ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তালয়ে সকলো জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু ষষ্ঠ অনুসূচিত জিলাৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকসকলক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ কৰ্মসংস্থাপন নিশ্চিতকৰণ আঁচনিৰ বাকী থকা কামসমূহ বিকশিত ভাৰত - গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছনৰ অধীনত শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নির্দেশ প্ৰদান কৰিছে।
আয়ুক্তালয়ৰ পত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৰাজ্যিক চেলৰ দ্বাৰা ভিবি-গ্ৰামগ ছফটৰ উপলব্ধ তথ্যৰ জৰিয়তে কৰা জিলাভিত্তিক পৰ্যালোচনাৰ জৰিয়তে ৩,৪৫,০৬০টা আঁচনি সম্পূৰ্ণ হ'বলৈ বাকী থকাৰ কথা জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ৩,০০,৬৩৯টা আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ লগত জড়িত থকাৰ বিপৰীতে বাকী ৪৪,৪২১টা আঁচনি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ কৰ্মসংস্থাপন নিশ্চিতকৰণ আঁচনিৰ বাকী কামৰ অন্তৰ্গত।
এই বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়ুক্তালয়ে নিৰ্দেশ দিছে যাতে এই কামসমূহ অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰা হয়। ইফালে, এই সন্দৰ্ভত প্ৰকাশিত খবৰৰ প্ৰতিক্ৰিয়াত আয়ুক্তালয়ে দাবী কৰে যে অসমে আঁচনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে।