--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জনতা ভৱনত সম্পন্ন হ’ল সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই। এই বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্ত সম্পৰ্কত মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। সংবাদ মাধ্যমৰ আগত তেওঁ আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰা অনুসৰি আজি ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত। এইবোৰ হৈছে-- ???? ৯৫৮ কোটি টকাৰে ৰাজ্যৰ ১১৪ টা মথাউৰিৰ ওপৰত পকী পথ আৰু ৬খন দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰায় ১ হাজাৰ কিলোমিটাৰ মথাউৰি সামৰি লোৱা হ'ব। লগতে মথাউৰিৰ সংৰক্ষণ হ'ব। ইয়াৰ যোগেদি গ্ৰাম্য অঞ্চলসমূহৰ উন্নয়নত সহায়ক হ'ব বুলি আশা কৰা হৈছে। ???? আজিৰ কেবিনেট বৈঠকত সিদ্ধান্ত অনুসৰি তামুলপুৰ মেডিকেল কলেজৰ বাবে ৪৫০ কোটি আবণ্টন দিয়া হৈছে। ???? ১ হাজাৰ ৩১ কোটি টকা আৱণ্টন দিয়া হৈছে ৰাজ্যৰ ৫ টা মূল পথৰ বাবে। ???? মৰিয়নি নগৰত বাস কৰা মাটিৰ পট্টা নথকা লোকসকলৰ বাবে আজিৰ পৰা ১০৩টা পৰিয়ালক ভূমিৰ আৱণ্টন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে। ???? শিলচৰ পৌৰসভাক এতিয়াৰে পৰা পৌৰনিগম হিচাপে ধৰা হ'ব বুলি আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ???? যোৰহাটৰ ৰৰৈয়া বিমানকোঠৰ সম্প্ৰসাৰণৰ বাবে ১৫৬.৯ কোটি টকা আৱণ্টন দিছে কেবিনেটে। ???? ‘জল জীৱন মিছন’ৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা হয় কেবিনেটত। তদুপৰি চৰকাৰে ১০ লাখ মেট্ৰিকটন ধান কিনাৰ বাবে প্ৰস্তুতি কৰিছে বুলিও প্ৰকাশ কৰে। এতিয়া বজাৰত প্ৰতি কুইণ্টল ধানৰ দাম হৈছে ১০০০ টকা। কিন্তু FCIয়ে যদিহে ক্ৰয় কৰে তেন্তে ১৯০০ টকালৈকে কৃষকসকলে লাভ কৰিব। ???? কেন্দ্ৰীয় বাজেটক লৈও কেবিনেটত আলোচনা হয়। অসমে বাজেটৰ পৰা কি কি পাব সেই সম্বন্ধেও বিস্তৃত ৰূপত আলোচনা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু