--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুৰ এখন  ৰেষ্টুৰেণ্টত বিস্ফোৰণ ঘটাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  বাংগালুৰুৰ কুণ্ডলাহাল্লিৰ ৰামেশ্বৰম ৰেষ্টুৰেণ্টত বিস্ফোৰণটো সংঘটিত হয় । ঘটনাটোত পাঁচজন লোক আহত হৈছে। ঘটনাটোৰ পিছতে স্থানীয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয়। 

 কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই নিশ্চিত কৰিছে যে এয়া  এটা আইইডি বিস্ফোৰণ আছিল। প্ৰথমতে ঘটনাটোৰ সৈতে  উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ কৰা হৈছে। ঘটনাটোত কোন জড়িত আছে সেই বিষয়ত আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে । অনুসন্ধানকাৰীসকলে ধাৰণা কৰিছে  যে বিস্ফোৰণটোত কম তীব্ৰতাৰ বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল।

এজন অচিনাক্ত ব্যক্তিয়ে ৰেষ্টুৰেণ্টৰ ভিতৰত বিস্ফোৰক সামগ্ৰী থকা মোনাটো এৰি থৈ গৈছিল।  চিচিটিভি ফুটেজ পৰীক্ষা কৰি এই কথা নিশ্চিত কৰা হৈছে।  
 
কেন্দ্ৰীয় বাংগালুৰুৰ বিজেপি সাংসদ পিচি মোহনে এক্সত লিখিছে, "ৰামেশ্বৰম ৰেষ্টুৰেণ্টত  বিস্ফোৰণৰ বিষয়ে শুনি মই দুখিত। আহত আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জনাইছো। মই প্ৰশাসনক বাংগালুৰুৰ বাসিন্দাসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছো। বাংগালুৰুৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তেওঁ কয়  "বিস্ফোৰণৰ বিষয়ে খবৰ পোৱাৰ পিছত আমি ঘটনাস্থলীলৈ ততাতৈয়াকৈ  গৈছিলো," ।বিস্ফোৰণস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিবলৈ এটা ফৰেনচিক দলো ঘটনাস্থলীত উপস্থিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী