--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ অবিজেপিশাসিত ৰাজ্যৰ সৈতে সংঘাত বৃদ্ধি পাইছে কেন্দ্ৰৰ৷ বিজেপিশাসিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে মনোমালিন্য বৃদ্ধি পাবলৈ ধৰিছে অবিজেপিশাসিত ৰাজ্যৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিও আস্থা হেৰুৱাইছে তেনে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰে প্ৰধানমন্ত্ৰীৰ সংঘাত সৰ্বজনবিদিত৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী বেনাৰ্জীক প্ৰায়ে সমালোচনাৰ লক্ষ্য কৰি লয় বিজেপিয়ে৷ কেন্দ্ৰৰ ভুল নীতি আৰু জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বলিষ্ঠকণ্ঠে প্ৰতিবাদ কৰি আহিছে মমতা বেনাৰ্জীয়ে৷ পশ্চিম বংগত কোনো সিদ্ধান্তই কেন্দ্ৰই জোৰ কৰি জাপি দিব নোৱাৰে একমাত্ৰ মমতা বেনাৰ্জীৰ দৃঢ় স্থিতিৰ বাবে৷ শেহতীয়াকৈ দেখা গ’ল, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে শাৰীৰিক অসুস্থতাৰ দোহাই দি প্ৰধানমন্ত্ৰীক ৰাজ্যখনত আদৰণি জনোৱাৰ পৰা বিৰত থাকিল৷ চন্দ্ৰশেখৰ ৰাওৰ এই স্থিতি ইতিমধ্যে চৰ্চিত হৈছে৷ একেদৰে, পঞ্জাবৰ সৈতেও কেন্দ্ৰ তথা মোদীৰ সংঘাত দীৰ্ঘদিনীয়া৷ পঞ্জাবৰ মুখ্যমন্ত্ৰী চন্নী আৰু পঞ্জাব কংগ্ৰেছৰ অন্য নেতাৰ বিৰুদ্ধে বিজেপিয়ে ধাৰাবাহিকভাৱে বিভিন্ন অভিযোগত অভিযান অব্যাহত ৰাখিছে৷ নিৰ্বাচনৰ পূৰ্বে পঞ্জাব কংগ্ৰেছৰ মাজত এক চাপ সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সেয়া কৌশল বুলি মন্তব্য কৰিছে পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে৷ অভিযোগ শুনা যায় যে, মূলতঃ শাসকীয় বিজেপিৰ উদ্দেশ্য হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক তচনচ কৰি ৰাষ্ট্ৰীয়তাবাদৰ আগ্ৰাসনেৰে সমগ্ৰ ভাৰতখন শাসন কৰা৷ যিটো গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী এটা বিষয়৷ হিন্দী বলয়ৰ হিন্দুত্ববাদ প্ৰান্তীয় ৰাজ্যবোৰত জাপি দি তেনে ৰাজ্যসমূহৰ ভাষা, কৃষ্টিৰ বিচিত্ৰতা ধ্বংস কৰিব বিচাৰে তেওঁলোকৰ ৰাজনীতিয়ে৷ আৰু তাৰেই বিপৰীতে মমতা বেনাৰ্জীয়ে ধাৰাবাহিকভাৱে স্থিতি গ্ৰহণ কৰি আহিছে৷ কিয়নো, ভাৰতৰ পৰিচয়ে হৈছে অনৈক্যৰ মাজত ঐক্য৷ দেশখনৰ বৰ্ণিল বিচিত্ৰতাই দেশখনৰ প্ৰাথমিক পৰিচয়৷ তেনেস্থলত, বিজেপিৰ আগ্ৰাসী মনোবৃত্তিয়ে অবিজেপিশাসিত ৰাজ্যসমূহৰ সৈতে বৃদ্ধি কৰিছে সংঘাত, আনি দিছে দুৰত্ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক