--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ জয়া বচ্চনৰ খঙৰ কথা বহুতেই ভালদৰে জানে। বহুবাৰ তেওঁ পাপাৰাজ্জিক খেদি যোৱাৰো নজিৰ আছে৷  শেহতীয়াকৈ জয়া বচ্চনে  ৰাজ্যসভাৰ অধিৱেশনৰ সময়ত উপ ৰাষ্ট্ৰপতিলৈ আঙুলি টোৱাই কথা কোৱাৰ এটা ভিডিঅ' পোহৰলৈ আহিছে৷ ভিডিঅ’টো চাই  টুইটাৰ ব্যৱহাৰকাৰী বহুতে  সাংসদগৰাকীৰ  বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। জয়া বচ্চনক ভিডিঅ'টোত বহুত খং কৰা দেখা গৈছে। 

ভিডিঅ'টোত জয়া বচ্চনে সদনৰ উপ-ৰাষ্ট্ৰপতিৰ চকীৰ ফালে আঙুলি দেখুৱাই কিবা কোৱা দেখা গৈছে। সেই সময়ত, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে  ৰাজ্যসভাত তেওঁৰ চকীত বহি আছিল। ভিডিঅ'টোত উপ-ৰাষ্ট্ৰপতি  তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰক আসনৰ পৰা থিয় হৈ সকলোকে তেওঁলোকৰ আসনত বহিবলৈ কোৱা দেখা গৈছে। ইফালে, জয়া বচ্চনে ধনখৰৰ ওচৰলৈ পৰা গৈ নিজৰ খং প্ৰকাশ কৰিছে।

মানুহে টুইটাৰত সদনত সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীৰ  এনে আচৰণক সমালোচনা কৰিছে। বহু  ব্যৱহাৰকাৰীয়ে ভিডিঅ'টোৰ ক্লিপটো শ্বেয়াৰ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছিল, "জয়া বচ্চনে পুনৰ নিজৰ খং দেখুৱাইছে  আৰু সংসদত মৰ্যাদাৰ সীমা অতিক্ৰম কৰিছিল।"

এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "জয়া বচ্চন কেতিয়াবা সুখী নেকি? তেওঁলোকৰ মুখত সদায় এক বিৰক্তিৰ ভাবহে  থাকে দেখোন, সদায় ৰাজহুৱাস্থানত যুঁজি থাকে। মই আচৰিত হওঁ যে তেওঁলোকৰ ভিতৰত কিয় ইমান তিক্ততা আছে।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন