--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ পালাম অঞ্চলত একেটা পৰিয়ালৰ চাৰিজন লোকক হত্যা কৰাৰ খবৰ চৰ্চাত আছে। নিজৰ পৰিয়ালৰ চাৰিওজন সদস্যক ছুৰীৰে আঘাত কৰি হত্যা কৰিছে এজন যুৱকে। নিহতসকলৰ ভিতৰত আছে পিতৃ-মাতৃ, এগৰাকী ভগ্নী আৰু আইতাক। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই মদ্যপান কৰি পৰিয়ালৰ সদস্যৰ পৰা ধন দাবী কৰিছিল। যেতিয়াই পৰিয়ালে টকাখিনি দিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া তেওঁ তেওঁলোকক হত্যা কৰিলে।

তথ্য অনুসৰি পালাম অঞ্চলৰ অভিযুক্ত কেশৱে আইতাক দীৱানো দেৱী , পিতৃ দীনেশ , মাতৃ দৰ্শনা আৰু ভগ্নী উৰ্বশীক হত্যা কৰে। অভিযুক্তই মদ্যপান কৰি পৰিয়ালৰ লোকৰ পৰা ধন বিচাৰিছিল। পৰিয়ালৰ লোকে ধন দিবলৈ অমান্তি হোৱাত তেওঁ পৰিয়ালৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰে। আচৰিত কথাটো হ'ল পৰিয়ালৰ মানুহবোৰ বেলেগ বেলেগ মহলাত থকা স্বত্বেও তেওঁ বিভিন্ন মহলালৈ গৈ সকলোকে হত্যা কৰিছে।

আৰক্ষী বিষয়াৰ মতে, নিশা প্ৰায় ১১:৩০ বজাত ওপৰৰ মহলাত চিঞৰ-বাখৰ হোৱা বুলি খবৰ পোৱা গৈছে। সেই স্থানত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে চাৰিওজন লোক ৰক্তাক্ত অৱস্থাত পৰি আছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ইফালে বৰ্তমান পালাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেশৱক।

অভিযুক্ত কেশৱ দীৰ্ঘদিন ধৰি মদ্যপান কৰি আছিল। জানিব পৰা মতে তেওঁ প্ৰতিদিনে পৰিয়ালৰ লোকৰ পৰা টকা বিচাৰিছিল। ঘটনাৰ দিনা প্ৰথমে আইতাকৰ পৰা টকা বিচাৰিছিল। আইতাই টকা নিদিয়াত দ্বিতীয় মহলাত আইতাকক ছুৰীৰে আঘাত কৰি হত্যা কৰে। ইয়াৰ পাছত সি মাকক সুধিলে। যেতিয়া মাকে টকা দিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া মাকক হত্যা কৰিলে। ইয়াৰ পাছত তেওঁ পিতৃক হত্যা কৰে আৰু শেষত সৰু ভনীয়েক উৰ্বশীকো এৰি নিদিলে পাষণ্ডটোৱে । 
অভিযুক্ত কেশৱে কিছুদিনৰ পূৰ্বে চাকৰি হেৰুৱাইছিল। ড্ৰাগছ আসক্তিক লৈ পৰিয়ালৰ লোকৰ লগত প্ৰায়ে কাজিয়া কৰিছিল। এই দৈনন্দিন কাজিয়াৰ অন্তত তেওঁ উক্ত অপৰাধ সংঘটিত কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু