--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভা ত অসমৰ দুখনকৈ আসন এইবৰ্ষৰ এপ্ৰিল মাহত খালী হ’ব। খালী দুয়োখন আসনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে সমীকৰণ আৰম্ভ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে দুয়োখন আসনেই বিজেপিয়ে দখল কৰিব। ইয়াৰ বাবে ৰাজনৈতিক দলসমূহৰ সৈতে সকলো ধৰণৰ বুজাপৰা এবছৰৰ আগেয়েই ঠিক হৈ আছে। কিন্তু এতিয়াও বিৰোধী দলসমূহ, বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ নিজৰ বিশ্বাসত অটল আছে। এতিয়ালৈ কংগ্ৰেছৰ ভূপেন বৰা আৰু ৰিপুন বৰাৰ নাম ৰাজ্যসভাৰ বাবে চৰ্চাত আছে। কিন্তু বিজেপিৰ ফালৰ কোন প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হ’ব সেই ইংগিত এতিয়ালৈ কোনোৱে প্ৰদান কৰা নাই। কিন্তু ইয়াৰ মাজতে কেইজনমান নেতাৰ নাম চৰ্চালৈ অহা দেখিবলৈ পোৱা গৈছে। এয়া কোনো আচৰিত হ’ব লগা কথা নহয় যে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে এইবাৰ চৰ্চালৈ আহিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা, প্ৰাক্তন সাংসদ তথা উজনি অসমৰ প্ৰভাৱশালী চাহ শ্ৰমিক গোষ্ঠীৰ নেতা পৱন সিং ঘাটোৱাৰৰ নাম। যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা অসম আৰক্ষী অধিক্ষকসকলৰ সন্মিলনৰ নৈশ ভোজত পৱন সিং ঘাটোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল। সেই কথাই ৰাজ্যৰ ৰাজনৈতিক মহলত মৃদু গুজৰৱৰ সৃষ্টি কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে দুয়োৱে এয়া ব্যক্তিগত সম্পৰ্ক বুলি উল্লেখ কৰিছিল। কিন্তু তাত কোনো ব্যক্তিগত কথাই নহয় বৰং ৰাজ্যসভাৰ আসনৰ বিষয়েটোৱেহে প্ৰাধান্য পাইছিল বুলি এতিয়া ৰাজনৈতিক মহলত চৰ্চা অব্যাহত। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ লগতে আনখন আসনৰ বাবে হাগ্ৰামা মহিলাৰী আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ নামো চৰ্চাত আছে। বিশেষ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি চন্দ্ৰমোহন পাটোৱাৰীক হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ পৰা আঁতৰাই সেই ঠাইত জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্তিৰ কুচ-কাৱাজ চলাইছে মুখ্যমন্ত্ৰীয়ে। যাৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক ৰাজ্যসভালৈ প্ৰক্ষেপৰ চিন্তা-চৰ্চা কৰি থকা দেখা গৈছে। আনফালে দুয়োখন আসন দখলৰ বাবে বিজেপিৰ সকলো ৰাজনৈতিক সমীক্ষা সম্পূৰ্ণ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। কিন্তু ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে বিৰোধীক প্ৰয়োজন হোৱা পৰিমাণৰ ভোট থকাৰ পাছতো এনে কি সমীকৰণ মুখ্যমন্ত্ৰীয়ে ওলিয়াইছে, যাৰ দ্বাৰা দুয়োখন আসন বিজেপিয়ে লাভ কৰিব সেয়া চিন্তনীয় বিষয়। বিজেপিয়ে সততে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিশেষ সম্প্ৰদায়ৰ ভোটেৰে জয়ী হোৱা এ আই ইউ ডি এফ-ৰ সৈতেও এইবাৰ ৰাজ্যসভাৰ আসনৰ ক্ষেত্ৰত বিজেপি বুজাবুজিত উপনীত হোৱা বুলিও চৰ্চা অব্যাহত আছে। ৰাজ্যসভা কেন্দ্ৰিক ৰাজ্যৰ ৰাজনীতি ক্ৰমাত্ আকৰ্ষণীয় হৈ পৰিছে। সময়তহে দেখিবলৈ পোৱা যাব, দুয়োখন আসনেই বিজেপিৰ কৱললৈ যাব নে দ্বিতীয়খন আসনত কংগ্ৰেছ অটল থাকিব। ৰাজ্যসভাৰ আসনৰ বাবেই কংগ্ৰেছৰ দীৰ্ঘদিনীয়া সম্পৰ্ক ছেদ কৰি পৱন সিং ঘাটোৱাৰে বিজেপিৰ শৰণাপন্ন হ’ব নেকি, সেয়াও ৰাজ্যবাসীৰ বাবে এক উত্সুকতাৰ বিষয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ