--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে অন্যতম প্ৰত্যাহ্বান হৈ পৰিব পাৰে পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী৷ পুৰণি পেঞ্চন নীতি প্ৰসংগৰে মোদী চৰকাৰৰ সৈতে নিৰ্ণায়ক যুঁজৰ প্ৰস্তুতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সংগঠনসমূহৰ। 

ইতিমধ্যে কেন্দ্ৰীয় কৰ্মচাৰীৰ সংগঠনসমূহে পুৰণি পেঞ্চন নীতি পুনৰ্প্ৰৱৰ্তনৰ দাবীৰে দিল্লীত দুখন বিশাল সমাৱেশ অনুষ্ঠিত কৰিছে। ইয়াৰ পাছত শুকুৰবাৰে দিল্লীৰ ৰামলীলা ময়দানত তৃতীয়খন বৃহৎ সমাৱেশ অনুষ্ঠিত কৰে কৰ্মচাৰী সংগঠনসমূহে। সমাৱেশখনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ লক্ষাধিক কৰ্মচাৰীৰ আগমন ঘটে ৰাজধানী চহৰখনলৈ।

কৰ্মচাৰীসকলে অ’ পি এছ পুনৰ প্ৰৱৰ্তনৰ দাবীৰে কঁপাই তোলে ৰামলীলা ময়দান। প্ৰতিবাদস্থলীৰ পৰা কৰ্মচাৰীসকলে প্ৰত্যাহ্বান জনাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰকো। সমাৱেশত অকণো সময় ব্যয় নকৰাকৈ OPS পুনৰ প্ৰৱৰ্তনৰ দাবী তোলে কৰ্মচাৰীসকলে। অন্যথা ইয়াতকৈও তীব্ৰ আন্দোলন কৰাৰ সংকল্প লয় দেশৰ কৰ্মচাৰী সমাজে। সমাৱেশখনত অ’পিএছৰ সমান্তৰালকৈ আন কেইবাটাও দাবী উত্থাপন কৰে কৰ্মচাৰী সমাজে। 

কেন্দ্ৰীয় চৰকাৰৰ খালী পদসমূহ নিয়মীয়া নিযুক্তিৰ জৰিয়তে পূৰণ কৰাৰ দাবী উত্থাপন কৰে কৰ্মচাৰীসকলে। লগতে ব্যক্তিগতকৰণ নিষিদ্ধ কৰা, অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈও মোদী চৰকাৰক দাবী জনায়। ক’ভিডৰ সময়ছোৱাত বন্ধ হোৱা ১৮ মাহৰ DAৰ বকেয়া ধন মুকলি কৰিবলৈও দাবী কৰে কর্মচাৰীসকলে।

উল্লেখ যে মোদী চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতি কৰ্মচাৰীসকলৰ বাবে বিপদ ঘণ্টা হৈ পৰিছে। NPSৰ বাবে সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে দেশৰ কেইবা লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। ৭০–৮০ হাজাৰ বেতন পোৱা কৰ্মচাৰীয়ে অৱসৰৰ পাছত NPSৰ অন্তৰ্গত পাবলৈ ধৰিছে ২–৩ হাজাৰ টকাৰ পেন্সন। 

আনহাতে, বৰ্তমান কৰ্মৰত কৰ্মচাৰীসকলেও NPSৰ অধীনত যথেষ্ট কম পৰিমাণৰ পেন্সন পোৱাটো নিশ্চিত হৈছে। NPSৰ পেন্সনৰে জীৱন ধাৰণ কৰাটো এতিয়া অসম্ভৱ হৈ পৰিছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে। এনে পৰিস্থিতিত মোদী চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি হুংকাৰ দিবলৈ বাধ্য হৈছে কৰ্মচাৰীসকল। 

ইফালে, চলিত মাহতে দেশৰ ৫খন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত হ’ব ৰাজস্থান, মধ্যপ্ৰদেশৰ দৰে বৃহৎ ৰাজ্যত। এনে ৰাজ্যসমূহত চৰকাৰী কৰ্মচাৰীসকলে এতিয়া বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিধানসভা নিৰ্বাচনসমূহত ভোটৰ জৰিয়তে মোদী চৰকাৰৰ বিৰোধিতা কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। 

ইয়াৰ বাবেই কৰ্মচাৰীসমাজৰ এই আন্দোলন মূৰৰ কামোৰণিত পৰিণত হৈছে কেন্দ্ৰৰ মোদী চৰকাৰৰ। কৰ্মচাৰী সংগঠনসমূহক বিভিন্ন প্ৰকাৰে সৈমান কৰিবলৈ সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে প্ৰয়াস কৰিছে। কিন্তু OPS ৰ অবিহনে কোনোপধ্যে সৈমান হ’বলৈ মান্তি হোৱা নাই কৰ্মচাৰী সংগঠনসমূহ। দেশৰ কৰ্মচাৰী সমাজৰ এনে প্ৰত্যাহ্বান ’২৪ৰ লোকসভা নিৰ্বাচনতো বিজেপিৰ বাবে উদ্বেগৰ কাৰণ হৈছে। 

শীঘ্ৰেই OPS প্ৰৱৰ্তন নকৰিলে ’২৪ৰ লোকসভা নিৰ্বাচনত দেশৰ লাখ লাখ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে বিজেপিৰ বিৰুদ্ধে দিব পাৰে ভোট। এনে ঘটনাই কেন্দ্ৰত পুনৰ ক্ষমতালৈ অহাৰ ক্ষেত্ৰত বিজেপিৰ পৰিকল্পনাত কৰিব পাৰে কুঠাৰাঘাত। মুঠতে সকলো দিশৰে পৰা বিজেপিৰ বাবে এতিয়া মহাসংকটৰ কাৰণ দেশৰ কৰ্মচাৰী সমাজ। কৰ্মচাৰী সমাজৰ অসন্তুষ্টিয়ে খেলিমেলি কৰি দিব পাৰে বিজেপিৰ সকলো ৰাজনৈতিক অংকত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ