--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ পালাম অঞ্চলত একেটা পৰিয়ালৰ চাৰিজন লোকক হত্যা কৰাৰ খবৰ চৰ্চাত আছে। নিজৰ পৰিয়ালৰ চাৰিওজন সদস্যক ছুৰীৰে আঘাত কৰি হত্যা কৰিছে এজন যুৱকে। নিহতসকলৰ ভিতৰত আছে পিতৃ-মাতৃ, এগৰাকী ভগ্নী আৰু আইতাক। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই মদ্যপান কৰি পৰিয়ালৰ সদস্যৰ পৰা ধন দাবী কৰিছিল। যেতিয়াই পৰিয়ালে টকাখিনি দিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া তেওঁ তেওঁলোকক হত্যা কৰিলে।

তথ্য অনুসৰি পালাম অঞ্চলৰ অভিযুক্ত কেশৱে আইতাক দীৱানো দেৱী , পিতৃ দীনেশ , মাতৃ দৰ্শনা আৰু ভগ্নী উৰ্বশীক হত্যা কৰে। অভিযুক্তই মদ্যপান কৰি পৰিয়ালৰ লোকৰ পৰা ধন বিচাৰিছিল। পৰিয়ালৰ লোকে ধন দিবলৈ অমান্তি হোৱাত তেওঁ পৰিয়ালৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰে। আচৰিত কথাটো হ'ল পৰিয়ালৰ মানুহবোৰ বেলেগ বেলেগ মহলাত থকা স্বত্বেও তেওঁ বিভিন্ন মহলালৈ গৈ সকলোকে হত্যা কৰিছে।

আৰক্ষী বিষয়াৰ মতে, নিশা প্ৰায় ১১:৩০ বজাত ওপৰৰ মহলাত চিঞৰ-বাখৰ হোৱা বুলি খবৰ পোৱা গৈছে। সেই স্থানত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে চাৰিওজন লোক ৰক্তাক্ত অৱস্থাত পৰি আছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ইফালে বৰ্তমান পালাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেশৱক।

অভিযুক্ত কেশৱ দীৰ্ঘদিন ধৰি মদ্যপান কৰি আছিল। জানিব পৰা মতে তেওঁ প্ৰতিদিনে পৰিয়ালৰ লোকৰ পৰা টকা বিচাৰিছিল। ঘটনাৰ দিনা প্ৰথমে আইতাকৰ পৰা টকা বিচাৰিছিল। আইতাই টকা নিদিয়াত দ্বিতীয় মহলাত আইতাকক ছুৰীৰে আঘাত কৰি হত্যা কৰে। ইয়াৰ পাছত সি মাকক সুধিলে। যেতিয়া মাকে টকা দিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া মাকক হত্যা কৰিলে। ইয়াৰ পাছত তেওঁ পিতৃক হত্যা কৰে আৰু শেষত সৰু ভনীয়েক উৰ্বশীকো এৰি নিদিলে পাষণ্ডটোৱে । 
অভিযুক্ত কেশৱে কিছুদিনৰ পূৰ্বে চাকৰি হেৰুৱাইছিল। ড্ৰাগছ আসক্তিক লৈ পৰিয়ালৰ লোকৰ লগত প্ৰায়ে কাজিয়া কৰিছিল। এই দৈনন্দিন কাজিয়াৰ অন্তত তেওঁ উক্ত অপৰাধ সংঘটিত কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক