--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উঁই পোকৰ খাদ্য হ’ল টকা! এনে ঘটনাই ঘটিছে ৰাজস্থানত ৷ ৰাজ্য খনৰ উদয়পুৰ চহৰৰ কালাজী গোৰাজী অঞ্চলৰ পঞ্জাৱ নেচনেল বেংকৰ শাখাত ঘটিছে এক আচৰিত ঘটনা । উঁই পোকে বেংকটোৰ  লাখ টকাৰ নোট আৰু লকাৰত ৰখা এগৰাকী মহিলাৰ সম্পত্তিৰ নথিপত্ৰ খাই নিঃশেষ কৰিছে।

উদয়পুৰ চহৰৰ কালাজী গোৰাজীত অৱস্থিত পাঞ্জাৱ নেচনেল বেংকৰ লকাৰত ৰখা দুই লাখ পোন্ধৰ হাজাৰ টকাৰ নোট উঁই পোকে সমূলি খাই পেলাইছে৷  জানিব পৰা মতে বেংকটোৰ ২৬৫ নম্বৰৰ  লকাৰৰ গৰাকী সুনীতা মেহতাই তেওঁৰ লকাৰত পৰি থকা টকাখিনি উলিয়াবলৈ গৈছিল৷  কিন্তু লকাৰ খোলাৰ পিছত তাত টকা পোৱা নগ’ল৷ মাথো উই পোকেৰে লকাৰটো ভৰি আছিল৷  লকাৰত উঁই দেখি মহিলাগৰাকীয়ে  বেংক মেনেজমেণ্টক কাটো অৱগত কৰিলে। 

মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে কাপোৰৰ মোনা এখনত দুই লাখ টকা ৰখা হৈছিল৷ আনহাতে ১৫  হাজাৰ টকা বেগৰ বাহিৰত ৰখা হৈছিল। এই ঘটনাৰ পিছতে বাকী লকাৰ থকা সকলকো  লকাৰ খুলি চাবলৈ  বেংকলৈ   মতা হৈছে৷ বেঙ্ক কৰ্মচাৰীসকলৰ অৱহেলাৰ বাবেই এনে ঘটনা ঘটা বুলি বহুতে অভিযোগ কৰিছে৷ মহিলাগৰাকীক ক্ষতিপূৰণ আদায় দিয়াৰো দাবী উত্থাপন কৰিছে বহুতে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক