--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে মধ্যপ্ৰদেশত কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন ডকাইত মালখান সিঙে৷য’ত কেইমাহমানৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

১৯৮২ চনত আত্মসমৰ্পণ কৰাৰ পূৰ্বে দুটা দশক ধৰি ৰাজ্যখনৰ চম্বল অঞ্চলত ভয়ংকৰ ডকাইত হিচাপে পৰিচিত আছিল মালখান সিং৷কংগ্ৰেছ দলৰ ৰাজ্যিক মুৰব্বী কমল নাথ আৰু বিৰোধী দলৰ নেতা ড০ গোবিন্দ সিঙৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰাৰ পাছত প্ৰাক্তন ডকাইতগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত গোৱালিয়ৰ-চম্বল অঞ্চলৰ পৰা বিজেপিক নিঃশেষ কৰা হ’ব বুলি মন্তব্য কৰে।

এই উপলক্ষে শাসকীয় বিজেপিয়ে দুটা দশকজোৰা শাসনকালত জনসাধাৰণৰ মাজত ভয় আৰু সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে কমলনাথে। বিজেপি চৰকাৰক ভোট আউট কৰিবলৈ ৰাইজে সিদ্ধান্ত লৈছে বুলিও তেওঁ কয়। মালখান সিঙে সাংবাদিকৰ আগত কয় যে তেওঁ সদায় অন্যায়ৰ বিৰুদ্ধে কাম কৰিছিল আৰু ইয়াৰ পূৰ্বেও বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল।

শাসকীয় শাসন ব্যৱস্থাই মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বিজেপি নেতাসকলে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।উল্লেখ্য যে কংগ্ৰেছৰ এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে শিক্ষা বিভাগৰ প্ৰাক্তন বিষয়া সন্তোষ শৰ্মায়ো ১২০০ সমৰ্থকৰ সৈতে কংগ্ৰেছ দলত যোগদান কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ