--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ  বিপজ্জনক  সন্ত্ৰাসবাদী সংগঠন আল কায়েদাই কৈছে যে ভাৰতে কাশ্মীৰক ইয়াৰ এক অবিচ্ছেদ্য অংশ কৰি তুলিবলৈ সক্ষম হৈছে। সন্ত্ৰাসবাদী সংগঠনটোৰ এনে  বিবৃতিৰ অৰ্থ হৈছে যে আল কায়েদাই কাশ্মীৰত নিজৰ আধিপত্য হেৰুৱাই পেলাইছে।  সংগঠনটোৱে  দাবী কৰি আহিছিল যে কাশ্মীৰক ভাৰতৰ পৰা পৃথক যিকোনো প্ৰকাৰে  পাকিস্তানৰ সৈতে একত্ৰিত কৰা হ’ব। কিন্তু  শেহতীয়া  বিবৃতিৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনটোৱে  ভাৰতৰ কাশ্মীৰ নীতি যে  সফল হৈছে তাকেই স্বীকাৰ কৰি লৈছে।  

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ  অভিযানৰ ফলত উপত্যকাটোলৈ  শান্তি ঘূৰি আহিছে। বিগত কেইবা বছৰ ধৰি কাশ্মীৰত চলি থকা  এক অঘোষিত যুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰায় অৱসান ঘটিছে। কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ কাশ্মীৰৰ পৰা  অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ  পিছত পৰিস্থিতি আৰু উন্নত হৈছে। এয়া  কাশ্মীৰৰ বাবে মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ সফলতা হিচাবে বিবেচিত হৈছে।  কিন্তু যিসকলে কাশ্মীৰৰ অস্থিৰতাক স্বাভাৱিক বুলি বিবেচনা কৰি আহিছে  তেওঁলোকে কেতিয়াও এই সফলতাক  মানি ল’ব বিচৰা নাই।

আল কায়েদাৰ দৰে এটা সন্ত্ৰাসবাদী সংগঠনে কৈছে যে কাশ্মীৰৰ পৰা  সন্ত্ৰাসবাদীয়ে পলায়ন কৰাটো অতি কঠিন হৈ পৰিছে আৰু পাকিস্তানে উপত্যকাটোলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

আল কায়েদাই ইয়াৰ আলোচনী নৱা-ই-গাজৱাহ-ই-হিন্দত এনে  কথা প্ৰকাশ কৰিছে। 

সংগঠনটোৱে লগতে কৈছে  যে পাকিস্তানৰ সেনা ভীৰু আৰু ই ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ ভয় কৰে।

লগতে  এয়াও কোৱা হৈছে যে কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। আল কায়েদাই কৈছে যে পাকিস্তানী সেনাই কেৱল সেই সন্ত্ৰাসবাদীসকলকহে হত্যা কৰি আছে যিসকলে কাশ্মীৰৰ হৈ যুঁজি আছিল। আল কায়েদাই কাশ্মীৰসৈ নতুনকৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰিব নোৱাৰাৰ বাবে পাকিস্তানক ভৰ্ৎসনা কৰিছে।

কাশ্মীৰত হ্ৰাস পোৱা  সন্ত্ৰাসবাদী আক্ৰমণক লৈও আল কায়েদাই পাকিস্তানৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে। সংগঠনটোৱে  মুছলমানসকলক কাশ্মীৰত অস্থিৰতাৰ সৃষ্টি কৰিবলৈ  উচটনি  দিয়াৰ চেষ্টা কৰিছে। উল্লেখ্য ইয়াৰ পূৰ্বেও  আল কায়েদাই ১৯৯৯ চনত কাৰ্গিলত পৰাজয়ৰ বাবে পাকিস্তানী সেনাক উপহাস কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক