--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উঁই পোকৰ খাদ্য হ’ল টকা! এনে ঘটনাই ঘটিছে ৰাজস্থানত ৷ ৰাজ্য খনৰ উদয়পুৰ চহৰৰ কালাজী গোৰাজী অঞ্চলৰ পঞ্জাৱ নেচনেল বেংকৰ শাখাত ঘটিছে এক আচৰিত ঘটনা । উঁই পোকে বেংকটোৰ  লাখ টকাৰ নোট আৰু লকাৰত ৰখা এগৰাকী মহিলাৰ সম্পত্তিৰ নথিপত্ৰ খাই নিঃশেষ কৰিছে।

উদয়পুৰ চহৰৰ কালাজী গোৰাজীত অৱস্থিত পাঞ্জাৱ নেচনেল বেংকৰ লকাৰত ৰখা দুই লাখ পোন্ধৰ হাজাৰ টকাৰ নোট উঁই পোকে সমূলি খাই পেলাইছে৷  জানিব পৰা মতে বেংকটোৰ ২৬৫ নম্বৰৰ  লকাৰৰ গৰাকী সুনীতা মেহতাই তেওঁৰ লকাৰত পৰি থকা টকাখিনি উলিয়াবলৈ গৈছিল৷  কিন্তু লকাৰ খোলাৰ পিছত তাত টকা পোৱা নগ’ল৷ মাথো উই পোকেৰে লকাৰটো ভৰি আছিল৷  লকাৰত উঁই দেখি মহিলাগৰাকীয়ে  বেংক মেনেজমেণ্টক কাটো অৱগত কৰিলে। 

মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে কাপোৰৰ মোনা এখনত দুই লাখ টকা ৰখা হৈছিল৷ আনহাতে ১৫  হাজাৰ টকা বেগৰ বাহিৰত ৰখা হৈছিল। এই ঘটনাৰ পিছতে বাকী লকাৰ থকা সকলকো  লকাৰ খুলি চাবলৈ  বেংকলৈ   মতা হৈছে৷ বেঙ্ক কৰ্মচাৰীসকলৰ অৱহেলাৰ বাবেই এনে ঘটনা ঘটা বুলি বহুতে অভিযোগ কৰিছে৷ মহিলাগৰাকীক ক্ষতিপূৰণ আদায় দিয়াৰো দাবী উত্থাপন কৰিছে বহুতে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু