবিখনৰ মুক্তিৰ ৭বছৰ অতিক্ৰম কৰিলে। তেতিয়াৰ পাছত আৰু বলীউডত কাম কৰা হোৱা নাই আল্লু অৰ্জুনৰ। সম্প্ৰতি এক সাক্ষাত্‍কাৰত তেওঁ কয়, ‘ হিন্দী চলচ্চিত্ৰত অভিনয় কৰাটো মোৰ পেছাগত কেৰিয়াৰৰ আটাইতকৈ উল্লেখ্যযোগ্য ঘটনাৰ ভিতৰত অন্যতম হ’ব। গতিকে, মই অতি সাৱধানে কাম কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰস্তাৱটো বাছনি কৰিম।’ জানিবলৈ পোৱা মতে, অভিনেতাজনে ইতিমধ্যে বলীউডৰ পৰা একাধিক ফোন পাইছে। কিন্তু সঠিক সুযোগৰ বাবে অপেক্ষা কৰি আছে ছুপাৰষ্টাৰ 'পুষ্পা' ওৰফে আল্লু অৰ্জুনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ