--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বিকানেৰ জিলাত নিৰুদ্দেশ হৈছে দুগৰাকী ছোৱালী৷ তাৰে এখন ব্যক্তিগত বিদ্যালয়ত পঢ়ি থকা ১৭ বছৰীয়া কিশোৰী আৰু একেখন বিদ্যালয়তে শিক্ষকতা কৰি থকা এগৰাকী ২০ বছৰীয়া শিক্ষয়িত্ৰী নিৰুদ্দেশ হৈছে। এই ক্ষেত্ৰত ছাত্ৰীগৰাকীৰ আত্মীয়ই আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে। এই ঘটনাক ‘লাভ জেহাদ’ৰ গোচৰ বুলি অভিহিত কৰি বিজেপি আৰু একাংশ হিন্দু সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীয়ে কয় যে তেওঁলোকে দুয়োগৰাকী ছোৱালীৰ সন্ধান ইতিমধ্যে চলাই আছে।

বিকানেৰৰ এই দুয়োগৰাকী ছোৱালী যোৱা ৩০ জুনৰ পৰা সন্ধানহীন হৈ আছিল।উল্লেখ্য যে দুয়োগৰাকীয়ে সোমবাৰে চাৰি মিনিটৰ এটা ভিডিঅ’ মুকলি কৰি নিজৰ কথা প্ৰকাশ কৰিছে৷ দুয়োগৰাকীয়ে কোনোবা অচিনাকি ঠাইৰ পৰা এই ভিডিঅ'টো মুকলি কৰিছে। ইয়াত ১৭ বছৰীয়া কিশোৰীয়ে টুপী পিন্ধা দেখা গৈছে৷ কেমেৰালৈ চাই তাই নিজৰ কথাখিনি ৰাখিছে, আনহাতে আনজনী ছোৱালী তাইৰ কাষত থিয় হৈ আছে। ঘৰৰ পৰা পলাই যোৱা এই ছোৱালী দুজনীৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী হিন্দু আৰু ২০ বছৰীয়া ছোৱালীগৰাকী মুছলমান।

এই ভিডিঅ'টোত নাবালক ছোৱালীজনীয়ে কৈছে, "আপোনালোক সকলোৱে নিশ্চয় ভাবিছে যে তাই বা তাইৰ পৰিয়ালৰ সদস্যই  মোক অপহৰণ কৰিছে। কিন্তু তেনেকুৱা একো নহয়। আমি নিজৰ ইচ্ছামতে ঘৰৰ পৰা ওলাই আহিছো, কাৰণ আমি ইজনে সিজনক বহুত ভাল পাওঁ আৰু ইজনে সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰো। আমি দুয়ো লেচবিয়ান আৰু কোনো পুৰুষক বিয়া কৰাব নোৱাৰো। গতিকে আমি পলাই যোৱাৰ সিদ্ধান্ত ল’লোঁ। এই কাৰণে তেওঁ মোৰ ওপৰত হেঁচা দিয়া নাছিল। আপোনালোকে কল্পনা কৰিব পাৰে যে তেওঁ মোক এই ভিডিঅ'টো বনাবলৈ কৈছে৷ কিন্তু তেনেকুৱা একো নহয়। ভিডিঅ'টো বনাই মাত্ৰ ভুল ধাৰণাবোৰ আঁতৰ কৰাৰ সিদ্ধান্ত মই নিজেই লৈছো।

সেই ভিডিঅ'টোত শিক্ষকে কৈছে, "আমি নিজৰ ইচ্ছামতে আহিছো।মই জোৰ-জবৰদস্তি কৰি অনা নাই। অপ্ৰয়োজনীয় হুলস্থূল নকৰিব।

এই সন্দৰ্ভত নাবালক ছোৱালীজনীৰ পৰিয়ালে গোচৰ ৰুজু কৰিছে। ইয়াৰ মাজতে তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে যে শিক্ষয়িত্ৰীগৰাকীৰ লগতে তেওঁৰ ভাতৃ আৰু পৰিয়ালে তেওঁৰ ছোৱালীজনীক ষড়যন্ত্ৰ কৰি অপহৰণ কৰিছে। তদুপৰি অভিযুক্ত যুৱতীগৰাকী আৰু তেওঁৰ দুই ভাতৃৰ বিৰুদ্ধে আই পি চিৰ ৩৬৩, ৩৬৬, ১২০বি ধাৰা আৰু  অন্যান্য ধাৰাত গোচৰ ৰুজু কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস