--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী বণ্ডক লৈ মনোযোগী হৈ পৰিছে উচ্চতম ন্যায়ালয়৷ ৰাজনৈতিক দলসমূহক নিৰ্বাচনী বণ্ডৰ হিচাপ দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত দলসমূহে লাভ কৰা পুঁজিৰ হিচাপ দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷ 

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত চলি আছে নিৰ্বাচনী বণ্ডক লৈ গোচৰ প্ৰক্ৰিয়া। আজি শুনানিৰ অন্তিম দিনটোত ৰায়দান সংৰক্ষিত ৰাখে উচ্চতম ন্যায়ালয়ে। ৰায়দান সংৰক্ষিত ৰাখি নিৰ্বাচনী বণ্ডৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। ৰাজনৈতিক দলসমূহে লাভ কৰা পুঁজিৰ ক্ষেত্ৰত বিশ্বাসযোগ্যতা তথা স্বচ্ছতা থকাটো দৰকাৰী বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ৷ 

উল্লেখ্য যে দীৰ্ঘদিন ধৰি ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ স্বচ্ছতাক লৈ চলিছিল গোচৰ। গোচৰৰ শেষত ন্যায়ালয়ে চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰপৰ্যন্ত দলসমূহে লাভ কৰা ধনৰ তথ্য জমা দিবলৈ নিৰ্দেশনা প্ৰদান কৰে। লক্ষণীয়ভাৱে গোচৰৰ শুনানি চলি থকাৰ মাজতে নিৰ্বাচনী বণ্ডৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল কেন্দ্ৰই। ৰাজনৈতিক দলসমূহে কি উৎসৰ পৰা ধন লাভ কৰে সেই কথা জনাৰ অধিকাৰ সাধাৰণ ৰাইজৰ নাই বুলি মন্তব্য কৰিছিল কেন্দ্ৰই। তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ৷ 

কিন্তু কেন্দ্ৰৰ এই স্থিতিক যে ন্যায়ালয়ে সমৰ্থন নকৰে সেই কথা প্ৰকাশ পালে উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনত। উল্লেখ্য যে ২০১৭ চনত চাৰিখনকৈ আইন সংশোধনেৰে বলৱৎ কৰা হৈছিল নিৰ্বাচনী বণ্ড। ইয়াৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা পুঁজিৰ তথ্য গোপনে ৰখাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ভাৰতত। বিভিন্ন সময়ত নিৰ্বাচনী বণ্ডে তথ্য জনাৰ অধিকাৰ আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। 

ইয়াৰ জৰিয়তে কোনো পুঁজিপতিয়ে ধন দি তাৰ বিনিময়ত চৰকাৰী সা–সুবিধা লাভ কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া। তাৰোপৰি তথ্যসমূহ গোপনে ৰখাৰ ফলত শাসকীয় দলেই আটাইতকৈ বেছি লাভান্বিত হোৱাৰ অভিযোগ বিৰোধীৰ। তেনে পৰিপ্ৰেক্ষিতত ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। ৩১ অক্টোবৰত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৫জনীয়া বিচাৰপীঠে আৰম্ভ কৰিছিল শুনানি প্ৰক্ৰিয়া। শুনানিত বিচাৰপীঠে স্পষ্টকৈ আঙুলিয়াই দিছিল নিৰ্বাচনী বণ্ডত থকা আঁসোৱাহসমূহ। 

উল্লেখ্য যে নিৰ্বাচনী বণ্ডৰ ফলত শাসকীয় বিজেপিয়েই যে আটাইতকৈ লাভান্বিত হৈছে সেই কথা প্ৰকাশ পাই আহিছে বিভিন্ন প্ৰতিবেদনত। শেহতীয়াকৈ প্ৰকাশ পাইছিল এছ’চিয়েচন ফ’ৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন। প্ৰতিবেদন অনুসৰি বিগত ৫ বছৰত নিৰ্বাচনী বণ্ডৰ জৰিয়তে আটাইতকৈ অধিক পুঁজি সংগ্ৰহ কৰিছে বিজেপিয়ে। ৫ বছৰত বিজেপিয়ে সংগ্ৰহ কৰা পুঁজিৰ পৰিমাণ ৫ হাজাৰ ২৭২ কোটি টকা। বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৯৫২ কোটি টকা। এনেদৰেই বহুসময়ত নিৰ্বাচনী বণ্ড বিজেপিৰ বাবে হৈ পৰিছে আশীৰ্বাদস্বৰূপ। যাৰ বিৰুদ্ধে সময়ে সময়ে সৰব হৈছে দেশৰ বিৰোধী দলসমূহো। সমগ্ৰ বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে জাৰি কৰা শেহতীয়া নিৰ্দেশনা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement