--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানি বিতৰ্ককলৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদী অথবা চৰকাৰৰ বিশেষ কোনো প্ৰভাৱশালী মন্ত্ৰীয়ে এই বিষয়ত মাত মতা নাই৷ কেৱল মাত্ৰ কেন্দ্ৰী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিষয়ত ওপৰে ওপৰে কিছু মন্তব্য কৰিছে৷ এনে সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আদানি বিতৰ্কত  মুখ খুলিছে। মঙলবাৰে এক সাক্ষাৎকাৰত শ্বাহে কয়, "বিজেপিৰ এইক্ষেত্ৰত  লুকুৱাবলৈ একো নাই আৰু ভয় কৰাৰো  কোনো কথা নাই।" বিৰোধীয়ে এই বিতৰ্কত মোদী চৰকাৰক লক্ষ্য কৰি লৈছে। দেশৰ গৃহমন্ত্ৰীয়ে বিৰোধীৰ আক্ৰমণৰ  উত্তৰ দি এনেদৰে  মন্তব্য কৰে৷ 

উল্লেখ্য আদানি গোটৰ  বিৰুদ্ধে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিবলৈ বিত্তীয় প্ৰৱঞ্চনা আৰু তথ্যৰ হেৰফেৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ  লগে লগে দেশখনত এক হুলস্থূলৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগপতি গৌতম আদানিৰ সৈতে "সুসম্পৰ্ক" থকা বুলি কংগ্ৰেছকে ধৰি বিৰোধীয়ে মন্তব্য কৰি আহিছে। আদানিৰ সৈতে মোদীৰ সম্পৰ্ক কি? ৰাহুল গান্ধীয়েও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। যুটীয়া সংসদীয় সমিতিয়ে (জেপিচি) গঠন কৰি বিৰোধীয়ে আদানিকাণ্ডৰ  তদন্ত বিচাৰিছে । প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত সংসদৰ দুয়োখন সদনত ভাষণ দিছিল। অৱশ্যে প্ৰধানমন্ত্ৰীয়ে আদানিৰ বিষয়ত এটা  শব্দও কোৱা নাছিল। অৱশ্যে মোদীয়ে বিৰোধীৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল, "বিৰোধীয়ে বোকা নিক্ষেপ কৰিছে । আপোনালোকে যিমানে বোকা নিক্ষেপ কৰিব, পদুম সিমানেই ফুলিব। "

এনে সময়তে  শ্বাহে কয়, "বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন। যিহেতু গোচৰটো শীৰ্ষ আদালতত বিচাৰাধীন হৈ আছে, এজন মন্ত্ৰী হিচাপে এই সন্দৰ্ভত মন্তব্য দিয়াটো উচিত নহ'ব।" শ্বাহে লগতে কয়, "কিন্তু বিজেপিৰ লুকুৱাবলৈ একো নাই। একো ভয়ো নাই।" শ্বাহৰ আগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেও এই বিতৰ্কত প্ৰশ্নৰ সন্মুখীন হৈছিল। অৱশ্যে তেওঁ কৌশলেৰে  বিষয়টো এৰাই চলিছিল। তেওঁ মাত্ৰ কৈছিল, "এই  দেশৰ নিয়ামক সংস্থাসমূহ গোটেই বিষয়টোৰ বিষয়ে অৱগত। কেৱল এতিয়াই নহয়, তেওঁলোক সদায় সতৰ্ক। "আদানি কাণ্ড সন্দৰ্ভত  উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এখন আবেদন দাখিল কৰা হৈছে। শনিবাৰে আৱেদনখনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কৈছিল, " আমি নীতিগত বিষয়ত হস্তক্ষেপ কৰিব নিবিচাৰো। এয়া চৰকাৰৰ কাম।" কিন্তু একে সময়তে তেওঁ কয়, "আমি বিশেষজ্ঞ সমিতি গঠনৰ পৰামৰ্শ দিছো। চৰকাৰেও ইয়াত আগ্ৰহী হোৱা প্ৰয়োজন। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক