--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীয়ে কিদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰে তাৰ পুনৰ এক প্ৰমাণ পোৱা গ’ল নতুন দিল্লীত। শুকুৰবাৰে  দিল্লীৰ এটা ৰাজপথত বহুলোকে নামাজ পঢ়ি আছিল। সেই সময়ত  কেইজনমান আৰক্ষীৰ লোক আহি ৰাজপথত নামাজ পঢ়া লোকসকলক সেই ঠাইৰ পৰা আঁতৰি যাবলৈ কয়।অভিযোগঅনুসৰি  এজন আৰক্ষী বিষয়াই কিছুসংখ্যক  লোকক গোৰ মাৰি আঁতৰাবলৈ চেষ্টা কৰিছিল। ঘটনাটোৰ ভিডিঅ' মুহূৰ্ততে ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে  দিল্লী আৰক্ষীৰ  অভিযুক্ত উপ-পৰিদৰ্শকজনক  নিলম্বিত কৰা হৈছে।

জানিব পৰা মতে দিল্লীৰ ইন্দ্ৰলোক অঞ্চলৰ এটা মছজিদত নামাজ আগবঢ়াবলৈ বৃহৎ সংখ্যক লোক সমবেত হৈছিল। অত্যধিক ভিৰৰ বাবে বহুলোকে মছজিদত নামাজ আগবঢ়োৱাৰ বাবে  ঠাই বিচাৰি পোৱা নাছিল। গতিকে তেওঁলোকে ৰাস্তাৰ কাষত নামাজ পঢ়িবলৈ আৰম্ভ কৰিছিল। ফলস্বৰূপে, ৰাস্তাত যান-জঁটৰ সৃষ্টি হৈছিল। সেই সময়তে  যান-বাহনৰ চলাচল নিয়মীয়া কৰিবলৈ  সেই স্থানত আৰক্ষী উপস্থিত হয়। এজন আৰক্ষী বিষয়াই নামাজ পঢ়ি থকা এজন লোকক গোৰ মৰা ভিডিঅ’ত দেখা গৈছে। এই ঘটনাৰ পিছতে তাত উপস্থিত থকা লোকসকল উত্তেজিত হৈ পৰে আৰু অভিযুক্ত আৰক্ষীজনক খেদা মাৰি যায়। 
 
তাত উপস্থিত একাংশ লোকে  ঘটনাটোৰ ভিডিঅ' ম'বাইলত বন্দী কৰিছিল। ৩৪ ছেকেণ্ডৰ ভিডিঅ'টোত এজন আৰক্ষী বিষয়াই আহি নামাজ পঢ়ি থকা  বহি থকা এজন লোকক গোৰ  মাৰি থকা দেখা গৈছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে সকলোতে নিন্দাৰ ধুমুহা উঠিছে। বহুতে অভিযুক্তৰ কঠোৰ শাস্তি দাবী কৰিছিল। ঘটনাটোক গৰিহণা দি দিল্লীৰ কংগ্ৰেছ নেতাসকলে কয়, "এই ঘটনা অতি নিন্দনীয়। দিল্লী আৰক্ষীৰ এজন বিষয়াই ৰাস্তাত বহি  নামাজ পঢ়া লোকক গোৰ মাৰিছে।ইয়াতকৈ  বেছি লজ্জাজনক কি হ'ব পাৰে?"

ঘটনাটোৰপিছত  বহুলোকে ৰাজপথত প্ৰতিবাদ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীলৈ এটা বৃহৎ আৰক্ষী বাহিনী প্ৰেৰণ কৰা হৈছিল।  দিল্লী আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়া এম.কে. মীনাই প্ৰকাশ কৰা মতে  অভিযোগবোৰ ফঁহিয়াই চোৱা হৈছে।  অভিযুক্ত বিষয়াজনক তাৎক্ষণিকভাবে   নিলম্বিত কৰা হৈছে। যদি তেওঁ দোষী সাব্যস্ত হয় তেন্তে  তেওঁৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ