--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ চৰকাৰী কামকাজত হিন্দী ব্যৱহাৰ হওক। কেন্দ্ৰীয় চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদানৰ ভাষা হিন্দী হওক। ৰাজ্যসমূহৰ হাইকোৰ্টসমূহৰ কাম-কাজ হিন্দীত হওক। চৰকাৰী চাকৰিৰ পৰীক্ষাত ইংৰাজীৰ সলনি হিন্দীৰ ব্যৱহাৰ হওক। চৰকাৰী ভাষা সংক্ৰান্তীয় সংসদীয় কমিটিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এই অনুৰোধ কৰিছে।

জানিব পৰামতে, এই সংক্ৰান্তীয় এখন ৰিপৰ্ট ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছে। হিন্দীত শিক্ষাদান প্ৰসংগত কমিটিয়ে তাত কৈছে যে শ্ৰেণীকক্ষত হিন্দীৰ ব্যৱহাৰ বাঞ্ছনীয়। ইংৰাজীৰ ব্যৱহাৰ ঐচ্চিক হ’ব পাৰে। কেন্দ্ৰীয় বিদ্যালয়, নবোদয় বিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আইআইটি, আইআইম- সকলো ইয়াৰ আওতালৈ অনা উচিত।

চৰকাৰী পৰীক্ষাসমূহতো বাধ্যতামূলক ইংৰাজীৰ পেপাৰৰ সলনি হিন্দী পেপাৰৰ ব্যৱস্থা কৰাৰ অনুৰোধ কৰা হৈছে। কমিটিৰ বক্তব্য অনুসৰি, বাধ্যতামূলক ইংৰাজীৰ পেপাৰৰ দ্বাৰা এনে এটা ধাৰণা তৈয়াৰ কৰা হৈছে যেন ইংৰাজী বেছি গুৰুত্বপূৰ্ণ। কিন্তু এয়া হ’বলৈ নিদিয়াটোৱে কমিটিৰ লক্ষ্য।

তদুপৰি, চৰকাৰী প্ৰতিষ্ঠানৰ কাম-কাজো যাতে হিন্দীতে হয়, সেয়া নিশ্চিত কৰাৰ কথাও কোৱা হৈছে ৰিপ’র্টত। সেই অনুসৰি, চৰকাৰী কৰ্মচাৰী নিৰ্বাচনৰ ক্ষেত্ৰত যাতে হিন্দীৰ জ্ঞান অন্যতম মাপকাঠি হয়, তাৰ প্ৰতিও লক্ষ্য ৰখাৰ কথা কোৱা হৈছে।

বিশ্বায়ন আৰু উদাৰনীতিবাদৰ সৈজন্যত হিন্দী সম্প্ৰতি বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে বুলি কমিটিখনে মন্তব্য কৰি কয় যে ভাৰতৰ ভাষা সেইবাবেই হিন্দী হোৱা উচিত। ঘৰৰ মাটিত হিন্দীৰ জনপ্ৰিয়তা আৰু বৃদ্ধি পাবলৈ কমিটিখনে জোৰ দিছে। কৈছে যে চৰকাৰী বিজ্ঞাপনসমূহ হিন্দীত হোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু