--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃত্ৰিপুৰা বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল। দশকৰ পিছত দশক ধৰি বাও শিবিৰৰ দখলত থকা ত্ৰিপুৰাত যোৱা নিৰ্বাচনত বিজেপিয়ে ইতিহাস সৃষ্টি কৰি বিজয়ী হৈছিল। কিন্তু ৰাজ্য খনত এইবাৰ বিজেপিৰ বাবে কেইবাটাও প্ৰত্যাহ্বান আছে।বিশেষকৈ তৃণমূল কংগ্ৰেছে ৰাজ্য খনত বিজেপিৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

 সেয়ে বংগত বিজেপিৰ বাবে তৃণমূল শত্ৰু হ'লেও ত্ৰিপুৰাত তৃণমূলক সমীহৰ দৃষ্টিৰে চাইছে বিজেপিয়ে। কংগ্ৰেছে মমতা বেনাৰ্জীৰ দলক গেৰুৱা দলে সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। ত্ৰিপুৰাত বিজেপিক সমৰ্থন কৰিবলৈ তৃণমূল কংগ্ৰেছে "খেল খেলি আছে" কিন্তু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-বাওঁ মিত্ৰজোঁটৰ সম্ভাৱনাক উলাই কৰিব নোৱাৰিব বুলি কংগ্ৰেছে সকিয়াই দিছে।  ৰাজ্যখনৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰে এই হংকাৰ দিয়ে । উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাওঁ-কংগ্ৰেছ মিত্ৰজোঁটক সমালোচনা কৰাৰ এদিন পিছতে কুমাৰে দৃঢ়তাৰে কয় যে ত্ৰিপুৰাত কংগ্ৰেছ আৰু চিপিআই(এম)ৰ মাজত "ৰাজনৈতিক বুজাপৰা " শক্তিশালী পৰ্যায়ত আছে।

উল্লেখ্য ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাত, ২০ খন আসন জনজাতীয় অঞ্চলৰ বাবে সংৰক্ষিত।
কালি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰচলোৱাৰ সময়ত কেৱল বাও দল আৰু কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লৈছিল।মোদীয়ে এবাৰৰ বাবেও তৃণমূলৰ কথা উল্লেখ কৰা নাছিল।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ অম্বাচাত বিজয় সংকল্প ৰেলীত অংশগ্ৰহণ কৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু