--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীয়ে কিদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰে তাৰ পুনৰ এক প্ৰমাণ পোৱা গ’ল নতুন দিল্লীত। শুকুৰবাৰে  দিল্লীৰ এটা ৰাজপথত বহুলোকে নামাজ পঢ়ি আছিল। সেই সময়ত  কেইজনমান আৰক্ষীৰ লোক আহি ৰাজপথত নামাজ পঢ়া লোকসকলক সেই ঠাইৰ পৰা আঁতৰি যাবলৈ কয়।অভিযোগঅনুসৰি  এজন আৰক্ষী বিষয়াই কিছুসংখ্যক  লোকক গোৰ মাৰি আঁতৰাবলৈ চেষ্টা কৰিছিল। ঘটনাটোৰ ভিডিঅ' মুহূৰ্ততে ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে  দিল্লী আৰক্ষীৰ  অভিযুক্ত উপ-পৰিদৰ্শকজনক  নিলম্বিত কৰা হৈছে।

জানিব পৰা মতে দিল্লীৰ ইন্দ্ৰলোক অঞ্চলৰ এটা মছজিদত নামাজ আগবঢ়াবলৈ বৃহৎ সংখ্যক লোক সমবেত হৈছিল। অত্যধিক ভিৰৰ বাবে বহুলোকে মছজিদত নামাজ আগবঢ়োৱাৰ বাবে  ঠাই বিচাৰি পোৱা নাছিল। গতিকে তেওঁলোকে ৰাস্তাৰ কাষত নামাজ পঢ়িবলৈ আৰম্ভ কৰিছিল। ফলস্বৰূপে, ৰাস্তাত যান-জঁটৰ সৃষ্টি হৈছিল। সেই সময়তে  যান-বাহনৰ চলাচল নিয়মীয়া কৰিবলৈ  সেই স্থানত আৰক্ষী উপস্থিত হয়। এজন আৰক্ষী বিষয়াই নামাজ পঢ়ি থকা এজন লোকক গোৰ মৰা ভিডিঅ’ত দেখা গৈছে। এই ঘটনাৰ পিছতে তাত উপস্থিত থকা লোকসকল উত্তেজিত হৈ পৰে আৰু অভিযুক্ত আৰক্ষীজনক খেদা মাৰি যায়। 
 
তাত উপস্থিত একাংশ লোকে  ঘটনাটোৰ ভিডিঅ' ম'বাইলত বন্দী কৰিছিল। ৩৪ ছেকেণ্ডৰ ভিডিঅ'টোত এজন আৰক্ষী বিষয়াই আহি নামাজ পঢ়ি থকা  বহি থকা এজন লোকক গোৰ  মাৰি থকা দেখা গৈছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে সকলোতে নিন্দাৰ ধুমুহা উঠিছে। বহুতে অভিযুক্তৰ কঠোৰ শাস্তি দাবী কৰিছিল। ঘটনাটোক গৰিহণা দি দিল্লীৰ কংগ্ৰেছ নেতাসকলে কয়, "এই ঘটনা অতি নিন্দনীয়। দিল্লী আৰক্ষীৰ এজন বিষয়াই ৰাস্তাত বহি  নামাজ পঢ়া লোকক গোৰ মাৰিছে।ইয়াতকৈ  বেছি লজ্জাজনক কি হ'ব পাৰে?"

ঘটনাটোৰপিছত  বহুলোকে ৰাজপথত প্ৰতিবাদ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীলৈ এটা বৃহৎ আৰক্ষী বাহিনী প্ৰেৰণ কৰা হৈছিল।  দিল্লী আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়া এম.কে. মীনাই প্ৰকাশ কৰা মতে  অভিযোগবোৰ ফঁহিয়াই চোৱা হৈছে।  অভিযুক্ত বিষয়াজনক তাৎক্ষণিকভাবে   নিলম্বিত কৰা হৈছে। যদি তেওঁ দোষী সাব্যস্ত হয় তেন্তে  তেওঁৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু