--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ দেশত মোগলে সলনি কৰা বহু ঠাইৰ নাম পুনৰ পূৰ্বৰ দৰে ৰাখিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ আনকি ৰাষ্ট্ৰপতি ভৱনৰ মোগ গাৰ্ডেনৰ নামো শেহতীয়াকৈ সলনি কৰি অমৃত উদ্যান কৰা হৈছে৷ একেদৰে আন বহু ঠাইৰ নামো সলনি কৰা হৈছে৷ কিন্তু ইমানৰ  পিছতো বহু ঠাইৰ নাম সলনি নোহোৱা বুলি বহুতে আলোচনা কৰিছে৷ 

উচ্চতম ন্যায়ালয়ত প্ৰাচীন ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় স্থানসমূহৰ "মূল" নাম পুনৰুদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰক 'পুনৰ নামকৰণ আয়োগ' গঠন কৰাৰ নিৰ্দেশ বিচাৰি এখন পিআইএল দাখিল কৰা হৈছে ৷ আবেদন খনত কোৱা হৈছে যে  বিদেশী আক্ৰমণকাৰীসকলে যিবোৰ ঠাইৰ নাম সলনি কৰি "পুনৰ নামকৰণ" কৰিছিল তেনে ঠাইসমূহৰ পূৰ্বৰ নাম পুনৰ বাহাল ৰাখিব লাগে৷  শেহতীয়াকৈ মোগল গাৰ্ডেনৰ নাম  অমৃত উদ্যান  কৰা হৈছে ৷  চৰকাৰে বিদেশী আক্ৰমণকাৰীৰ নামেৰে নামকৰণ কৰা পথসমূহৰ নামো সলনি কৰিবলৈ বহু সময়ত পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খনত কোৱা হৈছে৷  আবেদন খনত লগতে কোৱা হৈছে যে বিদেশী আক্ৰমণকাৰীয়ে দিয়া নামবোৰ অব্যাহত ৰখাটো সংবিধান, সাৰ্বভৌমত্ব আৰু অন্যান্য নাগৰিক অধিকাৰৰ বিৰোধী। অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে দাখিল কৰা এই পিআইএলত কোৱা হৈছে যে বৈকল্পিকভাৱে আদালতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক প্ৰাচীন ধৰ্মীয় স্থানসমূহৰ গৱেষণা আৰু প্ৰাৰম্ভিক ধৰ্মীয় স্থানসমূহৰ নাম প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিব পাৰে। 

পিআইএলত কোৱা হৈছে, "আমি দেশৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰি আছো। কিন্তু স্বাধীনতা ভাৰতত নিষ্ঠুৰ বিদেশী আক্ৰমণকাৰী, তেওঁলোকৰ সেৱক আৰু পৰিয়ালৰ সদস্যসকলৰ নামত বহুতো প্ৰাচীন ঐতিহাসিক সাংস্কৃতিক, ধৰ্মীয় স্থান আছে"। উপাধ্যায়ে তেওঁৰ আবেদনত কৈছে যে আক্ৰমণকাৰীসকলে কেৱল সাধাৰণ ঠাইসমূহৰ নাম সলনি কৰাই নহয়, লগতে ইচ্ছাকৃতভাৱে প্ৰাচীন ঐতিহাসিক সাংস্কৃতিক, ধৰ্মীয় স্থানসমূহৰ নামো সলনি কৰিছিল আৰু স্বাধীনতাৰ ৭৫ বছৰৰ পিছত সেইবোৰ অব্যাহত ৰখাটো সাৰ্বভৌমত্ব, মৰ্যাদাৰ অধিকাৰ, ধৰ্মৰ অধিকাৰ আৰু অনুচ্ছেদ ২১, ২৫ আৰু ২৯ ৰ অধীনত নিশ্চিত সংস্কৃতিৰ অধিকাৰৰ বিৰুদ্ধ কথা। তেওঁ কয় যে ক্ৰমান্বয়ে চৰকাৰে আক্ৰমণকাৰীসকলৰ এনে কাৰ্য সংশোধন কৰিবলৈ পদক্ষেপ ল’ব লাগে। 


পিআইএলখনে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক বৰ্বৰ বিদেশী আক্ৰমণকাৰীৰ নামেৰে নামাকৰণ কৰা এনে ঠাইবোৰৰ মূল নাম বিচাৰিবলৈ পুনৰ নামকৰণ আয়োগ গঠন কৰিবলৈও নিৰ্দেশ দিবলৈ আহ্বান জনাইছে।"  চৰকাৰ বাবৰ ৰোড, হুমায়ুন ৰোড, আকবৰ ৰোড, জাহাংগীৰ ৰোড, শ্বাহজাহান ৰোড, বাহাদুৰ শ্বাহ ৰোড, শ্বেৰ শ্বাহ ৰোড, ঔৰঙ্গজেব ৰোড, তুঘলক ৰোড, চফদৰজং ৰোড, নাজাফ খান ৰোড, জৌহাৰ ৰোড, লোধি ৰোড, চেমচফৰ্ড ৰোড আৰু হেইলি ৰোড আদি আক্ৰমণকাৰীৰ নামেৰে নামাকৰণ কৰা পথৰ নাম সলনি কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি পিআইএল খনত উল্লেখ কৰা হৈছে৷  ইয়াত লগতে কোৱা হৈছে যে  ভগৱান কৃষ্ণ আৰু 'বলৰাম'ৰ আশীৰ্বাদত 'পাণ্ডৱ', 'খাণ্ডৱপ্ৰস্থ' (নিৰ্জন ভূমি) ইন্দ্ৰপ্ৰস্থ (দিল্লী)লৈ ৰূপান্তৰিত কৰা হৈছিল৷  কিন্তু ভগৱান কৃষ্ণ, বলৰাম, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, কুন্তী, দ্ৰুপদী আৰু অভিমন্যুৰ নামত এটা পথো দিল্লীত নাই, পৌৰ নিগমৰ ৱাৰ্ড, গাওঁ বা বিধানসভা সমষ্টিও ইয়াত তেনে মহান পুৰুষৰ নামত নাই।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement