--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনসমাগত। ইতিমধ্যে বিজেপিকে আন কেইবাটাও দলে ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। একেসময়তে  শুকুৰবাৰে কংগ্ৰেছেও  লোকসভা নিৰ্বাচন-২০২৪ৰ  প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰি কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম খন তালিকা প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে যদিও দিনৰভাগত এইবুলি কথা ওলাইছিল   যে কংগ্ৰেছৰ নিৰ্বাচন সমিতিয়ে ৬০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম তালিকাত মোহৰ মাৰিছে। 

কিন্তু অৱশেষত আজি সন্ধিয়া ৩৯ গৰাকী  প্ৰাৰ্থীৰ নামহে ঘোষণা কৰা হয়। তালিকাখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হৈছে ৰাহুল গান্ধী। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজনন্দগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তালিকাখনত ২৪ জন অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচিৰ প্ৰাৰ্থী অন্তৰ্ভুক্ত কৰা হৈছে। বাকীবোৰ প্ৰাৰ্থীসকল সাধাৰণ শ্ৰেণীৰ।  আজি নাম ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৩১  শতাংশৰ বয়স ৫০ বছৰৰ তলৰ, ৫২  শতাংশৰ বয়স ৬০  বছৰৰ তলৰ।

 ৰাহুল গান্ধী আৰু ভূপেশ বাঘেলৰ  উপৰি তালকাত  শশী থাৰুৰো  আন এক গুৰুত্বপূৰ্ণ নাম। তেওঁ তেওঁৰ সমষ্টি তিৰুৱন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কেচি বেণুগোপালে আলাপুঝাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ডি কে সুৰেশে বাংগালুৰু গ্ৰাম্যৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ভাদাকাৰাৰ বিদায়ী  সাংসদ কে মুৰলীধৰণে ত্ৰিশূৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে কৰুণাকৰণৰ পুত্ৰ। ৰাহুলে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই তাকে লৈ চৰ্চা চলি আছিল।  শেষত, দলে  সেই সমষ্টিৰ পৰাই  কংগ্ৰেছ নেতাজনক টিকট দিছিল। অৱশ্যে, বাওঁপন্থী নেত্ৰী  বৃন্দা কাৰাটে ৰাহুল গান্ধীক  ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পিছত দেখা গৈছে  যে শতিকা প্ৰাচীন দলটোৱে কাৰাটৰ অনুৰোধৰ প্ৰতি সঁহাৰি নিদিলে। যিহেতু আমেঠিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই, ৰাহুলে তাৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আজি কংগ্ৰেছে প্ৰকাশ কৰা প্ৰথম তালিকাত কেৰালা, ছত্তীশগড়, কৰ্ণাটক, মেঘালয়, ছিকিম, তেলেংগানা আৰু ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু