--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত জন্ম হৈছে  দুই দেহ সংলগ্ন যমজ সন্তানৰ। মৰমলগা নৱজাতক দুটিৰ ভৱিষ্যতকলৈ এতিয়া চিন্তিত হৈ পৰিছে চিকিৎসকসকল। ইতিমধ্যে নতুন দিল্লীৰ এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে যমজ সন্তান দুটিক পৃথক কৰিব পাৰি নেকি তাকে লৈ আলোচনা চলিছে।

ইমছৰ চিকিৎসকৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে হয়তো নৱজাতক দুটিক পৃথক কৰাৰ ব্যৱস্থা কৰা হ’ব পাৰে। নৱজাতক দুটিৰ মাতৃয়ে যেতিয়া চিকিৎসালয়ত উপস্থিত হৈছিল, তেতিয়া তেওঁ জানিব পাৰিছিল যে তেওঁৰ পেটত দুটা ভ্ৰূণ  আছে। চিকিৎসকে এটা সফল অস্ত্ৰোপচাৰ কৰি তেওঁৰ  প্ৰসৱ কৰোৱায় যদিও নৱজাতকৰ দেহ  লগ লাগি থাকে। জানিব পৰা মতে নতুন দিল্লীৰ এইমছৰ বিশেষজ্ঞৰ মতামত পোৱাৰ পিছতে  যোধপুৰ এইমছত নৱজাতক দুটিৰ  অস্ত্ৰোপচাৰ কৰা হ'ব আৰু তেওঁলোকক পৃথক কৰা হ'ব।
ৰাজস্থানৰ নাগাউৰৰ মেৰ্টাত  ঘটিছে এই ঘটনা।

এতিয়া দূটা  দেহ  একেলগ হৈ থকা নৱজাতক দুটিৰ প্ৰাণ ৰক্ষা কৰাটো  চিকিৎসকৰ সন্মুখত প্ৰত্যাহ্বান হৈ পৰিছে।

চিকিৎসকে শিশুদুটিৰ যাৱতীয় পৰীক্ষা কৰি যোধপুৰ এইমছলৈ প্ৰেৰণ কৰিছে। একে সময়তে, যমজ সন্তানক চাবলৈ চিকিৎসালয়ৰ বাহিৰত মানুহৰ  ভিৰ লাগিছে। চিকিৎসকসকলে কৈছে যে এনে ধৰণৰ ঘটনা খুব কমইহে হোৱা দেখা যায়। যোধপুৰ এইমছৰ চিকিৎসকসকলে প্ৰকাশ কৰা মতে নৱজাতক দুটিক পৃথক কৰাৰ বাবে তেওঁলোকে  চেষ্টা কৰি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক