--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বিকানেৰ জিলাত নিৰুদ্দেশ হৈছে দুগৰাকী ছোৱালী৷ তাৰে এখন ব্যক্তিগত বিদ্যালয়ত পঢ়ি থকা ১৭ বছৰীয়া কিশোৰী আৰু একেখন বিদ্যালয়তে শিক্ষকতা কৰি থকা এগৰাকী ২০ বছৰীয়া শিক্ষয়িত্ৰী নিৰুদ্দেশ হৈছে। এই ক্ষেত্ৰত ছাত্ৰীগৰাকীৰ আত্মীয়ই আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে। এই ঘটনাক ‘লাভ জেহাদ’ৰ গোচৰ বুলি অভিহিত কৰি বিজেপি আৰু একাংশ হিন্দু সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীয়ে কয় যে তেওঁলোকে দুয়োগৰাকী ছোৱালীৰ সন্ধান ইতিমধ্যে চলাই আছে।

বিকানেৰৰ এই দুয়োগৰাকী ছোৱালী যোৱা ৩০ জুনৰ পৰা সন্ধানহীন হৈ আছিল।উল্লেখ্য যে দুয়োগৰাকীয়ে সোমবাৰে চাৰি মিনিটৰ এটা ভিডিঅ’ মুকলি কৰি নিজৰ কথা প্ৰকাশ কৰিছে৷ দুয়োগৰাকীয়ে কোনোবা অচিনাকি ঠাইৰ পৰা এই ভিডিঅ'টো মুকলি কৰিছে। ইয়াত ১৭ বছৰীয়া কিশোৰীয়ে টুপী পিন্ধা দেখা গৈছে৷ কেমেৰালৈ চাই তাই নিজৰ কথাখিনি ৰাখিছে, আনহাতে আনজনী ছোৱালী তাইৰ কাষত থিয় হৈ আছে। ঘৰৰ পৰা পলাই যোৱা এই ছোৱালী দুজনীৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী হিন্দু আৰু ২০ বছৰীয়া ছোৱালীগৰাকী মুছলমান।

এই ভিডিঅ'টোত নাবালক ছোৱালীজনীয়ে কৈছে, "আপোনালোক সকলোৱে নিশ্চয় ভাবিছে যে তাই বা তাইৰ পৰিয়ালৰ সদস্যই  মোক অপহৰণ কৰিছে। কিন্তু তেনেকুৱা একো নহয়। আমি নিজৰ ইচ্ছামতে ঘৰৰ পৰা ওলাই আহিছো, কাৰণ আমি ইজনে সিজনক বহুত ভাল পাওঁ আৰু ইজনে সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰো। আমি দুয়ো লেচবিয়ান আৰু কোনো পুৰুষক বিয়া কৰাব নোৱাৰো। গতিকে আমি পলাই যোৱাৰ সিদ্ধান্ত ল’লোঁ। এই কাৰণে তেওঁ মোৰ ওপৰত হেঁচা দিয়া নাছিল। আপোনালোকে কল্পনা কৰিব পাৰে যে তেওঁ মোক এই ভিডিঅ'টো বনাবলৈ কৈছে৷ কিন্তু তেনেকুৱা একো নহয়। ভিডিঅ'টো বনাই মাত্ৰ ভুল ধাৰণাবোৰ আঁতৰ কৰাৰ সিদ্ধান্ত মই নিজেই লৈছো।

সেই ভিডিঅ'টোত শিক্ষকে কৈছে, "আমি নিজৰ ইচ্ছামতে আহিছো।মই জোৰ-জবৰদস্তি কৰি অনা নাই। অপ্ৰয়োজনীয় হুলস্থূল নকৰিব।

এই সন্দৰ্ভত নাবালক ছোৱালীজনীৰ পৰিয়ালে গোচৰ ৰুজু কৰিছে। ইয়াৰ মাজতে তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে যে শিক্ষয়িত্ৰীগৰাকীৰ লগতে তেওঁৰ ভাতৃ আৰু পৰিয়ালে তেওঁৰ ছোৱালীজনীক ষড়যন্ত্ৰ কৰি অপহৰণ কৰিছে। তদুপৰি অভিযুক্ত যুৱতীগৰাকী আৰু তেওঁৰ দুই ভাতৃৰ বিৰুদ্ধে আই পি চিৰ ৩৬৩, ৩৬৬, ১২০বি ধাৰা আৰু  অন্যান্য ধাৰাত গোচৰ ৰুজু কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান