--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী বণ্ডক লৈ মনোযোগী হৈ পৰিছে উচ্চতম ন্যায়ালয়৷ ৰাজনৈতিক দলসমূহক নিৰ্বাচনী বণ্ডৰ হিচাপ দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত দলসমূহে লাভ কৰা পুঁজিৰ হিচাপ দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷ 

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত চলি আছে নিৰ্বাচনী বণ্ডক লৈ গোচৰ প্ৰক্ৰিয়া। আজি শুনানিৰ অন্তিম দিনটোত ৰায়দান সংৰক্ষিত ৰাখে উচ্চতম ন্যায়ালয়ে। ৰায়দান সংৰক্ষিত ৰাখি নিৰ্বাচনী বণ্ডৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। ৰাজনৈতিক দলসমূহে লাভ কৰা পুঁজিৰ ক্ষেত্ৰত বিশ্বাসযোগ্যতা তথা স্বচ্ছতা থকাটো দৰকাৰী বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ৷ 

উল্লেখ্য যে দীৰ্ঘদিন ধৰি ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ স্বচ্ছতাক লৈ চলিছিল গোচৰ। গোচৰৰ শেষত ন্যায়ালয়ে চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰপৰ্যন্ত দলসমূহে লাভ কৰা ধনৰ তথ্য জমা দিবলৈ নিৰ্দেশনা প্ৰদান কৰে। লক্ষণীয়ভাৱে গোচৰৰ শুনানি চলি থকাৰ মাজতে নিৰ্বাচনী বণ্ডৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল কেন্দ্ৰই। ৰাজনৈতিক দলসমূহে কি উৎসৰ পৰা ধন লাভ কৰে সেই কথা জনাৰ অধিকাৰ সাধাৰণ ৰাইজৰ নাই বুলি মন্তব্য কৰিছিল কেন্দ্ৰই। তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ৷ 

কিন্তু কেন্দ্ৰৰ এই স্থিতিক যে ন্যায়ালয়ে সমৰ্থন নকৰে সেই কথা প্ৰকাশ পালে উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনত। উল্লেখ্য যে ২০১৭ চনত চাৰিখনকৈ আইন সংশোধনেৰে বলৱৎ কৰা হৈছিল নিৰ্বাচনী বণ্ড। ইয়াৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা পুঁজিৰ তথ্য গোপনে ৰখাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ভাৰতত। বিভিন্ন সময়ত নিৰ্বাচনী বণ্ডে তথ্য জনাৰ অধিকাৰ আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। 

ইয়াৰ জৰিয়তে কোনো পুঁজিপতিয়ে ধন দি তাৰ বিনিময়ত চৰকাৰী সা–সুবিধা লাভ কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া। তাৰোপৰি তথ্যসমূহ গোপনে ৰখাৰ ফলত শাসকীয় দলেই আটাইতকৈ বেছি লাভান্বিত হোৱাৰ অভিযোগ বিৰোধীৰ। তেনে পৰিপ্ৰেক্ষিতত ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। ৩১ অক্টোবৰত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৫জনীয়া বিচাৰপীঠে আৰম্ভ কৰিছিল শুনানি প্ৰক্ৰিয়া। শুনানিত বিচাৰপীঠে স্পষ্টকৈ আঙুলিয়াই দিছিল নিৰ্বাচনী বণ্ডত থকা আঁসোৱাহসমূহ। 

উল্লেখ্য যে নিৰ্বাচনী বণ্ডৰ ফলত শাসকীয় বিজেপিয়েই যে আটাইতকৈ লাভান্বিত হৈছে সেই কথা প্ৰকাশ পাই আহিছে বিভিন্ন প্ৰতিবেদনত। শেহতীয়াকৈ প্ৰকাশ পাইছিল এছ’চিয়েচন ফ’ৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন। প্ৰতিবেদন অনুসৰি বিগত ৫ বছৰত নিৰ্বাচনী বণ্ডৰ জৰিয়তে আটাইতকৈ অধিক পুঁজি সংগ্ৰহ কৰিছে বিজেপিয়ে। ৫ বছৰত বিজেপিয়ে সংগ্ৰহ কৰা পুঁজিৰ পৰিমাণ ৫ হাজাৰ ২৭২ কোটি টকা। বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৯৫২ কোটি টকা। এনেদৰেই বহুসময়ত নিৰ্বাচনী বণ্ড বিজেপিৰ বাবে হৈ পৰিছে আশীৰ্বাদস্বৰূপ। যাৰ বিৰুদ্ধে সময়ে সময়ে সৰব হৈছে দেশৰ বিৰোধী দলসমূহো। সমগ্ৰ বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে জাৰি কৰা শেহতীয়া নিৰ্দেশনা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু