--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত জন্ম হৈছে  দুই দেহ সংলগ্ন যমজ সন্তানৰ। মৰমলগা নৱজাতক দুটিৰ ভৱিষ্যতকলৈ এতিয়া চিন্তিত হৈ পৰিছে চিকিৎসকসকল। ইতিমধ্যে নতুন দিল্লীৰ এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে যমজ সন্তান দুটিক পৃথক কৰিব পাৰি নেকি তাকে লৈ আলোচনা চলিছে।

ইমছৰ চিকিৎসকৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে হয়তো নৱজাতক দুটিক পৃথক কৰাৰ ব্যৱস্থা কৰা হ’ব পাৰে। নৱজাতক দুটিৰ মাতৃয়ে যেতিয়া চিকিৎসালয়ত উপস্থিত হৈছিল, তেতিয়া তেওঁ জানিব পাৰিছিল যে তেওঁৰ পেটত দুটা ভ্ৰূণ  আছে। চিকিৎসকে এটা সফল অস্ত্ৰোপচাৰ কৰি তেওঁৰ  প্ৰসৱ কৰোৱায় যদিও নৱজাতকৰ দেহ  লগ লাগি থাকে। জানিব পৰা মতে নতুন দিল্লীৰ এইমছৰ বিশেষজ্ঞৰ মতামত পোৱাৰ পিছতে  যোধপুৰ এইমছত নৱজাতক দুটিৰ  অস্ত্ৰোপচাৰ কৰা হ'ব আৰু তেওঁলোকক পৃথক কৰা হ'ব।
ৰাজস্থানৰ নাগাউৰৰ মেৰ্টাত  ঘটিছে এই ঘটনা।

এতিয়া দূটা  দেহ  একেলগ হৈ থকা নৱজাতক দুটিৰ প্ৰাণ ৰক্ষা কৰাটো  চিকিৎসকৰ সন্মুখত প্ৰত্যাহ্বান হৈ পৰিছে।

চিকিৎসকে শিশুদুটিৰ যাৱতীয় পৰীক্ষা কৰি যোধপুৰ এইমছলৈ প্ৰেৰণ কৰিছে। একে সময়তে, যমজ সন্তানক চাবলৈ চিকিৎসালয়ৰ বাহিৰত মানুহৰ  ভিৰ লাগিছে। চিকিৎসকসকলে কৈছে যে এনে ধৰণৰ ঘটনা খুব কমইহে হোৱা দেখা যায়। যোধপুৰ এইমছৰ চিকিৎসকসকলে প্ৰকাশ কৰা মতে নৱজাতক দুটিক পৃথক কৰাৰ বাবে তেওঁলোকে  চেষ্টা কৰি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু