--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উদয়পুৰৰ এজন লোকে  তেওঁৰ ১৭ লাখ টকীয়া  গাড়ী খনত দেখা দিয়া  কাৰিকৰী বিজুতিৰ বাবে গাড়ী  খন অইন গাড়ীৰে টানি অনাৰ সলনি এটা গাধৰ সহায়ত শ্ব'ৰুমলৈ টানি নিয়াৰ দৃশ্যই বহুতকে আমোদ দিছে। 

এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  লোকজনে তেওঁৰ গাড়ী খন সঘনাই বেয়া হৈ থকাৰ প্ৰতিবাদ জনাবলৈয়েই এনেদৰে গাধ ব্যৱহাৰ কৰি  গাড়ীখন শ্ব'ৰুমৰ ডিলাৰৰ কাষলৈ নিয়ে। । গাড়ীখনৰ মালিকে ড্ৰাম বজাই  দুটা গাধ ব্যৱহাৰ কৰি তেওঁৰ বাহনখন শ্ব'ৰুমলৈ নয়াৰ  সিদ্ধান্ত লৈছিল। ডিলাৰশ্বিপে প্ৰদান কৰা গ্ৰাহক সেৱাত অসন্তুষ্ট হৈয়েই লোকজনে এনে অভিনৱ প্ৰতিবাদৰ পন্থা গ্ৰহণ কৰে।

 জানিব পৰা মতে  সোকজনে গাড়ীখন উদয়পুৰৰ মাদ্ৰু ঔদ্যোগিক এলেকাৰ এটা শ্ব'ৰুমৰ পৰা প্ৰায় ১৭.৫০ লাখ টকাত ক্ৰয় কৰিছিল।  নতুন বাহন হোৱা স্বত্বেও সঘনাই কাৰিকৰী বিজুতিত লোক জন হতাশ হৈ পৰিছিল। গাড়ী খনৰ গৰাকী ৰাজ কুমাৰে কয় যে যোৱা দুদিনত গাড়ীখন একাধিকবাৰ ঠেলিবলগীয়া হৈছে।  সেৱা কেন্দ্ৰৰ প্ৰতিনিধিসকলে সমস্যাটো বেটাৰীৰ বাবে হোৱা বুলি কৈ আহিছে যদিও সমস্যাৰ সমাধান আজিলৈকে হোৱা নাই।   তাৰেই প্ৰতিবাদ জনাবলৈ তেওঁ গাধৰ দ্বাৰা  গাড়ী খন টানি শ্ব’ৰূমলৈ নিয়ে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন