--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শশী থাৰুৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ এইগৰাকী সুদৰ্শন সাংসদ ৰাজনৈতিক কাম-কাজৰ বাবে যিমান চৰ্চাত থাকে, তাতোকৈ বেছি চৰ্চাত থাকে তেওঁৰ ইংৰাজী জ্ঞান আৰু টুইটবোৰৰ বাবে। অতি দীঘল দীঘল আৰু ব্যতিক্ৰমী ইংৰাজী শব্দ ব্যৱহাৰ কৰি থাৰুৰে কৰা টুইটৰ অৰ্থ উদ্ধাৰ কৰাৰ বাবেও প্ৰয়োজন হয় বিশেষ কচৰত। ইংৰাজী ভাষাৰ এইগৰাকী বিদগ্ধ পণ্ডিত তথা লেখককে যদি কোনোবাই ইংৰাজী জ্ঞান দিয়ে তেন্তে সেয়া স্বাভাৱিকতেই চৰ্চাৰ বিষয় গৈ পৰে। কিন্তু সেয়াই ঘটিছে এইবাৰ শশী থাৰুৰৰ ইংৰাজী শুধৰাই দিয়াৰ মৰসাহ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেই। ৰামদাস আঠাৱালে হৈছে আৰপিআই দলৰ নেতা আৰু কেন্দ্ৰৰ এনডিএ চৰকাৰৰ এগৰাকী অংশীদাৰ। অতি সৰস আৰু তৰল কথা-বতৰাৰ বাবে তেওঁ সততে চৰ্চাত থাকে। কৰ’নাৰ সময়ত তেওঁ ‘গো কৰ’না গো’ ধ্বনি দি বিশেষ চৰ্চা লাভ কৰিছিল। এইগৰাকী মন্ত্ৰীয়ে এতিয়া ইংৰাজী শিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ স্বয়ং শশী থাৰুৰৰে ইংৰাজী শুধৰোৱাৰ কাম আৰম্ভ কৰিছে। প্ৰকৃত ঘটনাটো হৈছে এনেধৰণ—কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটক লৈ বিৰোধীয়ে সমালোচনা অব্যাহত ৰাখিছে। বাজেটক অন্তঃসাৰশূন্য আৰু বাস্তৱৰ পৰা নিলগৰ বুলি অভিহিত কৰি সমালোচনা কৰাসকলৰ ভিতৰত অগ্ৰণী হৈছে শশী থাৰুৰো। নিৰ্মলা সীতাৰমণে বাজেট বিতৰ্কৰ উত্তৰ দি থকা সময়ত ৰামদাস আঠাৱালেৰ এটা বিশেষ মুখভংগীৰ আলোকচিত্ৰ টুইটাৰত শ্বেয়াৰ কৰিছিল থাৰুৰে। নিৰ্মলা সীতাৰমণে বাজেট বিতৰ্কত উত্তৰ দি থকা সময়ত এক উদ্ভট ভংগিৰে বহি আছিল আঠাৱালে। সেই আলোকচিত্ৰ টুইট কৰি শশী থাৰুৰে লিখিছিল, ‘প্ৰায় দুঘণ্টা ধৰি বাজেট বিতৰ্কৰ উত্তৰ শুনাৰ পাছত মাননীয় মন্ত্ৰী ৰামদাস আঠাৱালেৰ চকিত আৰু অবিশ্বাস্য মুখভংগীয়ে সকলো কথা কৈছে। আনকি ‘ট্ৰেজাৰী বেঞ্চ’য়েও নিৰ্মলা সীতাৰমণৰ বাজেটত অৰ্থনীতি সম্পৰ্কে কৰা দাবী সমূহ মানি ল’ব পৰা নাই।’ এই টুইটটোত থাৰুৰে বাজেট শব্দটো ‘বাইজেট’ (Bydge) আৰু ৰিপ্লাই শব্দটো চমুৱাই ‘rely’ বুলি লিখিছিল। পিছে থাৰুৰ এই শব্দৰ কাৰচাজিক ‘চুঙা চাই সোপা’ দিলে ৰসাল মন্ত্ৰী আঠাৱালেই। ইংৰাজীৰ ‘বাঘ’ শশী থাৰুৰক তেওঁৰ ভুল শুধৰাই দি আঠাৱালেই প্ৰত্যুত্তৰ দিয়ে যে, শশী থাৰুৰ ডাঙৰীয়া কিছুমান অপ্ৰয়োজনীয় দাবী আৰু মন্তব্য কৰিলে এইধৰণৰ ভুল হোৱাটো অৱধাৰিত। আপুনি লিখাৰ দৰে শব্দটো “Bydget”নহয় BUDGETহে। তদুপৰি rely বুলিও শব্দ নাই এয়া হ’ব লাগিথিল “reply”হে! যা হওক আমি বুজি পাইছোঁ বাৰু! শশী থাৰুৰ আৰু আঠাৱালেৰ এই সৰস আক্ৰমণ-প্ৰত্যাক্ৰমণে এতিয়া টুইটাৰত বিশেষ চৰ্চা লাভ কৰিছে। বহুতেই এতিয়া ৰসিকতাৰে আঠাৱালেক সকীয়াই দিছে চাব আপোনাৰ মুখলৈ ব্ৰহ্মাস্ত্ৰসদৃশ ‘ইংৰাজী শব্দৰ গোলা’ নিক্ষেপ কৰিব শশী থাৰুৰে। পিছে থাৰুৰৰ কটাক্ষক নিৰস্ত কৰিবলৈ আঠাৱালেই গ্ৰহণ কৰা পন্থাকো বহুতেই শলাগিছে। ঠাৰুৰে পাছত তেওঁৰ টুইটৰ উত্তৰো দিয়া দেখা যায়। তেওঁ লিখিছে যে, শব্দৰ ভুলৰ সলনি মই আঙুলিয়াই দিয়া অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰলৈ লক্ষ্য কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ