--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিবাহিতা মহিলা প্ৰেমত পৰিল এজন যুৱকৰ। তেওঁলোকৰ সম্পৰ্ক ইমানেই বেছি গভীৰ হৈ পৰিছিল যে এটা সময়ত মহিলাগৰাকী অন্তসত্বা হৈ পৰে। তেতিয়াই মহিলাগৰাকীয়ে যুৱক জনক বিয়াৰ বাবে হেঁচা দিবলৈ আৰম্ভ কৰে। 

কিন্তু  যুৱকজনে কোনোপধ্যেই বিবাহিতা মহিলাগৰাকীক বিয়া পাতিবলৈ সন্মত নহ’ল। ইয়াকেলৈ দুয়োৰে মাজত আৰম্ভ হ’ল কন্দল। অভিযোগ অনুসৰি সেই কন্দলৰ পৰিণতিতে যুৱকজনে বিবাহিতা মহিলাগৰাকীক শিলেৰে থেতেলিয়াই হত্যা কৰে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদাশত। উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযুক্ত প্ৰেমিক আৰু তেওঁৰ চাৰিজন সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ মিৰাট জিলাত সংঘটিত হৈছে। মৃত মহিলাগৰাকীক  ৰামবিৰী বুলি চিনাক্ত কৰা হৈছে। তেওঁ ২০১৫ চনত বিনোদ নামৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু এবছৰৰ পিছত তেওঁ স্বামীৰ পৰিয়াল এৰি দেউতাকৰ ঘৰলৈ গুচি গৈছিল। কেইদিনমানৰ পিছততেওঁ আদেশ নামৰ এজন যুৱকৰ প্ৰেমত পৰিছিল। তেওঁ বিয়াৰ বাবে যুৱক জনক জোৰ দি আছিল।

 অৱশ্যে, আদেশে বিয়াৰ বাবে সাজু নাছিল। ইয়াৰ পিছতে চাৰিজন বন্ধুৰ সৈতে মিলি যুৱকজনে গৰ্ভৱতী  ৰামবিৰীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।আদেশে মহিলাগৰাকীক তেওঁৰ ঘৰলৈ মাতিছিল। তাতেই  ৰামবিৰীক  এটা গধুৰ শিলেৰে আঘাত কৰি হত্যা কৰা হৈছিল। ইয়াৰ পিছত আদেশ আৰু তেওঁৰ সহযোগীসকলে মৃতদেহটো এখন পথাৰত পেলাই দিছিল। পিছদিনা আৰক্ষীয়ে ৰামবিৰীৰ মৃতদেহ পথাৰৰ  পৰা উদ্ধাৰ কৰে। অনুসন্ধান কৰি আৰক্ষীয়ে  আদেশক আটক কৰে। গ্ৰেপ্তাৰ হোৱাৰ পিছত আদেশে আন  চাৰিজন সহযোগী দীপক, আৰ্যন, সন্দীপ আৰু ৰোহিতৰ নামো কয় । আৰক্ষীয়ে তেওঁলোককো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকলৰ  বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ  বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান