--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভা ত অসমৰ দুখনকৈ আসন এইবৰ্ষৰ এপ্ৰিল মাহত খালী হ’ব। খালী দুয়োখন আসনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে সমীকৰণ আৰম্ভ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে দুয়োখন আসনেই বিজেপিয়ে দখল কৰিব। ইয়াৰ বাবে ৰাজনৈতিক দলসমূহৰ সৈতে সকলো ধৰণৰ বুজাপৰা এবছৰৰ আগেয়েই ঠিক হৈ আছে। কিন্তু এতিয়াও বিৰোধী দলসমূহ, বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ নিজৰ বিশ্বাসত অটল আছে। এতিয়ালৈ কংগ্ৰেছৰ ভূপেন বৰা আৰু ৰিপুন বৰাৰ নাম ৰাজ্যসভাৰ বাবে চৰ্চাত আছে। কিন্তু বিজেপিৰ ফালৰ কোন প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হ’ব সেই ইংগিত এতিয়ালৈ কোনোৱে প্ৰদান কৰা নাই। কিন্তু ইয়াৰ মাজতে কেইজনমান নেতাৰ নাম চৰ্চালৈ অহা দেখিবলৈ পোৱা গৈছে। এয়া কোনো আচৰিত হ’ব লগা কথা নহয় যে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে এইবাৰ চৰ্চালৈ আহিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা, প্ৰাক্তন সাংসদ তথা উজনি অসমৰ প্ৰভাৱশালী চাহ শ্ৰমিক গোষ্ঠীৰ নেতা পৱন সিং ঘাটোৱাৰৰ নাম। যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা অসম আৰক্ষী অধিক্ষকসকলৰ সন্মিলনৰ নৈশ ভোজত পৱন সিং ঘাটোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল। সেই কথাই ৰাজ্যৰ ৰাজনৈতিক মহলত মৃদু গুজৰৱৰ সৃষ্টি কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে দুয়োৱে এয়া ব্যক্তিগত সম্পৰ্ক বুলি উল্লেখ কৰিছিল। কিন্তু তাত কোনো ব্যক্তিগত কথাই নহয় বৰং ৰাজ্যসভাৰ আসনৰ বিষয়েটোৱেহে প্ৰাধান্য পাইছিল বুলি এতিয়া ৰাজনৈতিক মহলত চৰ্চা অব্যাহত। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ লগতে আনখন আসনৰ বাবে হাগ্ৰামা মহিলাৰী আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ নামো চৰ্চাত আছে। বিশেষ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি চন্দ্ৰমোহন পাটোৱাৰীক হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ পৰা আঁতৰাই সেই ঠাইত জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্তিৰ কুচ-কাৱাজ চলাইছে মুখ্যমন্ত্ৰীয়ে। যাৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক ৰাজ্যসভালৈ প্ৰক্ষেপৰ চিন্তা-চৰ্চা কৰি থকা দেখা গৈছে। আনফালে দুয়োখন আসন দখলৰ বাবে বিজেপিৰ সকলো ৰাজনৈতিক সমীক্ষা সম্পূৰ্ণ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। কিন্তু ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে বিৰোধীক প্ৰয়োজন হোৱা পৰিমাণৰ ভোট থকাৰ পাছতো এনে কি সমীকৰণ মুখ্যমন্ত্ৰীয়ে ওলিয়াইছে, যাৰ দ্বাৰা দুয়োখন আসন বিজেপিয়ে লাভ কৰিব সেয়া চিন্তনীয় বিষয়। বিজেপিয়ে সততে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিশেষ সম্প্ৰদায়ৰ ভোটেৰে জয়ী হোৱা এ আই ইউ ডি এফ-ৰ সৈতেও এইবাৰ ৰাজ্যসভাৰ আসনৰ ক্ষেত্ৰত বিজেপি বুজাবুজিত উপনীত হোৱা বুলিও চৰ্চা অব্যাহত আছে। ৰাজ্যসভা কেন্দ্ৰিক ৰাজ্যৰ ৰাজনীতি ক্ৰমাত্ আকৰ্ষণীয় হৈ পৰিছে। সময়তহে দেখিবলৈ পোৱা যাব, দুয়োখন আসনেই বিজেপিৰ কৱললৈ যাব নে দ্বিতীয়খন আসনত কংগ্ৰেছ অটল থাকিব। ৰাজ্যসভাৰ আসনৰ বাবেই কংগ্ৰেছৰ দীৰ্ঘদিনীয়া সম্পৰ্ক ছেদ কৰি পৱন সিং ঘাটোৱাৰে বিজেপিৰ শৰণাপন্ন হ’ব নেকি, সেয়াও ৰাজ্যবাসীৰ বাবে এক উত্সুকতাৰ বিষয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু