--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ  বিপজ্জনক  সন্ত্ৰাসবাদী সংগঠন আল কায়েদাই কৈছে যে ভাৰতে কাশ্মীৰক ইয়াৰ এক অবিচ্ছেদ্য অংশ কৰি তুলিবলৈ সক্ষম হৈছে। সন্ত্ৰাসবাদী সংগঠনটোৰ এনে  বিবৃতিৰ অৰ্থ হৈছে যে আল কায়েদাই কাশ্মীৰত নিজৰ আধিপত্য হেৰুৱাই পেলাইছে।  সংগঠনটোৱে  দাবী কৰি আহিছিল যে কাশ্মীৰক ভাৰতৰ পৰা পৃথক যিকোনো প্ৰকাৰে  পাকিস্তানৰ সৈতে একত্ৰিত কৰা হ’ব। কিন্তু  শেহতীয়া  বিবৃতিৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনটোৱে  ভাৰতৰ কাশ্মীৰ নীতি যে  সফল হৈছে তাকেই স্বীকাৰ কৰি লৈছে।  

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ  অভিযানৰ ফলত উপত্যকাটোলৈ  শান্তি ঘূৰি আহিছে। বিগত কেইবা বছৰ ধৰি কাশ্মীৰত চলি থকা  এক অঘোষিত যুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰায় অৱসান ঘটিছে। কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ কাশ্মীৰৰ পৰা  অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ  পিছত পৰিস্থিতি আৰু উন্নত হৈছে। এয়া  কাশ্মীৰৰ বাবে মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ সফলতা হিচাবে বিবেচিত হৈছে।  কিন্তু যিসকলে কাশ্মীৰৰ অস্থিৰতাক স্বাভাৱিক বুলি বিবেচনা কৰি আহিছে  তেওঁলোকে কেতিয়াও এই সফলতাক  মানি ল’ব বিচৰা নাই।

আল কায়েদাৰ দৰে এটা সন্ত্ৰাসবাদী সংগঠনে কৈছে যে কাশ্মীৰৰ পৰা  সন্ত্ৰাসবাদীয়ে পলায়ন কৰাটো অতি কঠিন হৈ পৰিছে আৰু পাকিস্তানে উপত্যকাটোলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

আল কায়েদাই ইয়াৰ আলোচনী নৱা-ই-গাজৱাহ-ই-হিন্দত এনে  কথা প্ৰকাশ কৰিছে। 

সংগঠনটোৱে লগতে কৈছে  যে পাকিস্তানৰ সেনা ভীৰু আৰু ই ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ ভয় কৰে।

লগতে  এয়াও কোৱা হৈছে যে কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। আল কায়েদাই কৈছে যে পাকিস্তানী সেনাই কেৱল সেই সন্ত্ৰাসবাদীসকলকহে হত্যা কৰি আছে যিসকলে কাশ্মীৰৰ হৈ যুঁজি আছিল। আল কায়েদাই কাশ্মীৰসৈ নতুনকৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰিব নোৱাৰাৰ বাবে পাকিস্তানক ভৰ্ৎসনা কৰিছে।

কাশ্মীৰত হ্ৰাস পোৱা  সন্ত্ৰাসবাদী আক্ৰমণক লৈও আল কায়েদাই পাকিস্তানৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে। সংগঠনটোৱে  মুছলমানসকলক কাশ্মীৰত অস্থিৰতাৰ সৃষ্টি কৰিবলৈ  উচটনি  দিয়াৰ চেষ্টা কৰিছে। উল্লেখ্য ইয়াৰ পূৰ্বেও  আল কায়েদাই ১৯৯৯ চনত কাৰ্গিলত পৰাজয়ৰ বাবে পাকিস্তানী সেনাক উপহাস কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু