--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুৰ এখন  ৰেষ্টুৰেণ্টত বিস্ফোৰণ ঘটাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  বাংগালুৰুৰ কুণ্ডলাহাল্লিৰ ৰামেশ্বৰম ৰেষ্টুৰেণ্টত বিস্ফোৰণটো সংঘটিত হয় । ঘটনাটোত পাঁচজন লোক আহত হৈছে। ঘটনাটোৰ পিছতে স্থানীয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয়। 

 কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই নিশ্চিত কৰিছে যে এয়া  এটা আইইডি বিস্ফোৰণ আছিল। প্ৰথমতে ঘটনাটোৰ সৈতে  উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ কৰা হৈছে। ঘটনাটোত কোন জড়িত আছে সেই বিষয়ত আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে । অনুসন্ধানকাৰীসকলে ধাৰণা কৰিছে  যে বিস্ফোৰণটোত কম তীব্ৰতাৰ বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল।

এজন অচিনাক্ত ব্যক্তিয়ে ৰেষ্টুৰেণ্টৰ ভিতৰত বিস্ফোৰক সামগ্ৰী থকা মোনাটো এৰি থৈ গৈছিল।  চিচিটিভি ফুটেজ পৰীক্ষা কৰি এই কথা নিশ্চিত কৰা হৈছে।  
 
কেন্দ্ৰীয় বাংগালুৰুৰ বিজেপি সাংসদ পিচি মোহনে এক্সত লিখিছে, "ৰামেশ্বৰম ৰেষ্টুৰেণ্টত  বিস্ফোৰণৰ বিষয়ে শুনি মই দুখিত। আহত আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জনাইছো। মই প্ৰশাসনক বাংগালুৰুৰ বাসিন্দাসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছো। বাংগালুৰুৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তেওঁ কয়  "বিস্ফোৰণৰ বিষয়ে খবৰ পোৱাৰ পিছত আমি ঘটনাস্থলীলৈ ততাতৈয়াকৈ  গৈছিলো," ।বিস্ফোৰণস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিবলৈ এটা ফৰেনচিক দলো ঘটনাস্থলীত উপস্থিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু