--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিবাহিতা মহিলা প্ৰেমত পৰিল এজন যুৱকৰ। তেওঁলোকৰ সম্পৰ্ক ইমানেই বেছি গভীৰ হৈ পৰিছিল যে এটা সময়ত মহিলাগৰাকী অন্তসত্বা হৈ পৰে। তেতিয়াই মহিলাগৰাকীয়ে যুৱক জনক বিয়াৰ বাবে হেঁচা দিবলৈ আৰম্ভ কৰে। 

কিন্তু  যুৱকজনে কোনোপধ্যেই বিবাহিতা মহিলাগৰাকীক বিয়া পাতিবলৈ সন্মত নহ’ল। ইয়াকেলৈ দুয়োৰে মাজত আৰম্ভ হ’ল কন্দল। অভিযোগ অনুসৰি সেই কন্দলৰ পৰিণতিতে যুৱকজনে বিবাহিতা মহিলাগৰাকীক শিলেৰে থেতেলিয়াই হত্যা কৰে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদাশত। উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযুক্ত প্ৰেমিক আৰু তেওঁৰ চাৰিজন সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ মিৰাট জিলাত সংঘটিত হৈছে। মৃত মহিলাগৰাকীক  ৰামবিৰী বুলি চিনাক্ত কৰা হৈছে। তেওঁ ২০১৫ চনত বিনোদ নামৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু এবছৰৰ পিছত তেওঁ স্বামীৰ পৰিয়াল এৰি দেউতাকৰ ঘৰলৈ গুচি গৈছিল। কেইদিনমানৰ পিছততেওঁ আদেশ নামৰ এজন যুৱকৰ প্ৰেমত পৰিছিল। তেওঁ বিয়াৰ বাবে যুৱক জনক জোৰ দি আছিল।

 অৱশ্যে, আদেশে বিয়াৰ বাবে সাজু নাছিল। ইয়াৰ পিছতে চাৰিজন বন্ধুৰ সৈতে মিলি যুৱকজনে গৰ্ভৱতী  ৰামবিৰীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।আদেশে মহিলাগৰাকীক তেওঁৰ ঘৰলৈ মাতিছিল। তাতেই  ৰামবিৰীক  এটা গধুৰ শিলেৰে আঘাত কৰি হত্যা কৰা হৈছিল। ইয়াৰ পিছত আদেশ আৰু তেওঁৰ সহযোগীসকলে মৃতদেহটো এখন পথাৰত পেলাই দিছিল। পিছদিনা আৰক্ষীয়ে ৰামবিৰীৰ মৃতদেহ পথাৰৰ  পৰা উদ্ধাৰ কৰে। অনুসন্ধান কৰি আৰক্ষীয়ে  আদেশক আটক কৰে। গ্ৰেপ্তাৰ হোৱাৰ পিছত আদেশে আন  চাৰিজন সহযোগী দীপক, আৰ্যন, সন্দীপ আৰু ৰোহিতৰ নামো কয় । আৰক্ষীয়ে তেওঁলোককো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকলৰ  বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ  বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস