--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ অবিজেপিশাসিত ৰাজ্যৰ সৈতে সংঘাত বৃদ্ধি পাইছে কেন্দ্ৰৰ৷ বিজেপিশাসিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে মনোমালিন্য বৃদ্ধি পাবলৈ ধৰিছে অবিজেপিশাসিত ৰাজ্যৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিও আস্থা হেৰুৱাইছে তেনে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰে প্ৰধানমন্ত্ৰীৰ সংঘাত সৰ্বজনবিদিত৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী বেনাৰ্জীক প্ৰায়ে সমালোচনাৰ লক্ষ্য কৰি লয় বিজেপিয়ে৷ কেন্দ্ৰৰ ভুল নীতি আৰু জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বলিষ্ঠকণ্ঠে প্ৰতিবাদ কৰি আহিছে মমতা বেনাৰ্জীয়ে৷ পশ্চিম বংগত কোনো সিদ্ধান্তই কেন্দ্ৰই জোৰ কৰি জাপি দিব নোৱাৰে একমাত্ৰ মমতা বেনাৰ্জীৰ দৃঢ় স্থিতিৰ বাবে৷ শেহতীয়াকৈ দেখা গ’ল, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে শাৰীৰিক অসুস্থতাৰ দোহাই দি প্ৰধানমন্ত্ৰীক ৰাজ্যখনত আদৰণি জনোৱাৰ পৰা বিৰত থাকিল৷ চন্দ্ৰশেখৰ ৰাওৰ এই স্থিতি ইতিমধ্যে চৰ্চিত হৈছে৷ একেদৰে, পঞ্জাবৰ সৈতেও কেন্দ্ৰ তথা মোদীৰ সংঘাত দীৰ্ঘদিনীয়া৷ পঞ্জাবৰ মুখ্যমন্ত্ৰী চন্নী আৰু পঞ্জাব কংগ্ৰেছৰ অন্য নেতাৰ বিৰুদ্ধে বিজেপিয়ে ধাৰাবাহিকভাৱে বিভিন্ন অভিযোগত অভিযান অব্যাহত ৰাখিছে৷ নিৰ্বাচনৰ পূৰ্বে পঞ্জাব কংগ্ৰেছৰ মাজত এক চাপ সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সেয়া কৌশল বুলি মন্তব্য কৰিছে পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে৷ অভিযোগ শুনা যায় যে, মূলতঃ শাসকীয় বিজেপিৰ উদ্দেশ্য হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক তচনচ কৰি ৰাষ্ট্ৰীয়তাবাদৰ আগ্ৰাসনেৰে সমগ্ৰ ভাৰতখন শাসন কৰা৷ যিটো গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী এটা বিষয়৷ হিন্দী বলয়ৰ হিন্দুত্ববাদ প্ৰান্তীয় ৰাজ্যবোৰত জাপি দি তেনে ৰাজ্যসমূহৰ ভাষা, কৃষ্টিৰ বিচিত্ৰতা ধ্বংস কৰিব বিচাৰে তেওঁলোকৰ ৰাজনীতিয়ে৷ আৰু তাৰেই বিপৰীতে মমতা বেনাৰ্জীয়ে ধাৰাবাহিকভাৱে স্থিতি গ্ৰহণ কৰি আহিছে৷ কিয়নো, ভাৰতৰ পৰিচয়ে হৈছে অনৈক্যৰ মাজত ঐক্য৷ দেশখনৰ বৰ্ণিল বিচিত্ৰতাই দেশখনৰ প্ৰাথমিক পৰিচয়৷ তেনেস্থলত, বিজেপিৰ আগ্ৰাসী মনোবৃত্তিয়ে অবিজেপিশাসিত ৰাজ্যসমূহৰ সৈতে বৃদ্ধি কৰিছে সংঘাত, আনি দিছে দুৰত্ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু