--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ নামত আছিল প্ৰায় ২ কোটি টকাৰ বীমা। সেই বীমৰ ধন সকৰকাবলৈয়েই স্বামীয়ে পৰিকল্পিতভাবে হত্যা কৰিলে পত্নীক। টনাটো ঘটিছে ৰাজস্থানত।  স্বামীয়ে ভাবিছিল যে যদি পত্নীৰ পথ দুৰ্ঘটনাত মৃত্যু হয়, তেন্তে তেওঁ প্ৰায় ২ কোটি টকা পাব। অভিযোগ অনুসৰি  ৰাজস্থানৰ বাসিন্দা মহেশ চান্দে সেই ধনৰ লোভতে এজন লোকৰ হতুৱাই   তেওঁৰ পত্নীক হত্যা কৰিলে।

কিন্তু  মহেশ চান্দৰ পৰিকল্পনা অনুসৰি কথাবোৰ আগনাবাঢ়িল, তেওঁ ধৰা পৰি গ’ল।আৰক্ষীয়ে জনোৱা অনুসৰি মহেশৰ পত্নী শলুৱে তেওঁৰ অনুৰোধত এখন বাইকত মন্দিৰলৈ  পূজা কৰিবলৈ গৈ আছিল। সেই সময়তে এখন এছইউভি বাহনে শলু উঠি যোৱা  বাইকৰ পিছফালে  খুন্দা মাৰিছিল। ঘটনাস্থলীতে শলুৰ মৃত্যু হয়। শলুৰ সম্পৰ্কীয় ভায়েকে বাইকখন চলাই আছিল।

দুৰ্ঘটনাটোত তেওঁ গুৰুতৰভাৱে আহত হয়। ঘটনাটো ৫ অক্টোবৰত ৰাজস্থানত সংঘটিত হৈছিল। প্ৰথমাৱস্থাত যদিও সেয়া  এটা পথ দুৰ্ঘটনা যেন ভাব হৈছিল  তথাপি  ৰাজস্থান আৰক্ষীৰ কিবা কথাত সন্দেহ হৈছিল। সেয়ে  আৰক্ষীয়ে তদন্ত চলাই  জানিব পাৰে  যে গোটেই ঘটনাটো পৰিকল্পনা  কৰি কৰা হৈছিল।  আৰক্ষীয়ে কয় যে শলুৰ স্বামী মহেশে বীমাৰ ধনৰ লোভতে এজন লোকক নিয়োগ কৰি "দুৰ্ঘটনা"ৰ পৰিকল্পনা কৰিছিল।

এজন আৰক্ষী বিষয়াৰ মতে, মহেশে শলুৰৰ নামত বীমা  কৰিছিল।  বীমাকৰ্তাৰ প্ৰাকৃতিক মৃত্যুৰ ক্ষেত্ৰত ১ কোটি টকা উপলব্ধ হ'ব। কিন্তু পথ দুৰ্ঘটনাত মৃত্যু হ'লে, মহেশে ১.৯০ কোটি টকা লাভ কৰিব। আৰক্ষীৰ মতে মহেশে এই ধনৰ লোভতে  শলুক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। মহেশে মুকেশ সিং ৰাঠৌৰ নামৰ এজন লোকৰ সৈতে শলুক হত্যা কৰাৰ চুক্তি কৰিছিল।   মুকেশে শলুক হত্যা কৰিবলৈ ১০ লাখ টকা দাবী কৰিছিল। মহেশে মুকেশক অগ্ৰিম ধন হিচাবে   ৫.৫ লাখ টকা আদায় দিছিল।

পৰিকল্পনা অনুসৰি মহেশে পত্নী শলুক কৈছিল যে মনৰ ইচ্ছা  পূৰণ কৰিবলৈ  শলুৱে  একেৰাহে ১১ দিন  মন্দিৰলৈ যাব লাগিব আৰু প্ৰাৰ্থনা কৰিব লাগিব। স্বামীয়ে কোৱাৰ বাবেই  শলুৱে তেওঁৰ সম্পৰ্কীয় ভাই ৰাজুৰ সৈতে মন্দিৰলৈ গৈ আছিল। ৫ অক্টোবৰৰ পুৱা প্ৰায় ৪.৪৫ বজাত এখন এছ.ইউ.ভি.-য়ে তেওঁলোকৰ বাইকৰ পিছফালে খুন্দা মাৰে। ফলত  ঘটনাস্থলীতে শলুৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি মহেশও এছইউভিখনৰ পিছফালে এখন বাইকত গৈ  আছিল। শলুৰ মৃত্যুৰ পিছত তেওঁ ঘটনাস্থলীৰ পৰা উভতি আহে। গাড়ীখনৰ ভিতৰত ৰাঠৌৰকে ধৰি আন চাৰিজন লোক আছিল। আৰক্ষীয়ে বাহনখনৰ মালিক ৰাকেশ সিং আৰু চনুক ৰাঠৌৰক  গ্ৰেপ্তাৰ কৰিছে। বাকী অভিযুক্ত কেই জন এতিয়াও পলাতক হৈ আছে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু