--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ত কাম কৰা আয়ুৰ্বেদিক চিকিৎসকসকলে এমবিবিএছ ডিগ্ৰীধাৰী  চিকিৎসকসকলৰ দৰে একে পদ্ধতিৰে  চিকিৎসা কৰিব পাৰিব বুলি  গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এক ৰায় শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে।  ন্যায়াধীশ ভি. ৰামসুব্ৰমনিয়াম আৰু পংকজ মিথালৰ বিচাৰপীঠে এই প্ৰসংগত কয় : "আয়ুৰ্বেদ চিকিৎসকসকলৰ গুৰুত্ব আৰু ঔষধৰ বিকল্প/থলুৱা পদ্ধতিৰ  প্ৰচাৰৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰাৰ সময়তো, আমি এই কথাৰ প্ৰতি অজ্ঞ হ'ব নোৱাৰো যে দুয়োটা শ্ৰেণীৰ চিকিৎসকে নিশ্চিতভাৱে সমান দৰমহাৰ অধিকাৰী হোৱাৰ বাবে সমান কাম কৰা নাই।" 

বিচাৰপীঠে লগতে কয়  যে এয়া সাধাৰণ জ্ঞানৰ কথা   যে চিকিৎসালয়ত বহিঃৰোগীৰ বিভাগত  এম.বি.বি.এছ. চিকিৎসকসকলক শ শ ৰোগীৰ চিকিৎসা কৰিবলৈ  দিয়া হয়, যিটো আয়ুৰ্বেদিক চিকিৎসকৰ ক্ষেত্ৰত নহয়। শীৰ্ষ ন্যায়ালয়ৰ ৰায়টো ২০১২ চনৰ গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱাএখন আবেদনৰ ভিত্তিত দিয়া হৈছে।  

গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়টোত কোৱা হৈছিল যে আয়ুৰ্বেদিক চিকিৎসকসকলে এমবিবিএছ ডিগ্ৰী থকা চিকিৎসকৰ সমতুল্য চিকিৎসা কৰাৰ অধিকাৰ আছে। সেই ৰায়ৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় : "বিজ্ঞানৰ প্ৰকৃতি অনুসৰি  আধুনিক চিকিৎসা প্ৰযুক্তিৰ উন্নতিৰ সৈতে এলোপেথি চিকিৎসকসকলে কৰিব পৰা জৰুৰীকালীন কৰ্তব্য আৰু  ট্ৰমা কেয়াৰ আয়ুৰ্বেদ চিকিৎসকে কৰিব নোৱাৰে।" আয়ুৰ্বেদ চিকিৎসকসকলে জটিল অস্ত্ৰোপচাৰ কৰা শল্য চিকিৎসকসকলক সহায় কৰাটো সম্ভৱ নহয় বুলিও বিচাৰপীঠে মন্তব্য কৰে। 

আনহাতে এম.বি.বি.এছ. চিকিৎসকে এইক্ষেত্ৰতসহায় কৰিব পাৰে। বিচাৰপীঠে লগতে কয়  "আমি সচেতন যে আয়ুৰ্বেদৰ ইতিহাস কেইবা শতিকা পুৰণি। আমাৰ কোনো সন্দেহ নাই যে ঔষধৰ প্ৰতিটো বিকল্প প্ৰণালীৰ ইতিহাসত ইয়াৰ  গৌৰৱ থাকিব পাৰে। কিন্তু  থলুৱা ঔষধ প্ৰণালীৰ চিকিৎসকসকলে জটিল অস্ত্ৰোপচাৰ নকৰে। আয়ুৰ্বেদৰ অধ্যয়নে তেওঁলোকক এই অস্ত্ৰোপচাৰবোৰ কৰিবলৈ কৰ্তৃত্ব প্ৰদান নকৰে।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন