--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ নামত আছিল প্ৰায় ২ কোটি টকাৰ বীমা। সেই বীমৰ ধন সকৰকাবলৈয়েই স্বামীয়ে পৰিকল্পিতভাবে হত্যা কৰিলে পত্নীক। টনাটো ঘটিছে ৰাজস্থানত।  স্বামীয়ে ভাবিছিল যে যদি পত্নীৰ পথ দুৰ্ঘটনাত মৃত্যু হয়, তেন্তে তেওঁ প্ৰায় ২ কোটি টকা পাব। অভিযোগ অনুসৰি  ৰাজস্থানৰ বাসিন্দা মহেশ চান্দে সেই ধনৰ লোভতে এজন লোকৰ হতুৱাই   তেওঁৰ পত্নীক হত্যা কৰিলে।

কিন্তু  মহেশ চান্দৰ পৰিকল্পনা অনুসৰি কথাবোৰ আগনাবাঢ়িল, তেওঁ ধৰা পৰি গ’ল।আৰক্ষীয়ে জনোৱা অনুসৰি মহেশৰ পত্নী শলুৱে তেওঁৰ অনুৰোধত এখন বাইকত মন্দিৰলৈ  পূজা কৰিবলৈ গৈ আছিল। সেই সময়তে এখন এছইউভি বাহনে শলু উঠি যোৱা  বাইকৰ পিছফালে  খুন্দা মাৰিছিল। ঘটনাস্থলীতে শলুৰ মৃত্যু হয়। শলুৰ সম্পৰ্কীয় ভায়েকে বাইকখন চলাই আছিল।

দুৰ্ঘটনাটোত তেওঁ গুৰুতৰভাৱে আহত হয়। ঘটনাটো ৫ অক্টোবৰত ৰাজস্থানত সংঘটিত হৈছিল। প্ৰথমাৱস্থাত যদিও সেয়া  এটা পথ দুৰ্ঘটনা যেন ভাব হৈছিল  তথাপি  ৰাজস্থান আৰক্ষীৰ কিবা কথাত সন্দেহ হৈছিল। সেয়ে  আৰক্ষীয়ে তদন্ত চলাই  জানিব পাৰে  যে গোটেই ঘটনাটো পৰিকল্পনা  কৰি কৰা হৈছিল।  আৰক্ষীয়ে কয় যে শলুৰ স্বামী মহেশে বীমাৰ ধনৰ লোভতে এজন লোকক নিয়োগ কৰি "দুৰ্ঘটনা"ৰ পৰিকল্পনা কৰিছিল।

এজন আৰক্ষী বিষয়াৰ মতে, মহেশে শলুৰৰ নামত বীমা  কৰিছিল।  বীমাকৰ্তাৰ প্ৰাকৃতিক মৃত্যুৰ ক্ষেত্ৰত ১ কোটি টকা উপলব্ধ হ'ব। কিন্তু পথ দুৰ্ঘটনাত মৃত্যু হ'লে, মহেশে ১.৯০ কোটি টকা লাভ কৰিব। আৰক্ষীৰ মতে মহেশে এই ধনৰ লোভতে  শলুক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। মহেশে মুকেশ সিং ৰাঠৌৰ নামৰ এজন লোকৰ সৈতে শলুক হত্যা কৰাৰ চুক্তি কৰিছিল।   মুকেশে শলুক হত্যা কৰিবলৈ ১০ লাখ টকা দাবী কৰিছিল। মহেশে মুকেশক অগ্ৰিম ধন হিচাবে   ৫.৫ লাখ টকা আদায় দিছিল।

পৰিকল্পনা অনুসৰি মহেশে পত্নী শলুক কৈছিল যে মনৰ ইচ্ছা  পূৰণ কৰিবলৈ  শলুৱে  একেৰাহে ১১ দিন  মন্দিৰলৈ যাব লাগিব আৰু প্ৰাৰ্থনা কৰিব লাগিব। স্বামীয়ে কোৱাৰ বাবেই  শলুৱে তেওঁৰ সম্পৰ্কীয় ভাই ৰাজুৰ সৈতে মন্দিৰলৈ গৈ আছিল। ৫ অক্টোবৰৰ পুৱা প্ৰায় ৪.৪৫ বজাত এখন এছ.ইউ.ভি.-য়ে তেওঁলোকৰ বাইকৰ পিছফালে খুন্দা মাৰে। ফলত  ঘটনাস্থলীতে শলুৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি মহেশও এছইউভিখনৰ পিছফালে এখন বাইকত গৈ  আছিল। শলুৰ মৃত্যুৰ পিছত তেওঁ ঘটনাস্থলীৰ পৰা উভতি আহে। গাড়ীখনৰ ভিতৰত ৰাঠৌৰকে ধৰি আন চাৰিজন লোক আছিল। আৰক্ষীয়ে বাহনখনৰ মালিক ৰাকেশ সিং আৰু চনুক ৰাঠৌৰক  গ্ৰেপ্তাৰ কৰিছে। বাকী অভিযুক্ত কেই জন এতিয়াও পলাতক হৈ আছে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক