--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ন্যায়িক ইতিহাসত আজি তৃতীয়বাৰৰ বাবে কেৱল মহিলাৰে গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে কেৱল মহিলাৰে গঠিত  বিচাৰপীঠে গোচৰৰ শুনানি গ্ৰহণ কৰিব।উচ্চতম ন্যায়ালয়ৰ  ইতিহাসত  তৃতীয়বাৰৰ বাবে এনে হ’বলৈ ওলাইছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বুধবাৰে ন্যায়াধীশ হিমা কোহলী আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত বিচাৰপীঠ খন গঠন কৰি দিছিল৷ 

২০১৩ চনত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত কেৱল মহিলাৰে গঠিত  বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছিল। সেই সময়ত ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰ আৰু ৰঞ্জনা প্ৰকাশ দেশাই উক্ত বিচাৰপীঠত আছিল৷ দ্বিতীয় বাৰ  ২০১৮  চনত ন্যায়াধীশ আৰ ভানুমতী আৰু ইন্দিৰা বেনাৰ্জীয়ে শুনানি গ্ৰহণ কৰিছিল। আজি ন্যায়াধীশ কোহলী আৰু ত্ৰিবেদীৰ বিচাৰপীঠত  ৩২ টা বিষয় তালিকাভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত  বৈবাহিক বিবাদৰ সৈতে জড়িত ১০  টা গোচৰ আৰু  ১০ খন  জামিনৰ আবেদন আছে। উচ্চতম  ন্যায়ালয়ত বৰ্তমান মাত্ৰ তিনিগৰাকী মহিলা ন্যায়াধীশ আছে।

তেওঁলোক হৈছে ক্ৰমে  ন্যায়াধীশ কোহলী, বি ভি নাগাৰাথনা, আৰু ত্ৰিবেদী।  ন্যায়াধীশ কোহলীৰ ছেপ্টেম্বৰ ২০২৪ লৈ কাৰ্যকাল আছে, ন্যায়াধীশ ত্ৰিবেদীয়ে জুন ২০২৫লৈকে দায়িত্বত থাকিব। ন্যায়াধীশ নাগাৰাথনাই ২০২৭ চনত দেশৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ হ'বলৈ সাজু হৈছে৷ উচ্চতম ন্যায়ালয়ত এতিয়া ৩৪ জন অনুমোদিত ন্যায়াধীশৰ বিপৰীতে ২৭ জন ন্যায়াধীশহে আছে।  ২০২৩ চনৰ ৪ জানুৱাৰীত ন্যায়াধীশ এছ আব্দুল নাজিৰে অৱসৰ ল’ব।ফলত খালী থকা ন্যায়াধীশৰ সংখ্যা ৮ লৈ বৃদ্ধি পাব।

 অহা বছৰ ন্যায়াধীশ নাজিৰৰ উপৰি আৰু সাতজন ন্যায়াধীশে তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব। শীৰ্ষ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হিচাবে  ১৯৮৯  চনত ন্যায়াধীশ এম ফাতিমা বীভিক কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰৰ পিছত নিযুক্তি দিয়া হৈছিল। তেওঁৰ পিছত ন্যায়াধীশ সুজাতা মনোহৰ, ৰুমা পাল, জ্ঞান সুধা মিশ্ৰা, ৰঞ্জনা প্ৰকাশ দেশাই, আৰ ভানুমতী, ইন্দু মালহোত্ৰা, ইন্দিৰা বেনাৰ্জী, কোহলী, নাগাৰাথনা , আৰু ত্ৰিবেদীয়ে পৰ্যায় ক্ৰমে নিযুক্তি পাইছিছিল। 

ভাৰতৰ তদানীন্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ কাৰ্যকালত বৰ্তমানৰ তিনিওগৰাকী মহিলা ন্যায়াধীশে  একেদিনাই শপত গ্ৰহণ কৰিছিল।  ফলত ন্যায়াধীশ বেনাৰ্জীকে ধৰি সেৱা আগবঢ়োৱা মহিলা ন্যায়াধীশৰ সংখ্যা  চাৰিজনলৈ লৈ বৃদ্ধি পাইছিল। কিন্তু ন্যায়াধীশ বেনাৰ্জীয়ে এই বছৰৰ ২৩ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে। শীৰ্ষ আদালতত মহিলা ন্যায়াধীশ হিচাবে নিযুক্তি লাভৰ পূৰ্বে   কোহলী তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। ন্যায়াধীশ ত্ৰিবেদী উচ্চতম ন্যায়ালয়লৈ অহাৰ  আগতে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক