--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জনতা ভৱনত সম্পন্ন হ’ল সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই। এই বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্ত সম্পৰ্কত মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। সংবাদ মাধ্যমৰ আগত তেওঁ আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰা অনুসৰি আজি ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত। এইবোৰ হৈছে-- ???? ৯৫৮ কোটি টকাৰে ৰাজ্যৰ ১১৪ টা মথাউৰিৰ ওপৰত পকী পথ আৰু ৬খন দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰায় ১ হাজাৰ কিলোমিটাৰ মথাউৰি সামৰি লোৱা হ'ব। লগতে মথাউৰিৰ সংৰক্ষণ হ'ব। ইয়াৰ যোগেদি গ্ৰাম্য অঞ্চলসমূহৰ উন্নয়নত সহায়ক হ'ব বুলি আশা কৰা হৈছে। ???? আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত অনুসৰি তামুলপুৰ মেডিকেল কলেজৰ বাবে ৪৫০ কোটি আবণ্টন দিয়া হৈছে। ???? ১ হাজাৰ ৩১ কোটি টকা আৱণ্টন দিয়া হৈছে ৰাজ্যৰ ৫ টা মূল পথৰ বাবে। ???? মৰিয়নি নগৰত বাস কৰা মাটিৰ পট্টা নথকা লোকসকলৰ বাবে আজিৰ পৰা ১০৩টা পৰিয়ালক ভূমিৰ আৱণ্টন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে। ???? শিলচৰ পৌৰসভাক এতিয়াৰে পৰা পৌৰনিগম হিচাপে ধৰা হ'ব বুলি আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ???? যোৰহাটৰ ৰৰৈয়া বিমানকোঠৰ সম্প্ৰসাৰণৰ বাবে ১৫৬.৯ কোটি টকা আৱণ্টন দিছে কেবিনেটে। ???? ‘জল জীৱন মিছন’ৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা হয় কেবিনেটত। তদুপৰি চৰকাৰে ১০ লাখ মেট্ৰিকটন ধান কিনাৰ বাবে প্ৰস্তুতি কৰিছে বুলিও প্ৰকাশ কৰে। এতিয়া বজাৰত প্ৰতি কুইণ্টল ধানৰ দাম হৈছে ১০০০ টকা। কিন্তু FCIয়ে যদিহে ক্ৰয় কৰে তেন্তে ১৯০০ টকালৈকে কৃষকসকলে লাভ কৰিব। ???? কেন্দ্ৰীয় বাজেটক লৈও কেবিনেটত আলোচনা হয়। অসমে বাজেটৰ পৰা কি কি পাব সেই সম্বন্ধেও বিস্তৃত ৰূপত আলোচনা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ