--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ত কাম কৰা আয়ুৰ্বেদিক চিকিৎসকসকলে এমবিবিএছ ডিগ্ৰীধাৰী  চিকিৎসকসকলৰ দৰে একে পদ্ধতিৰে  চিকিৎসা কৰিব পাৰিব বুলি  গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এক ৰায় শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে।  ন্যায়াধীশ ভি. ৰামসুব্ৰমনিয়াম আৰু পংকজ মিথালৰ বিচাৰপীঠে এই প্ৰসংগত কয় : "আয়ুৰ্বেদ চিকিৎসকসকলৰ গুৰুত্ব আৰু ঔষধৰ বিকল্প/থলুৱা পদ্ধতিৰ  প্ৰচাৰৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰাৰ সময়তো, আমি এই কথাৰ প্ৰতি অজ্ঞ হ'ব নোৱাৰো যে দুয়োটা শ্ৰেণীৰ চিকিৎসকে নিশ্চিতভাৱে সমান দৰমহাৰ অধিকাৰী হোৱাৰ বাবে সমান কাম কৰা নাই।" 

বিচাৰপীঠে লগতে কয়  যে এয়া সাধাৰণ জ্ঞানৰ কথা   যে চিকিৎসালয়ত বহিঃৰোগীৰ বিভাগত  এম.বি.বি.এছ. চিকিৎসকসকলক শ শ ৰোগীৰ চিকিৎসা কৰিবলৈ  দিয়া হয়, যিটো আয়ুৰ্বেদিক চিকিৎসকৰ ক্ষেত্ৰত নহয়। শীৰ্ষ ন্যায়ালয়ৰ ৰায়টো ২০১২ চনৰ গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱাএখন আবেদনৰ ভিত্তিত দিয়া হৈছে।  

গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়টোত কোৱা হৈছিল যে আয়ুৰ্বেদিক চিকিৎসকসকলে এমবিবিএছ ডিগ্ৰী থকা চিকিৎসকৰ সমতুল্য চিকিৎসা কৰাৰ অধিকাৰ আছে। সেই ৰায়ৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় : "বিজ্ঞানৰ প্ৰকৃতি অনুসৰি  আধুনিক চিকিৎসা প্ৰযুক্তিৰ উন্নতিৰ সৈতে এলোপেথি চিকিৎসকসকলে কৰিব পৰা জৰুৰীকালীন কৰ্তব্য আৰু  ট্ৰমা কেয়াৰ আয়ুৰ্বেদ চিকিৎসকে কৰিব নোৱাৰে।" আয়ুৰ্বেদ চিকিৎসকসকলে জটিল অস্ত্ৰোপচাৰ কৰা শল্য চিকিৎসকসকলক সহায় কৰাটো সম্ভৱ নহয় বুলিও বিচাৰপীঠে মন্তব্য কৰে। 

আনহাতে এম.বি.বি.এছ. চিকিৎসকে এইক্ষেত্ৰতসহায় কৰিব পাৰে। বিচাৰপীঠে লগতে কয়  "আমি সচেতন যে আয়ুৰ্বেদৰ ইতিহাস কেইবা শতিকা পুৰণি। আমাৰ কোনো সন্দেহ নাই যে ঔষধৰ প্ৰতিটো বিকল্প প্ৰণালীৰ ইতিহাসত ইয়াৰ  গৌৰৱ থাকিব পাৰে। কিন্তু  থলুৱা ঔষধ প্ৰণালীৰ চিকিৎসকসকলে জটিল অস্ত্ৰোপচাৰ নকৰে। আয়ুৰ্বেদৰ অধ্যয়নে তেওঁলোকক এই অস্ত্ৰোপচাৰবোৰ কৰিবলৈ কৰ্তৃত্ব প্ৰদান নকৰে।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে