--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনসমাগত। ইতিমধ্যে বিজেপিকে আন কেইবাটাও দলে ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। একেসময়তে  শুকুৰবাৰে কংগ্ৰেছেও  লোকসভা নিৰ্বাচন-২০২৪ৰ  প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰি কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম খন তালিকা প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে যদিও দিনৰভাগত এইবুলি কথা ওলাইছিল   যে কংগ্ৰেছৰ নিৰ্বাচন সমিতিয়ে ৬০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম তালিকাত মোহৰ মাৰিছে। 

কিন্তু অৱশেষত আজি সন্ধিয়া ৩৯ গৰাকী  প্ৰাৰ্থীৰ নামহে ঘোষণা কৰা হয়। তালিকাখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হৈছে ৰাহুল গান্ধী। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজনন্দগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তালিকাখনত ২৪ জন অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচিৰ প্ৰাৰ্থী অন্তৰ্ভুক্ত কৰা হৈছে। বাকীবোৰ প্ৰাৰ্থীসকল সাধাৰণ শ্ৰেণীৰ।  আজি নাম ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৩১  শতাংশৰ বয়স ৫০ বছৰৰ তলৰ, ৫২  শতাংশৰ বয়স ৬০  বছৰৰ তলৰ।

 ৰাহুল গান্ধী আৰু ভূপেশ বাঘেলৰ  উপৰি তালকাত  শশী থাৰুৰো  আন এক গুৰুত্বপূৰ্ণ নাম। তেওঁ তেওঁৰ সমষ্টি তিৰুৱন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কেচি বেণুগোপালে আলাপুঝাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ডি কে সুৰেশে বাংগালুৰু গ্ৰাম্যৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ভাদাকাৰাৰ বিদায়ী  সাংসদ কে মুৰলীধৰণে ত্ৰিশূৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে কৰুণাকৰণৰ পুত্ৰ। ৰাহুলে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই তাকে লৈ চৰ্চা চলি আছিল।  শেষত, দলে  সেই সমষ্টিৰ পৰাই  কংগ্ৰেছ নেতাজনক টিকট দিছিল। অৱশ্যে, বাওঁপন্থী নেত্ৰী  বৃন্দা কাৰাটে ৰাহুল গান্ধীক  ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পিছত দেখা গৈছে  যে শতিকা প্ৰাচীন দলটোৱে কাৰাটৰ অনুৰোধৰ প্ৰতি সঁহাৰি নিদিলে। যিহেতু আমেঠিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই, ৰাহুলে তাৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আজি কংগ্ৰেছে প্ৰকাশ কৰা প্ৰথম তালিকাত কেৰালা, ছত্তীশগড়, কৰ্ণাটক, মেঘালয়, ছিকিম, তেলেংগানা আৰু ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ