--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত ঘটিছে এক ভয়ংকৰ ঘটনা। এহাল প্ৰেমিক-প্ৰেমিকা অন্তৰংগ মুহূৰ্তত থকাৰ সময়তে এজন তান্ত্ৰিকে তেওঁলোকৰ ওপৰত ফেভিকুইক আঠা ঢালি দিয়াৰ ফলত প্ৰেমিক-প্ৰেমিকা উভয়ৰে মৃত্যু ঘটে। আৰক্ষীয়ে ইতিমধ্যে তান্ত্ৰিক জনক গ্ৰেপ্তাৰ কৰিছে। 

জানিব পৰা মতে তান্ত্ৰিক ভলেছে প্ৰেমিক-প্ৰেমিকা হালক কৈছিল যে তেওঁলোকে  তেওঁৰ সন্মুখত যৌন সম্ভোগ কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ মনৰ আকাংক্ষা পূৰণ হ'ব।তান্ত্ৰিকৰ কথা অনুসৰি প্ৰেমিক-প্ৰেমিকাহালে তেনে কৰিলে। সেই সময়তে তান্ত্ৰিকজনে তেওঁলোকৰ ওপৰত আঠা ঢালি দিয়ে। উলত আঠাত লাগি ধৰি প্ৰেমিক-প্ৰেমিকাদ্বয় ক্ৰমে   ৰাহুল আৰু চনুৰ মৃত্যু হয়। ঘটনাটো ৰাজস্থানৰ উদয়পুৰত সংঘটিত হৈছে। তেওঁলোকৰ মৃত্যুৰ তিনিদিন পিছত, প্ৰেমিক-প্ৰেমিকাহালৰ নগ্ন মৃতদেহ উদ্ধাৰ কৰা হয়। আঠাৰ প্ৰভাৱত দুয়োৰে শৰীৰৰ পৰা ছাল এৰাই গৈছিল। 

আৰক্ষীয়ে ৫৫ বছৰীয়া ভলেছ কুমাৰ নামৰ তান্ত্ৰিকজনক  গ্ৰেপ্তাৰ কৰিছে।৩০ বছৰীয়া ৰাহুল মীনা আৰু ২৮ বছৰীয়া চনু কুয়ানে তান্ত্ৰিকজনৰ কাষলৈ কোনো সমস্যাৰ বিধান বিচাৰি গৈছিল। ৰাহুলে ইত্মধ্যে আন এগৰাকী যুৱতীক বিয়া পাতিছিল যদিও চনুৰ সৈতেও প্ৰেমৰ সম্পৰ্ক বজাই ৰখিছিল।   আনহাতে ৰাহুলৰ পৰিয়ালৰ সৈতে সুসম্পৰ্কৰ থকাৰ বাবে তান্ত্ৰিক ভলেছেও ৰাহুলৰ পত্নীৰ প্ৰেমত পৰিছিল। ভলেছে  ৰাহুলৰ পত্নীক তেওঁৰ স্বামীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ বিষয়ে কৈছিল। 

ৰাহুলে তান্ত্ৰিকজনক তেওঁৰ পত্নীৰ সৈতে থকা সম্পৰ্কৰ কথা মনত পেলাই দি ৰাহুল-চনুৰ সম্পৰ্কৰ কথা আন  ক’লে বিপদ হ’ব বুলি সকিয়াই দিছিল।
সেয়ে তান্ত্ৰিকজনে  প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰিছিল। সেইমতেই তেওঁ পৰিকল্পিতভাবে ৰাহুল আৰু চনুক অন্তৰংগ মুহূৰ্তত গাত আঠা ঢালি দি হত্যা কৰে।

আৰক্ষীয়ে  প্ৰকাশ কৰা অনুসৰি ভলেছে  আগৰে পৰাই  ফেভিকুইক আঠা মজুত কৰি  ৰাখিছিল।  ৰাহুল আৰু চনুৱে আঠাৰ পৰা ওলাই আহিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে আঠাৰ পৰা ওলাই আহিব নোৱাৰিলে। মৃত্যু নিশ্চিত কৰিবলৈ ভলেছে তেওঁলোক দুয়োৰে ডিঙিত চুৰিৰে আঘাত  কৰিছিল। প্ৰেমিক-প্ৰেমিকাহালৰ  মৃতদেহ  তিনিদিন ধৰি তেনে অৱস্থাতে পৰি আছিল। পিছত,আৰক্ষীয়ে  আহি মৃতদেহ দুটা উদ্ধাৰ কৰে।

প্ৰথমতে, আৰক্ষীয়ে ভাবিছিল যে এয়া এক অনাৰ কিলিংৰ ঘটনা। কিন্তু অনুসন্ধানৰ গভীৰতালৈ গৈ আৰক্ষীয়ে এক বেলেগ গোন্ধ পায়। ভলেছক গ্ৰেপ্তাৰ কৰা হয় আৰু  আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ তেওঁ কথা স্বীকাৰ কৰে।

আদালতে ভলেছক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ঘটনাটোত আন কোনো জড়িত আছে নেকি জানিবলৈ আৰক্ষীয়ে তদন্ত  আৰম্ভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক