--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ন্যায়িক ইতিহাসত আজি তৃতীয়বাৰৰ বাবে কেৱল মহিলাৰে গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে কেৱল মহিলাৰে গঠিত  বিচাৰপীঠে গোচৰৰ শুনানি গ্ৰহণ কৰিব।উচ্চতম ন্যায়ালয়ৰ  ইতিহাসত  তৃতীয়বাৰৰ বাবে এনে হ’বলৈ ওলাইছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বুধবাৰে ন্যায়াধীশ হিমা কোহলী আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত বিচাৰপীঠ খন গঠন কৰি দিছিল৷ 

২০১৩ চনত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত কেৱল মহিলাৰে গঠিত  বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছিল। সেই সময়ত ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰ আৰু ৰঞ্জনা প্ৰকাশ দেশাই উক্ত বিচাৰপীঠত আছিল৷ দ্বিতীয় বাৰ  ২০১৮  চনত ন্যায়াধীশ আৰ ভানুমতী আৰু ইন্দিৰা বেনাৰ্জীয়ে শুনানি গ্ৰহণ কৰিছিল। আজি ন্যায়াধীশ কোহলী আৰু ত্ৰিবেদীৰ বিচাৰপীঠত  ৩২ টা বিষয় তালিকাভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত  বৈবাহিক বিবাদৰ সৈতে জড়িত ১০  টা গোচৰ আৰু  ১০ খন  জামিনৰ আবেদন আছে। উচ্চতম  ন্যায়ালয়ত বৰ্তমান মাত্ৰ তিনিগৰাকী মহিলা ন্যায়াধীশ আছে।

তেওঁলোক হৈছে ক্ৰমে  ন্যায়াধীশ কোহলী, বি ভি নাগাৰাথনা, আৰু ত্ৰিবেদী।  ন্যায়াধীশ কোহলীৰ ছেপ্টেম্বৰ ২০২৪ লৈ কাৰ্যকাল আছে, ন্যায়াধীশ ত্ৰিবেদীয়ে জুন ২০২৫লৈকে দায়িত্বত থাকিব। ন্যায়াধীশ নাগাৰাথনাই ২০২৭ চনত দেশৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ হ'বলৈ সাজু হৈছে৷ উচ্চতম ন্যায়ালয়ত এতিয়া ৩৪ জন অনুমোদিত ন্যায়াধীশৰ বিপৰীতে ২৭ জন ন্যায়াধীশহে আছে।  ২০২৩ চনৰ ৪ জানুৱাৰীত ন্যায়াধীশ এছ আব্দুল নাজিৰে অৱসৰ ল’ব।ফলত খালী থকা ন্যায়াধীশৰ সংখ্যা ৮ লৈ বৃদ্ধি পাব।

 অহা বছৰ ন্যায়াধীশ নাজিৰৰ উপৰি আৰু সাতজন ন্যায়াধীশে তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব। শীৰ্ষ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হিচাবে  ১৯৮৯  চনত ন্যায়াধীশ এম ফাতিমা বীভিক কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰৰ পিছত নিযুক্তি দিয়া হৈছিল। তেওঁৰ পিছত ন্যায়াধীশ সুজাতা মনোহৰ, ৰুমা পাল, জ্ঞান সুধা মিশ্ৰা, ৰঞ্জনা প্ৰকাশ দেশাই, আৰ ভানুমতী, ইন্দু মালহোত্ৰা, ইন্দিৰা বেনাৰ্জী, কোহলী, নাগাৰাথনা , আৰু ত্ৰিবেদীয়ে পৰ্যায় ক্ৰমে নিযুক্তি পাইছিছিল। 

ভাৰতৰ তদানীন্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ কাৰ্যকালত বৰ্তমানৰ তিনিওগৰাকী মহিলা ন্যায়াধীশে  একেদিনাই শপত গ্ৰহণ কৰিছিল।  ফলত ন্যায়াধীশ বেনাৰ্জীকে ধৰি সেৱা আগবঢ়োৱা মহিলা ন্যায়াধীশৰ সংখ্যা  চাৰিজনলৈ লৈ বৃদ্ধি পাইছিল। কিন্তু ন্যায়াধীশ বেনাৰ্জীয়ে এই বছৰৰ ২৩ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে। শীৰ্ষ আদালতত মহিলা ন্যায়াধীশ হিচাবে নিযুক্তি লাভৰ পূৰ্বে   কোহলী তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। ন্যায়াধীশ ত্ৰিবেদী উচ্চতম ন্যায়ালয়লৈ অহাৰ  আগতে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু