--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ বিজেপি সাংসদ আলফন্স কান্নানথানামৰ এটা মন্তব্য দেশজুৰি চৰ্চিত হৈছে৷ তেওঁ কয়, নিয়োগৰ পথ দেখুওৱা বাবে ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি আম্বানী, আদানিক নিয়োগ সৃষ্টিৰ বাবে উপাসনা কৰা উচিত৷ যিসকল লোকে ধন বিনিয়োগ কৰি চাকৰি সৃষ্টি কৰে আৰু তেওঁলোকক সন্মান জনোৱা প্ৰয়োজন৷ ৰাজ্যসভাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত বিজেপি সাংসদ কে জে আলফন্সে কয় যে, নিযুক্তিৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত শীৰ্ষ উদ্যোগপতিসকলৰ কাম আৰু অৱদানক স্বীকৃতি দিব লাগিব। কেৰালাৰ সাংসদজনে আৰু কৈছিল যে মুকেশ আম্বানী আৰু গৌতম আদানিৰ দৰে উদ্যোগপতিসকলক ইয়াৰ বাবে পূজা কৰিব লাগিব। তেওঁ লগতে কয় যে, কোনোবাই মোক পুঁজিপতিৰ মুখপাত্ৰ বুলি অভিযোগ কৰিব পাৰে। কিন্তু, এই দেশত চাকৰি সৃষ্টি কৰা ৰিলায়েন্স হওক, আম্বানী হওক, আদানি বা আন কোনোৱেই হওক তেওঁলোকক উপাসনা কৰিবই লাগিব। কিয়নো, তেওঁলোকে চাকৰি প্ৰদান কৰে৷ গোলকীয় অসমতা এক সত্য বুলি স্বীকাৰ কৰি আলফন্সে বিৰোধীপক্ষক সমালোচনা কৰি কয় যে দেশৰ দুজন লোকৰ সম্পদ বৃদ্ধি পাইছে। সাংসদজনে উল্লেখ কৰে যে ইলন মাস্ক, লেৰী পেজ, জেফ বেজোছ আৰু বিল গেটছৰ দৰে বিশ্বব্যাপী কৰ্পোৰেট ব্যৱসায়ীসকলৰ সম্পদ বৃদ্ধি পাইছে। টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া মাস্কৰ উদাহৰণ দাঙি ধৰি আলফন্সে কয় যে তেওঁৰ সম্পত্তি ১০১৬ শতাংশ বৃদ্ধি পাইছে। গুগলৰ প্ৰতিষ্ঠাপক লেৰী পেজৰ সম্পদ ১২৬ শতাংশ বৃদ্ধি পাইছে। বেজোছৰ সম্পদ ৬৭ শতাংশ বৃদ্ধি পাইছে। এই সকলো শীৰ্ষ ১০ জনৰ ভিতৰত আটাইতকৈ কম হৈছে বিল গেটছ। তেওঁৰ সম্পত্তিৰ ৩০ শতাংশ বৃদ্ধি হৈছে৷ আলফন্সে তেতিয়া শাসকীয় চৰকাৰৰ সাফল্যৰ পৰিপূৰক হৈ কয় যে, চৰকাৰে বিগত সাত বছৰত পূৰ্বৰ চৰকাৰবোৰে লাভ কৰা সফলতাতকৈ অধিক সফলতা অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ